গৃহ মন্ত্ৰালয়
সংগঠিত ড্ৰাগছ ছিণ্ডিকেট
प्रविष्टि तिथि:
02 DEC 2025 3:22PM by PIB Guwahati
চৰকাৰে ভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক ড্ৰাগছ আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে ঘনিষ্ঠ সমন্বয়েৰে দেশত ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ সমন্বিত ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰে কেতবোৰ ব্যৱস্থা সম্পৰ্কে তলত উল্লেখ কৰা হৈছেঃ -
-
- কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বয় সাধন কৰা ৪-টায়াৰ নাৰ্ক’-সমন্বয় কেন্দ্ৰ (NCORD) ব্যৱস্থা গঠন কৰা হৈছে।
- সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলতে এন্টি-নাৰ্ক’টিকছ টাস্ক ফ’ৰ্চ (ANTF) স্থাপন কৰা হৈছে, যিসমূহে স্থানীয় বলবৎকৰণৰ ক্ষেত্ৰত এনচিঅ’আৰডি সচিবালয় হিচাপেও কাম কৰে।
- বুজন পৰিমাণৰ ড্ৰাগছ জব্দৰ তদন্ত চোৱাচিতা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্য্যায়ত যুটীয়া সমন্বয় কমিটি (JCC) গঠন কৰা হৈছে।
- সীমান্ত আৰু ৰেলপথত বলবৎ কৰাৰ বাবে এনডিপিএছ আইনৰ অধীনত সীমান্তৰক্ষী বাহিনী আৰু ৰেলৱে সুৰক্ষা বাহিনীক ক্ষমতা প্ৰদান কৰা হৈছে।
- এক বৃহৎ অগ্ৰগতি হিচাপে এটিএছ গুজৰাট আৰক্ষীয়ে ০৩-০৮-২০২৪ ত ভীৱাণ্ডী (মহাৰাষ্ট্ৰ)-ত অভিযান চলাই ১০.৯৬৯ কিগ্ৰা গোটা মেফেড্ৰন আৰু ৭৮১.৪৬৩ কিগ্ৰা তৰল মেফেড্ৰন জব্দ কৰিছিল। এই সন্দৰ্ভত ০২ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
- এনচিবিয়ে নৌসেনা, ক’ষ্ট গাৰ্ড, সীমান্ত সুৰক্ষা বাহিনী আৰু ৰাজ্যিক এএনটিএফ-ৰ দৰে আন-আন সংস্থাৰ সৈতে সহযোগিতা কৰি যৌথভাৱে ড্ৰাগছ বিৰোধী অভিযান গ্ৰহণ কৰিছে।
- বন্দৰসমূহত চালানসমূহৰ ইলেক্ট্ৰনিক স্কেনিঙৰে ড্ৰাগছ ধৰা পেলোৱা হয়।
- ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতে গভীৰ সমন্বয়ৰ বাবে, বাস্তৱ-সময়ৰ চোৰাংচোৱাৰ আদান-প্ৰদান আৰু ফলপ্ৰসূ কাৰ্য্যকৰী দক্ষতাৰ বাবে নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰ’ (NCB)-ৰ মহাৰাষ্ট্ৰত ০১ আঞ্চলিক কাৰ্য্যালয়, ০১ মাণ্ডলিক কাৰ্য্যালয় আৰু ০১ ক্ষেত্ৰীয় কাৰ্য্যালয় কাৰ্য্যক্ষম হৈ আছে।
-
- ড্ৰাগছ আইন প্ৰয়োগ, চোৰাংচোৱাৰ আদান-প্ৰদান, তদন্ত আৰু সামৰ্থ্য বিকাশৰ বাবে এনচিঅ’আৰডি পৰ্টেল, ক্ৰাইম এণ্ড ক্রিমিনেল ট্ৰেকিং নেটৱৰ্ক চিষ্টেম (CCTNS), নেচনেল ইন্টিগ্রেটেড ডাটাবেছ অন এৰেষ্টেড নার্ক’-অফেণ্ডাৰ (NIDAAN), নেচনেল অট’মেটেড ফিংগাৰ প্রিন্ট আইডেন্টিফিকেচন চিষ্টেম (NAFIS) ইত্যাদি একাধিক ডিজিটেল পদক্ষেপ অব্যাহত আছে।
নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ (NCRB) ২০২৩ বৰ্ষৰ শেহতীয়া তথ্য অনুসৰি, ২০২২ আৰু ২০২৩ ৰ ভিতৰত মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ কৰা ব্যক্তি (PAR), ড্ৰাগছ জব্দ আৰু দোষী সাব্যস্ত হোৱা ব্যক্তিৰ (PCV) পৰিসংখ্যা তলত উল্লেখ কৰা হৈছেঃ -
|
বৰ্ষ
|
পিএআৰ
|
জব্দৰ পৰিমাণ
|
পিচিভি
|
|
২০২২
|
১৬৭৭৭
|
২০১৮৫.৫০৯ কিগ্ৰা
২২৬৭২ টা
৫২৪০.৩০৮ লিটাৰ
|
৫৫০৯
|
|
২০২৩
|
১৬৬৪৬
|
২২০৪৪.৭৭ কিগ্ৰা
৩২৩৭৬ টা
৬৯৩৬.৫৩ লিটাৰ
|
৬১৮৪
|
উৎসঃ ক্ৰাইম ইন ইণ্ডিয়া, এনচিআৰবি
ড্ৰাগছৰ ক্ৰমবৰ্ধমান আসক্তিয়ে প্ৰভাৱিত কৰা লোকসকলৰ বাবে জনসচেতনতা, পুনৰ্বাসনৰ সহায়ৰ বাবে চৰকাৰে ভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াৰে একাংশ তলত দিয়া ধৰণৰঃ -
-
- মদাক-পদাৰ্থ নিষেধ সূচনা কেন্দ্ৰ (MANAS)- কল, এছএমএছ, চাটবট, ইমেইল বা ৱেবৰ জৰিয়তে ড্ৰাগছ-সম্পৰ্কীয় সমস্যা অৱগত কৰিবলৈ ২৪x৭ ট’ল ফ্ৰী হেল্পলাইন (১৯৩৩) স্থাপন কৰা হৈছে।
- চাহিদা হ্ৰাস কৰিবলৈ এনচিবি-এ মিছন স্পন্দন আৰম্ভ কৰিছে। আধ্যাত্মিক সজাগতা আৰু সামূহিক কাৰ্য্যৰ জৰিয়তে ড্ৰাগছ সেৱন আৰু মনোৰোগজনক পদাৰ্থৰ প্ৰতি আসক্তিৰ সৈতে মোকাবিলা কৰিবলৈ ০৫ টা সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰা হৈছে।
- দেশৰ সকলো জিলাতে নিচা মুক্তি ভাৰত অভিযান (NMBA) আৰম্ভ কৰা হৈছে। এই অভিযানে ৮.৭ কোটি যুৱক-যুৱতী আৰু ৬ কোটি মহিলাকে প্ৰমুখ্য কৰি ২৪.৯ কোটিৰো অধিক লোকক স্পৰ্শ কৰিছে।
- চৰকাৰে সমগ্ৰ দেশৰে ৩৪৯ টা আসক্তৰ বাবে সংহত পুনৰ্বাসন কেন্দ্ৰ (IRCA), ৪৫ টা কমিউনিটি বেছড পিৰ লিড ইন্টাৰভেনচন (CPLI) চেন্টাৰ, ৭৬ টা আউটৰিচ এণ্ড ড্ৰপ ইন চেন্টাৰ (ODIC), ১৫৪ টা নিচা চিকিৎসা সুবিধা (ATF), ১৩৯ টা জিলা নিচা-মুক্তি কেন্দ্ৰলৈ (DDAC) আৰ্থিক সাহায্য আগবঢ়াইছে।
- সহায় বিচৰা ব্যক্তিসকলক প্ৰাথমিক পৰামৰ্শ আৰু তাৎক্ষণিক সহায় প্ৰদানৰ বাবে এটা ট’ল-ফ্ৰী হেল্পলাইন নং ১৪৪৪৬ অব্যাহত আছে।
-
- এনএমবিএ-ক সমৰ্থন জনোৱা আৰু গণ সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণৰ বাবে আধ্যাত্মিক সংস্থাসমূহৰ সৈতে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰা হৈছে।
- নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰ’য়ে ০৩-০৯-২০২৫ ত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ সৈতে এখনি বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰে। উক্ত বুজাবুজিৰ চুক্তিৰ উদ্দেশ্য হৈছে চিবিএছই-ৰ অধীনস্থ বিদ্যালয়সমূহত ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সজাগতা কাৰ্য্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰা।
গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰী কৰে।
***
RK/RR/SJK/PS/PR/PS/SB
(रिलीज़ आईडी: 2198002)
आगंतुक पटल : 4