iffi banner

‘মা, উমা, পদ্মা’ উন্মোচনৰ লগে-লগে চলচ্চিত্ৰ, স্মৃতি আৰু উত্তৰাধিকাৰৰ অভিসৰণ ঘটে

কামৰানৰ নতুন গ্ৰন্থখনে আইএফএফআই-ত ঘটকৰ চিনেমেটিক উজ্জ্বলতাক পুনৰ উজ্জীৱিত কৰি তোলে

ডিপিডিৰ ভাৰতীয় চিনেমাৰ ক্ৰমবৰ্ধমান সংগ্ৰহত নতুন সংযোজন

চলচ্চিত্ৰ নিৰ্মাতা তথা আইআইটি-বম্বেৰ অধ্যাপক মজহৰ কামৰানৰ নতুন গ্ৰন্থ ‘মা, উমা, পদ্মাঃ দ্য এপিক চিনেমা অৱ ঋত্বিক ঘটক’ উন্মোচনৰ লগে-লগে আজি আইএফএফআই-ৰ সংবাদমেল হলক চিনেমাৰ স্মৃতিচাৰণৰ মনোভাৱে ভৰাই তোলে। ইয়াত ভাৰতৰ অন্যতম প্ৰভাৱশালী চলচ্চিত্ৰ নিৰ্মাতা ঋত্বিক ঘটকলৈ সন্মান জনাই উষ্ম আৰু অন্তৰ্দৃষ্টিসম্পন্ন কথা-বতৰা আৰম্ভৰ পূৰ্বে গণ্যমান্য ব্যক্তিসকলে প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগ সঞ্চালকালয়ৰ (DPD) মুখ্য সঞ্চালক প্ৰধান শ্ৰী ভূপেন্দ্ৰ কৈন্থোলাই গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা ৰাজকুমাৰ হিৰানীয়ে এই কাৰ্য্যসূচীত যোগদান কৰে।

ইয়াত শ্ৰী কৈন্থোলাই ডিপিডিয়ে ‘মা, উমা, পদ্মা’ গ্ৰন্থখনি প্ৰকাশৰ আঁৰৰ কথাখিনি বিশদভাৱে কয়। তেওঁ ৱেভছ সন্মিলন, ২০২৫-ত কৰা ঘোষণাৰাজিৰ কথা ব্যক্ত কৰে। বছৰটো পাঁচগৰাকী কিংবদন্তি চলচ্চিত্ৰ ব্যক্তিত্বক স্মৰণ কৰাৰ বাবে উৎসৰ্গা কৰা হৈছিল, ইয়াৰ ভিতৰত ঘটকো আছিল। "ডিপিডিয়ে সকলোৰে বাবে সুলভভাৱে কিতাপ প্ৰকাশ কৰি আহিছে। কামৰানে এই দৃষ্টিভংগীৰে কাম কৰি সুখী হৈছে", তেওঁ কয়। তেওঁ লগতে উল্লেখ কৰে যে কিতাপখনৰ বেটুপাত আইআইটি-বম্বেৰ কামৰানৰ ছাত্ৰ-ছাত্ৰীসকলে ডিজাইন কৰিছে। এই সৃষ্টিশীল সহযোগিতাই লেখকক আনন্দিত কৰিছে।

কামৰানে নিজৰ কথাখিনিয়ে কিতাপৰ ৰূপ লোৱাৰ বিষয়ে কয়। পাঠকসকল কেতিয়াবা তেওঁৰ লগত একমত হ’ব পাৰে আৰু কেতিয়াবা নহ’বও পাৰে বুলি হৃদয়ংগমেৰে ইয়াৰ প্ৰতিটো শব্দ লিখিছে বুলিও তেওঁ কয়। ভাৰতীয় চিনেমাত ঘটকৰ স্থিতিৰ কথা উল্লেখেৰে কামৰানে কয় যে যদিও আজি তেওঁক উদযাপন কৰা হৈছে, তথাপিও ঘটকে তেওঁৰ দৃষ্টিভংগীৰ শক্তি সত্ত্বেও নিজৰ ছবি নিৰ্মাণ কৰিবলৈ সংগ্ৰাম কৰিছিল। কামৰানে কয়, “আমি ভাৰতীয় চিনেমাৰ কথা ভবাৰ লগে-লগে ঘটকৰ ছবিৰ কথা সদায় মনলৈ আহে।”

কামৰানে ঘটকৰ আনুষ্ঠানিক চলচ্চিত্ৰ শিক্ষাৰ অভাৱ সন্দৰ্ভত থকা ভুল ধাৰণা সম্পৰ্কে ব্যক্ত কৰে। ঘটকৰ আৰম্ভণিৰ লেখা, তেওঁৰ সময়ৰ মহান ব্যক্তিসকলৰ সৈতে তেওঁৰ সহযোগিতা তথা আইজেনষ্টাইন আৰু ষ্টেনিছলাভস্কিৰ কামৰ সৈতে তেওঁৰ গভীৰ জড়িততাৰ কথা উল্লেখ কৰি কামৰানে কয়, “তেওঁ গভীৰভাৱে শিকিছিল।“

ইয়াত ভাৰতীয় চিনেমা বিষয়ক গ্ৰন্থৰাজিৰ প্ৰচাৰৰ বাবে ডিপিডিয়ে গ্ৰহণ কৰা ব্যাপক পদক্ষেপত আলোকপাত কৰা হয়। কৈন্থোলাই কয় যে শেহতীয়া বছৰ কেইটাত এনে ১২ খন কিতাপ প্ৰকাশ পাইছে।

প্ৰতিফলন, প্ৰশংসা আৰু পুনৰ আৱিষ্কাৰৰ অনুৰণন ঘটা এই অনুষ্ঠান ঋত্বিক ঘটকৰ কলাত্মক উত্তৰাধিকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু কামৰানৰ গভীৰ গৱেষণা কৰ্মৰ উদযাপন উভয় ৰূপতে মূৰ্ত হৈ উঠে। ‘মা, উমা, পদ্মা’ই ভাৰতীয় চিনেমাৰ আলোচনাক সমৃদ্ধ কৰাৰ অংগীকাৰ কৰিছে।

পিচি লিংকঃ

 

আইএফএফআই সম্পৰ্কে

১৯৫২ ত প্ৰৱৰ্তিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ উদযাপনৰ কাৰ্য্যসূচী হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) আৰু গোৱা ৰাজ্য চৰকাৰৰ এন্টাৰটেইনমেন্ট ছ'চাইটি অৱ গোৱা (ESG) ই যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱ এক বিশ্বব্যাপী চিনেমাৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। আইএফএফআই-ক প্ৰকৃততে উজ্জ্বল কৰি তোলা কাৰকসমূহ হৈছে— আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি আৰু ৱেভছ ফিল্ম বজাৰ। ইয়াত চিন্তা আৰু চুক্তিৰ আদান-প্ৰদান তথা সহযোগিতা স্থাপিত হয়। ২০-২৮ নৱেম্বৰত গোৱাৰ আকৰ্ষণীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাক উদযাপন কৰিব।

অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰকঃ

আইএফএফআই ৱেবচাইটঃ https://www.iffigoa.org/

পিআইবি-ৰ আইএফএফআই মাইক্ৰচাইটঃ https://www.pib.gov.in/iffi/56/

পিআইবি আইএফএফআইউড ব্ৰডকাষ্ট চেনেলঃ https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

এক্স হেণ্ডেলঃ @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Sangeeta Godbole/Sreeshma K/Darshana Rane | IFFI 56 - 060


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2194471   |   Visitor Counter: 20