“আইএফএফআই হৈছে সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰক উদযাপন আৰু চোৱাৰ এখনি মঞ্চ”: পৰিচালক অগ্নি
“আমি বাস্তৱ জীৱনৰে মোকাবিলাকৰণত সহায়ৰ অৰ্থে হৰ’ৰ নিৰ্মাণ কৰো আৰু ৰুধিৰবণে ইয়াকেই কৈছে”: অভিনেত্ৰী পাৱনা
৫৬ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) চিনে অনুৰাগীসকলক আগন্তুক কানাড়া হৰ’ৰ ছবি ৰুধিৰবণৰ এক ৰোমাঞ্চকৰ আভাস দিয়া হয়। আজি মহোৎসৱত ইয়াৰ পৰিচালক শ্ৰী অগ্নি আৰু মুখ্য অভিনেত্ৰী শ্ৰীমতী পাৱনা গৌড়াই এখনি সংবাদমেল সম্বোধন কৰে।

ইয়াত পৰিচালক অগ্নিয়ে কয় যে ৰুধিৰবণ তেওঁৰ প্ৰথম চলচ্চিত্ৰ যদিও ইয়াৰ পূৰ্বে তেওঁ একাধিক ফিল্ম প্ৰজেক্টত ভিন্ন দায়িত্বত কাম কৰিছে। এখন হৰ’ৰ ছবি পৰিচালনাৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে এই ধাৰাটোৱে এক বেলেগ মানসিকতাৰ দাবী কৰে। অৰণ্য, বিচ্ছিন্ন অঞ্চল আৰু অন্যান্য প্ৰত্যাহ্বানমূলক স্থানত শ্বুটিং কৰিবলৈ গভীৰ মানসিক মনোনিৱেশ আৰু স্থিতিস্থাপকতাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে।

তেওঁৰ হৰ’ৰ ছবিখনৰ বাণিজ্যিক দিশটো সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সীমিত সমল সত্বেও হৰ’ৰ ধাৰাটো পৰিচালনাযোগ্য হৈয়েই আছে। "চিনেমাখনৰ প্ৰায় ৪০% শ্বুটিং ইনড’ৰতে কৰা হৈছিল, ইয়াৰ পৰিপ্ৰেক্ষিতত আমি লাইটিং নিয়ন্ত্ৰণ কৰিব পাৰো আৰু প্ৰয়োজন অনুসৰি একাধিক শ্বট ল'ব পাৰিলো। সৰু ক্ৰু আৰু অনুকূল পৰিস্থিতিৰে হৰ'ৰ এটা ব্যৱহাৰিক আৰু বাণিজ্যিকভাৱে কাৰ্য্যক্ষম ধাৰাত পৰিণত হয়," তেওঁ কয়।
আইএফএফআই-লৈ অহাৰ উৎসাহ প্ৰকাশ কৰি তেওঁ কয়, “মই সদায় ইয়ালৈ আহিব বিচাৰিছিলো। আনকি মই এদিন প্ৰতিনিধি হিচাপে উপস্থিত থকাৰ পৰিকল্পনাও কৰিছিলো আৰু আজি মই প্ৰথম পৰিচালনা কৰা ছবি ৰুধিৰবণৰ বাবে সংবাদ মাধ্যমক সম্বোধন কৰিছো। ইয়াৰ বাবে মই পুলক অনুভৱ কৰিছো।” তেওঁ আইএফএফআই-ক চিনেমাৰ সীমাহীন উদযাপনৰ স্থান বুলি অভিহিত কৰে। "ইয়াত, আপোনাসৱে বিশ্বৰ ভিন্ন প্ৰান্তৰ ছবি চায়; বাণিজ্যিক, আৰ্ট-হাউচ বা তথ্যচিত্ৰ নিৰ্বিশেষে ইয়াৰ দৰ্শন কৰা হয়। আইএফএফআই-ত এনে ছবি প্ৰদৰ্শিত হয়, যিসমূহ আন ক'তো সহজে উপলব্ধ নহয়, আনকি অনলাইনতো নহয়। চিনেমাই মোক সঁচাকৈয়ে আকৰ্ষিত কৰি ৰাখিছে", তেওঁ লগতে কয়।

নিজৰ দৃষ্টিভংগী ব্যক্ত কৰি অভিনেত্ৰী পাৱনা গৌড়াই কয়, “আমি বাস্তৱ জীৱনৰে মোকাবিলাকৰণত সহায়ৰ অৰ্থে হৰ’ৰ নিৰ্মাণ কৰো আৰু ৰুধিৰবণে ইয়াকেই কৈছে।” তেওঁ কয় যে হৰ’ৰ ছবিত অভিনয় কৰাটো আন ধাৰাত কাম কৰাতকৈ একেবাৰে পৃথক।

মূলভাৱঃ অৰণ্যৰ মাজৰ এখন বিচ্ছিন্ন গাঁওলৈ যোৱা নিৰ্বাচনী বিষয়াৰ এটা দল ৰিজৰ্ট নিৰ্মাণ কোম্পানী আৰু দাদাসী জনজাতি নামৰ স্থানীয় খিলঞ্জীয়া জনজাতিৰ মাজত চলি থকা সংঘাতৰ মাজত আবদ্ধ হৈ পৰে। ভুল বুজাবুজিৰ বাবে দলটোক জনজাতীয় লোকসকলে আক্ৰমণ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে এজোপা গছৰ তলত আশ্ৰয় গ্ৰহণ কৰে। ৰাতি হোৱাৰ লগে-লগে তেওঁলোকে উমান পাই যে বাহিৰত জনজাতীয় লোকসকল উপস্থিত হৈছেহি। তেওঁলোক বাচিবনে? সকলোৰে মনত এই প্ৰশ্ন উদয় হৈছিল।
পিচি লিংকঃ
আইএফএফআই সম্পৰ্কে
১৯৫২ ত প্ৰৱৰ্তিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ উদযাপনৰ কাৰ্য্যসূচী হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) আৰু গোৱা ৰাজ্য চৰকাৰৰ এন্টাৰটেইনমেন্ট ছ'চাইটি অৱ গোৱা (ESG) ই যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱ এক বিশ্বব্যাপী চিনেমাৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। আইএফএফআই-ক প্ৰকৃততে উজ্জ্বল কৰি তোলা কাৰকসমূহ হৈছে— আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি আৰু ৱেভছ ফিল্ম বজাৰ। ইয়াত চিন্তা আৰু চুক্তিৰ আদান-প্ৰদান তথা সহযোগিতা স্থাপিত হয়। ২০-২৮ নৱেম্বৰত গোৱাৰ আকৰ্ষণীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাক উদযাপন কৰিব।
অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰকঃ
আইএফএফআই ৱেবচাইটঃ https://www.iffigoa.org/
পিআইবি-ৰ আইএফএফআই মাইক্ৰ’চাইটঃ https://www.pib.gov.in/iffi/56/
পিআইবি আইএফএফআইউড ব্ৰডকাষ্ট চেনেলঃ https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
এক্স হেণ্ডেলঃ @IFFIGoa, @PIB_India, @PIB_Panaji
* * *
PIB IFFI CAST AND CREW | Sayyid Rabeehashmi/Saurabh Khekde/Darshana Rane | IFFI 56 - 058
रिलीज़ आईडी:
2194217
| Visitor Counter:
18