iffi banner

বুলগেৰিয়াৰ ‘এক্সিছ অব লাইফ’য়ে দৰ্শন আৰু আধ্যাত্মিকতাক আই এফ এফ আই-ৰ মঞ্চলৈ কঢ়িয়াই আনে

আইএফএফআই-ত ৰাছিয়াৰ বিৱৰ্তনশীল চলচ্চিত্ৰ পৰিদৃশ্য প্ৰদৰ্শন কৰিছে মাকছিম ডব্ৰ’মিছলভে

আন্তঃৰাষ্ট্ৰীয় সহ-প্ৰযোজনা ‘দৌজ হু হুইছেল আফটাৰ ডাৰ্ক’য়ে ছবিৰ জৰিয়তে একতাক উজলাই তুলিছে

আজি ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ত বিশ্বৰ বিভিন্ন অঞ্চলৰ চলচ্চিত্ৰ নিৰ্মাতাসকল এক আকৰ্ষণীয় সংবাদমেলৰ জৰিয়তে বিশ্বজোৰা গল্প-কথন আৰু চলচ্চিত্ৰৰ একত্ৰীকৰণ শক্তিক উদযাপন কৰিবলৈ একত্ৰিত হয়।

এই অনুষ্ঠানত কাৰ্যবাহী প্ৰযোজক মাকছিম ডব্ৰ’মিছলভে উপস্থাপন কৰে ৰাছিয়াৰ ট্ৰেন্সপাৰেণ্ট লেণ্ডছ; পৰিচালক আটানাছ য়োৰডানভৰ দ্বাৰা উপস্থাপিত বুলগেৰিয়াৰ ‘এক্সিছ অব লাইফ’; আৰু পৰিচালক পিনাৰ ইৰ্গানচিঅ'গ্লুৱে উপস্থাপন কৰে তুৰ্কী–জাৰ্মান–বুলগেৰিয়ান সহ-প্ৰযোজনা ‘দৌজ হু হুইচেল আফটাৰ ডাৰ্ক’ ছবিকেইখন।

https://static.pib.gov.in/WriteReadData/userfiles/image/6-1FBG2.jpg

সংবাদমেলত পৰিচালক আটানাছ য়োৰডানোভে ‘এক্সিছ অব লাইফ’-ৰ আঁৰৰ কলাত্মক যাত্ৰা আৰু দাৰ্শনিক আধাৰৰ বিষয়ে অন্তৰ্দৃষ্টি সহভাগ কৰে। তেওঁ ভাৰতৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰি কয় যে দেশৰ আধ্যাত্মিকতা আৰু দৰ্শনত গভীৰভৱে প্ৰোথিত পৰম্পৰা হৈছে ছবিখনৰ বাবে উল্লেখযোগ্য প্ৰেৰণা। তেওঁ লগতে উল্লেখ কৰে যে ছবিখনৰ বিষয়বস্তুৱে কম বয়সীয়া দৰ্শকসকলৰ মাজত প্ৰবলভাৱে অনুৰণন ঘটাইছে। কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত চিন্তা কৰি আটানাছে মন্তব্য কৰে যে এআই-য়ে দ্ৰুতগতিত আগবাঢ়িব পাৰে যদিও ই কেতিয়াও প্ৰকৃত মানৱীয় আৱেগ বা সৃষ্টিশীল গভীৰতাৰ প্ৰতিলিপি কৰিব নোৱাৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/6-2JPAF.jpg

 

পৰিত্যাগৰ মাজত আকাংক্ষা

কাৰ্যবাহী প্ৰযোজক মাকছিম ডব্ৰমিছলভে ’ট্ৰেন্সপাৰেণ্ট লেণ্ড’-ত অন্বেষণ কৰা আকাংক্ষা আৰু প্ৰব্ৰজনৰ বিষয়বস্তু সন্দৰ্ভত আলোচনা কৰি সুযোগ বিচাৰি সৰু চহৰৰ পৰা ডাঙৰ মহানগৰলৈ মানুহৰ স্থানান্তৰণত আলোকপাত কৰে। তেওঁ ভাৰত আৰু ৰাছিয়াৰ মাজত সাদৃশ্যও অংকণ কৰিছিল আৰু বিশ্ব চলচ্চিত্ৰত ৰাছিয়াৰ ক্ৰমবৰ্ধমান প্ৰাধান্যত আলোকপাত কৰিছিল, বিশ্বজুৰি দৰ্শকক সমসাময়িক ৰাছিয়ান চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে অধিক গভীৰভাৱে জড়িত হ’বলৈ আহ্বান জনাইছিল।

https://static.pib.gov.in/WriteReadData/userfiles/image/6-3PDF5.jpg

 

অভিষেক ছবি আৰু গ্ল'বেল চিনেমা সন্দৰ্ভত ইৰ্গানচিঅগ্লু

পৰিচালক পিনাৰ ইৰ্গানচিঅ’গ্লুৱে তেওঁৰ প্ৰথম ছবি ’দৌজ হু হুইছেল আফটাৰ ডাৰ্ক’-ক আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এক উল্লেখযোগ্য উৎপাদন বুলি অভিহিত কৰে। ছবিখনত এজন শোকত ভাগি পৰা সংগ্ৰহালয় পৰিচালকৰ কাহিনী দেখুওৱা হৈছে, যাৰ জীৱনটো অলৌকিক মুখামুখিৰ পিছত অস্তিত্বৰ সংকটত পৰিণত হয়। অৰ্থ বিচাৰি ফুৰাৰ লগে লগে তেওঁৰ পত্নী আৰু কন্যাই তেওঁলোকৰ লুকাই থকা সংগ্ৰামৰ সৈতে যুঁজি থাকে আৰু পৰিয়ালটোৱে অতি সোনকালেই তেওঁলোকৰ পৰিত্যক্ত সপোনৰ আক্ষৰিক শংকাৰ সন্মুখীন হয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/6-4SUVG.jpg

 

সীমাৰ পৰিধি ভাঙি মানুহক একত্ৰিত কৰাৰ ক্ষমতা চিনেমাৰ আছে বুলি তেওঁ জোৰ দি কয়। সংবাদ মাধ্যমৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ ভৱিষ্যতে ভাৰতত চিত্ৰগ্ৰহণৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি দেশখনক এক মনোমোহা সৃষ্টিশীল পৰিৱেশ বুলি অভিহিত কৰে। লগতে শ্বেয়াৰ কৰে যে তেওঁ এখন ছবিৰ ভিতৰত একাধিক ধাৰা মিহলাই ভাল পায়।

বিভিন্ন সংস্কৃতিক প্ৰতিনিধিত্ব কৰাৰ পিছতো সকলো চলচ্চিত্ৰ নিৰ্মাতাই এই কথাত একমত হয় যে সমমনা লোকক একত্ৰিত কৰি বিশ্বজনীন সংযোগ গঢ়ি তোলাৰ বাবে চিনেমা অন্যতম শক্তিশালী মাধ্যম হৈয়েই আছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/6-58U5Q.jpg

 

 

আই এফ এফ আই-ৰ বিষয়ে

১৯৫২ চনত শুভাৰম্ভ কৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-য়ে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমা উদযাপন হিচাপে প্ৰসিদ্ধি লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, গোৱা ৰাজ্য চৰকাৰৰ বিনোদন সমিতি (ই এছ জি) তথা গোৱা চৰকাৰে যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱখন এক গোলকীয় চলচ্চিত্ৰৰ শক্তিকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী সম্পৰীক্ষাৰ সন্মুখীন হয়, আৰু কিংবদন্তি শিল্পীসকলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা নিৰ্ভীকসকলৰ সৈতে একেটা স্থানতে সমবেত হয়। আইএফএফআই-ক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল  ইয়াৰ সৈতে অনুষ্ঠিত কৰা  আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিসমৃদ্ধ WAVES ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি তথা সহযোগিতাসমূহে ডেউকা মেলে। ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ অতুলনীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন হিচাপে চমক সৃষ্টি কৰিব পৰা— ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক বৰ্ণালীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

For more information, Click on:

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2191742

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2190381

IFFI Website: https://www.iffigoa.org/

PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/

PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Nikita joshi/Robin Singh/Darshana Rane | IFFI 56 – 087/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2195660   |   Visitor Counter: 12