সংবাদমেলত ‘হুইছপাৰ্ছ অব দ্য মাউণ্টেইনছ’ৰ কথা শুনিলে আইএফএফআই-ত সমবেতই
‘থুদাৰুম’ৰ সৈতে অব্যাহত থাকিব আইএফএফআই-ৰ চলচ্চিত্ৰৰ আনুষ্ঠানিক উদযাপন
৫৬ নং আই এফ এফ আই ডায়েৰী-ত সন্নৱিষ্ট হ’ল দুয়োখন ছবিৰ অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীৰ বাৰ্তালাপ
৫৬ নং আই এফ এফ আই-ৰ ষষ্ঠ দিনটোত ‘হুইছপাৰ্ছ অব দ্য মাউণ্টেইনছ’ৰ নেপথ্য কাহিনী শুনিবলৈ সুযোগ পোৱা গ’ল, যেতিয়া পৰিচালক জিগৰ নাগড়া আৰু প্ৰযোজক জিতেন্দ্ৰ মিশ্ৰই গোৱাৰ প্ৰেছ কনফাৰেন্স হলত সংবাদ মাধ্যমক সাক্ষাৎ কৰিছিল। উত্তেজনা অব্যাহত আছিলেই, পিচে ইয়াৰ চোক বাঢ়িছিল যেতিয়া মালয়ালম চিনেমা ‘থুদাৰুম’ (অব্যাহত থাকিব)ৰ পৰিচালক তৰুণ মূৰ্তি, প্ৰযোজক এম ৰেঞ্জিথ আৰু কাৰ্যবাহী প্ৰযোজিকা অৱন্তিকা ৰেঞ্জিথে একেটা অনুষ্ঠানতে যোগদান কৰিছিলহি।

আৰম্ভণিৰ বক্তব্যত সঞ্চালক জিগৰ নাগড়াই অৱগত কৰে কভিডৰ সময়ত ৰাজস্থানৰ ঘৰলৈ উভতি অহা সময়খিনিয়ে তেওঁক তেওঁলোকৰ অঞ্চলটোত বৃদ্ধি পোৱা খননৰ অৰ্থনৈতিক প্ৰভাৱৰ লগতে ইমান গভীৰ খননৰ বাবে পৰিৱেশৰ অৱক্ষয়ৰ স্থায়ী প্ৰভাৱৰ বিষয়ে অঞ্চলবাসীৰ অজ্ঞতাৰ কথা বুজিবলৈ সুবিধা কৰি দিছিল। তেওঁ উল্লেখ কৰে যে একেটা বিষয়কে লৈ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ পিছত তেওঁ বৈশিষ্ট্যপূৰ্ণ শৈলীৰ জৰিয়তেও বিষয়টো সন্দৰ্ভত মনোযোগ আকৰ্ষণ কৰাৰ হেঁপাহ অনুভৱ কৰিছিল।
প্ৰযোজক জিতেন্দ্ৰ মিশ্ৰই আই এম কালামৰ ছবিৰে নিজৰ চলচ্চিত্ৰ যাত্ৰা আৰম্ভ কৰাৰ কথা স্মৰণ কৰি আঞ্চলিক চিনেমাৰ প্ৰতি থকা দীৰ্ঘদিনীয়া আকৰ্ষণৰ কথা ব্যক্ত কৰে। অনন্য কলা আৰু কাহিনীৰ সংবেদনশীলতাইহে অৱশেষত তেওঁক এই ছবিখন নিৰ্মাণ কৰিবলৈ উত্সাহিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে।
"এগৰাকী নাগৰিক হিচাপে মই মোৰ শিল্পৰ জৰিয়তে মোৰ উদ্বেগ উত্থাপন কৰিবলৈ বাধ্য হোৱা যেন অনুভৱ কৰোঁ। মই ছবিৰ বিনোদনৰ সৈতে সামাজিক প্ৰতিফলনক মিহলাই ভাল পাওঁ" বুলি পৰিচালক তৰুণ মূৰ্তিয়ে তেওঁৰ ছবি ‘থুদাৰুম’ সন্দৰ্ভত বক্তব্যৰ সূচনা কৰে।
কাৰ্যবাহী প্ৰযোজক শ্ৰীমতী অৱন্তিকাই অৱগত কৰে যে থুদাৰুম-ৰ কাহিনী প্ৰথমবাৰৰ বাবে তেওঁলোকৰ প্ৰডাকশ্যন হাউছত ১২ বছৰ আগতেই উপস্থিত হৈছিলহি, কিন্তু তেওঁলোকে ইয়াক জীৱন্ত কৰি তুলিবলৈ সঠিক পৰিচালকৰ বাবে অপেক্ষা কৰিছিল। তৰুণৰ প্ৰথম ছবিখন চোৱাৰ পিছত তেওঁৰ পিতৃ প্ৰযোজক এম ৰেঞ্জিথে তেওঁৰ দৃষ্টিভংগীৰ প্ৰতি ইমানেই মোহিত হৈছিল যে অৱশেষত প্ৰকল্পটো বাস্তৱায়নৰ কথা চিন্তা কৰিছিল। এমোকোৰা হাঁহিৰে তেওঁ কয় যে তেওঁৰ পিতৃ আৰু পৰিচালক দুয়োগৰাকীয়েই মোহনলালৰ ডাঙৰ অনুৰাগীসকলৰ অন্যতম।

এটা প্ৰশ্নৰ উত্তৰ দি মূৰ্তিয়ে কয়, "আমাৰ সামৰ্থ্য আৱেগত নিহিত হৈ আছে। গ্ৰেণ্ড ভিজুৱেল বা বৃহৎ বাজেটত নহয়, বৰং সেইসমূহ চৰিত্ৰ যাৰ সৈতে আমি সঁচাকৈয়ে জীৱনপাত কৰোঁ। সেইটোৱেই ছবিখনক বিশ্বজোৰ সংযোগ স্থাপন কৰাত সহায় কৰিছে— বৃহত্ উদ্যোগৰ বাজেটৰ মাত্ৰ এটা অংশৰেই আৰু সেইটোৱেই হৈছে সেইক্ষেত্ৰ যিটোক আমি অধিক অন্বেষণ কৰিবলৈ উৎসাহিত হৈছো।”

পৰিচালক নাগাড়াই এটা মন্তব্যৰ উত্তৰেৰে অধিৱেশনৰ সামৰণি মাৰে, “মোৰ ছবিখনক মজিদ মাজিদীৰ কামৰ সৈতে তুলনা কৰা হৈছে বুলি জানি মই সঁচাকৈয়ে সন্মানিত হৈছোঁ। তেওঁৰ জৰিয়তে মই—বাৰন, দ্য উইলো ট্ৰী-ৰ দৰে বিশ্ব চিনেমা আৱিষ্কাৰ কৰিছিলোঁ আৰু আন বহুতেই মোৰ ফিল্ম স্কুলৰ প্ৰিয় হৈ উঠিছিল। ইৰাণৰ চিনেমাই কাহিনী-কথন সন্দৰ্ভত মোৰ চিন্তাধাৰাক গঢ় দিছিল, আৰু ইয়াৰ কলা মোৰ ছবিখনলৈও স্বাভাৱিকতেই প্ৰবাহিত হৈছে। লং শ্বটৰ প্ৰতি মোৰ প্ৰেমো সেই প্ৰভাৱৰ পৰাই আহিছে।, ভাৰতত ই বহুলভাৱে আঁকোৱালি লোৱা শৈলী নহয়, কিন্তু মোৰ বাবে দীঘলীয়া টেকত আটাইতকৈ সহজ গতিয়েও আৱেগিক উদ্দেশ্য বহন কৰে। মই কৃতজ্ঞ যে আপোনালোকে সেয়া লক্ষ্য কৰিছে।”
‘হুইছপাৰ্ছ অব দ্য মাউণ্টেনছ’ৰ সংক্ষিপ্ত বিৱৰণ
আৰাৱলিৰ ৰুক্ষ সৌন্দৰ্যত চিত্ৰায়িত এই ছবিখনত এজন পিতৃয়ে চিলিকোচিছৰ সৈতে যুঁজি থকা আৰু এজন পুত্ৰই খননৰ ফলত ছিন্নভিন্ন হোৱা পাহাৰখনৰ বাবে শোক কৰা দৃশ্যৰ অন্বেষণ কৰা হৈছে। ল’ৰাজনৰ সৰু সৰু নিৰাময়মূলক কাৰ্যবোৰে, পৰিয়ালটোৰ জীয়াই থকাৰ সংগ্ৰামৰ সৈতে সংঘৰ্ষ কৰাৰ মুহূৰ্তবোৰত তেওঁলোকৰ কাহিনীটো প্ৰেম, পয়ো হেৰুওৱা আৰু মানুহ আৰু পৃথিৱীৰ মাজৰ ভংগুৰ বন্ধনৰ এক চলন্ত প্ৰতিফলন হৈ উঠিছে।
‘থুদাৰুম’ৰ সংক্ষিপ্ত বিৱৰণ
ৰান্নীৰ নিস্তব্ধ পাহাৰত প্ৰাক্তন ফাইট কোৰিঅ’গ্ৰাফাৰ শ্বনমুঘাম— মৰমেৰে যাক বেঞ্জ বুলি মতা হয়— পৰিয়াল আৰু তেওঁলোকৰ প্ৰিয় কৃষ্ণাংগ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে এক শান্ত জীৱন কটাই আছিল। কিন্তু যেতিয়া তিনিগৰাকী আৰক্ষীয়ে তেওঁক এটা অনাহূত ঘটনা গাপ দি ৰখাৰ অপৰাধত আটক কৰি নিয়ে, তেতিয়া তেওঁলোকৰ শান্তিপূৰ্ণ পৃথিৱীখন অশান্ত-জৰ্জৰ হৈ পৰে। ইয়াৰ পিছত ভয়, বিশ্বাসঘাতকতা আৰু ইজনে সিজনক ধৰি ৰখাৰ যুঁজত দিশহাৰা হবলগীয়া হোৱা এটা পৰিয়ালৰ এয়া হৈছে এক আকৰ্ষণীয় কাহিনীৰ বৰ্ণন।
আই এফ এফ আই-ৰ বিষয়ে
১৯৫২ চনত শুভাৰম্ভ কৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-য়ে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমা উদযাপন হিচাপে প্ৰসিদ্ধি লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, গোৱা ৰাজ্য চৰকাৰৰ বিনোদন সমিতি (ই এছ জি) তথা গোৱা চৰকাৰে যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱখন এক গোলকীয় চলচ্চিত্ৰৰ শক্তিকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী সম্পৰীক্ষাৰ সন্মুখীন হয়, আৰু কিংবদন্তি শিল্পীসকলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা নিৰ্ভীকসকলৰ সৈতে একেটা স্থানতে সমবেত হয়। আইএফএফআই-ক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল ইয়াৰ সৈতে অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিসমৃদ্ধ WAVES ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি তথা সহযোগিতাসমূহে ডেউকা মেলে। ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ অতুলনীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন হিচাপে চমক সৃষ্টি কৰিব পৰা— ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক বৰ্ণালীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
For more information, click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Post Link: https://x.com/PIB_Panaji/status/1991438887512850647?s=20
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Sayyid Rabeehashmi/Debayan Bhadury/Darshana Rane | IFFI 56 – 068/KB
रिलीज़ आईडी:
2194800
| Visitor Counter:
24