আইএফএফআই ৫৬-ত ৰূপালী পৰ্দাত উদ্ভাসিত হৈছে টাচখণ্ডৰ পৰ্বতৰ পৰা শ্লোভাকিয়াৰ প্ৰত্যন্ত গাঁৱৰ মানুহৰ হৃদয়স্পৰ্শী কাহিনী
উজবেক আৰু শ্লোভাক ছবিয়ে স্মৃতি আৰু স্থানচ্যুতিত প্ৰোথিত মানৱীয় কাহিনীক উজলাই তুলিছে
ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ শক্তিশালী আখ্যানসমূহ প্ৰদৰ্শন কৰি বিশ্ব চিনেমাৰ বৈচিত্ৰময় গতিধাৰাৰ উপস্থাপন অব্যাহত আছে। দৃষ্টি আকৰ্ষণ কৰা আন্তঃৰাষ্ট্ৰীয় ছবিসমূহৰ ভিতৰত উজবেকিস্তানৰ ছবি ‘ইন পাৰ্ছুইট অব স্প্ৰিং’ আৰু শ্লোভাক ছবি ‘ফ্লাড’ আছিল অন্যতম।
আজি অনুষ্ঠিত এক সংবাদমেলত দুয়োখন ছবিৰ পৰিচালক, প্ৰযোজক আৰু অভিনেতাসকলে তেওঁলোকৰ ছবিৰ নিৰ্মাণ যাত্ৰাৰ বিষয়ে অন্তৰ্দৃষ্টি সহভাগ।

শ্লোভাক ছবি “ফ্লাড”ৰ প্ৰযোজক কাটাৰিনা কৰ্ণাকোভাই কয় যে এই ছবিখন জল-ভাণ্ডাৰ নিৰ্মাণৰ বাবে হোৱা এখন গাঁৱৰ স্থানচ্যুতিৰ কাহিনী আধাৰিত। শ্লোভাকিয়াৰ মাজোভা অঞ্চলত দৃশ্যগ্ৰহণ কৰা এই ছবিখনৰ প্ৰায় ৮০% অভিনেতা-অভিনেত্ৰীয়েই হৈছে ৰুথেনিয়ান সংখ্যালঘু সম্প্ৰদায়ৰ সদস্য। তেওঁ লগতে কয়, ‘ছবিখনে ৰুথেনিয়ান সম্প্ৰদায়ক ৰূপালী পৰ্দাত নিজৰ ভাষাত অভিনয় কৰাৰ এক বিৰল সুযোগ প্ৰদান কৰিছে।
আৰ্জেণ্টিনাৰ এখন চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে মুক্তি পোৱাৰ পিছত আইএফএফআই গোৱা-ত দ্বিতীয়বাৰৰ বাবে ‘ফ্লাড‘-ৰ বিশ্ব প্ৰিমিয়াৰ হৈছে। ছবিখনৰ আধাৰ বাস্তৱ জীৱনৰ প্ৰকল্পটোৰ দ্বাৰা প্ৰভাৱিত সম্প্ৰদায়টোৰ বাবে দলটোৱে ছবিখনৰ বিশেষ প্ৰদৰ্শনীৰ পৰিকল্পনা কৰিছে।

উজবেকিস্তানৰ ছবি “ইন পাৰ্ছুইট অব স্প্ৰিং”ক প্ৰতিনিধিত্ব কৰি সংবাদমেলত অংশগ্ৰহণ কৰে পৰিচালক আয়ুব শ্বাখোবিদ্দিনোভ আৰু মুখ্য অভিনেত্ৰী ফাৰিনা জুমাভিয়াই। চিনেমাখনৰ পৰিচয় দি পৰিচালকে কয় যে ছবিখনে ইয়াৰ নায়িকা ৰাহত শুকুৰোভাৰ যাত্ৰাক অনুসৰণ কৰিছে, যিয়ে যন্ত্ৰণাদায়ক স্মৃতি আৰু বহুদিনৰ পৰা দবাই ৰখা গোপনীয়তাৰে মোকাবিলা কৰিব লগা হয়। “অতীতৰ পুনৰাগমনত ৰাহাতে নিজকে আৱিষ্কাৰ কৰিবলৈ পুৰণি বেদনা আৰু লুকাই থকা সত্যৰ মাজেৰে আগবাঢ়িব লাগীয়া হৈছ,” তেওঁ বৰ্ণনা কৰে।
উজবেকিস্তানত ছোভিয়েট যুগৰ শেহৰ বছৰবোৰত ৰচিত যদিও ছবিখনৰ বিষয়বস্তু আৰু আৱেগিক সংগ্ৰাম আজিও প্ৰাসংগিক হৈয়ে আছে। প্ৰশংসা ব্যক্ত কৰি পৰিচালকে কয় যে আইএফএফআই-য়ে চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ কৰ্মৰ প্ৰদৰ্শন আৰু বিশ্বজোৰা নেটৱৰ্ক গঢ়ি তোলাৰ বাবে এক মূল্যৱান আন্তঃৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰিছে। তেওঁ লগতে কয় যে আমি আই এফ এফ আই-ৰ অংশ হ’বলৈ পাই নিতান্তই সুখী হৈছো।

সংক্ষিপ্ত সাৰ কথা: ইন পাৰ্ছুইট অব স্প্ৰিং
তাছখণ্ডৰ বাসিন্দা ৰাহত শুকুৰোভাই নিজৰ অতীতৰ কোনোবা এজন ব্যক্তিৰ মৃত্যুৰ কথা জানিব পাৰি এসময়ত শিক্ষক হিচাপে কাম কৰা দুৰ্গম পাহাৰীয়া গাঁও আৰ্চালিলৈ উভতি আহে। কেবা দশক আগতে ছোভিয়েট যুগত তেওঁৰ জীৱনটো এটা কেলেংকাৰীত বিধস্ত হৈ পৰিছিল, যাৰ ফলত বদনাম আৰু নিৰ্বাসনৰ আৰম্ভণি হৈছিল। এতিয়া আৰ্চালিলৈ উভতি আহি তেওঁ বেদনাদায়ক স্মৃতি আৰু বহুদিনৰ পৰা দবাই থোৱা গোপনীয়তাৰ সন্মুখীন হ’বলৈ বাধ্য হৈছে। অতীতৰ পুনৰাগমনত ৰাহতে নিজৰ সৈতে সন্মুখীন হ‘বলৈ যাওতে পুৰণি বেদনা আৰু লুকাই থকা সত্যৰ মাজেৰে খোজ আগবঢ়াবলগীয়া হৈছে।
সংক্ষিপ্ত সাৰ কথা: ফ্লাড
মাৰাৰ গৃহ উপত্যকাৰ গাঁওকেইখনৰ ভাগ্য জল-ভাণ্ডাৰৰ নতুন প্ৰকল্পটোৱে বিদীৰ্ণ কৰি পেলায় আৰু গাঁওবাসীয়ে লাহে লাহে ঘৰ এৰি যাবলৈ বাধ্য হয়। মাৰাই গ্ৰাম্যাঞ্চল এৰি চহৰত পঢ়িবলৈ হাহাকাৰ কৰে, অৱশ্যে ৰুথেনিয়ান কৃষক দেউতাকে তেওঁক পৰিয়ালৰ মাটিডোখৰৰ লগতে আবদ্ধ কৰি ৰাখে, যিকণ মাটি তেওঁ শেষ পৰ্যন্ত এৰি দিবলৈ অস্বীকাৰ কৰিছিল। গাঁওখনৰ মানুহখিনৰ মনৰ মাজত মাৰাই নিজকে বিচাৰি পায়, যিসকলে বিকল আন্তঃগাঁথনি, কৰ্তৃপক্ষৰ গুপুত সন্ত্ৰাস আৰু অৱশ্যাম্ভাৱী বানৰ বিৰুদ্ধে যুঁজি আহিছে।
আই এফ এফ আই-ৰ বিষয়ে
১৯৫২ চনত শুভাৰম্ভ কৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-য়ে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমা উদযাপন হিচাপে প্ৰসিদ্ধি লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, গোৱা ৰাজ্য চৰকাৰৰ বিনোদন সমিতি (ই এছ জি) তথা গোৱা চৰকাৰে যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱখন এক গোলকীয় চলচ্চিত্ৰৰ শক্তিকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী সম্পৰীক্ষাৰ সন্মুখীন হয়, আৰু কিংবদন্তি শিল্পীসকলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা নিৰ্ভীকসকলৰ সৈতে একেটা স্থানতে সমবেত হয়। আইএফএফআই-ক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল ইয়াৰ সৈতে অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিসমৃদ্ধ WAVES ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি তথা সহযোগিতাসমূহে ডেউকা মেলে। ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ অতুলনীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন হিচাপে চমক সৃষ্টি কৰিব পৰা— ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক বৰ্ণালীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
For more information, click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *

PIB IFFI CAST AND CREW | Jaydevi Pujari Swami/ Saurabh Khekde/Darshana Rane | IFFI 56 – 057/KB
रिलीज़ आईडी:
2194473
| Visitor Counter:
19