iffi banner

আইএফএফআই-ৰ তৃতীয় দিনটোত ভাৰতৰ লোক পৰম্পৰাসমূহত আলোকপাত কৰা হৈছিল

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫-ৰ তৃতীয় দিনা গোৱাৰ পানাজীৰ আইএনঅ’এক্স-ৰ উদযাপন স্থলী দেশৰ বৈচিত্ৰময় পৰিবেশ্য কলাৰ এক সজীৱ প্ৰদৰ্শনীলৈ ৰূপান্তৰিত হয়। ৰূপালী পৰ্দাৰ পৰা আঁতৰি এই সন্ধিয়াটো আছিল ভাৰতৰ সাংস্কৃতিক হৃদস্পন্দনৰ এক আশ্চৰ্যকৰ উদযাপন, য’ত এলানি পৰম্পৰাগত লোকনৃত্য আৰু কাহিনীৰ নাটকীয় ব্যাখ্যানে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা শক্তি, বৈচিত্ৰ্য আৰু চহকী ঐতিহ্যক উজলাই তুলিছিল। ‘চিবিচি’ নিবেদিত ‘পিআৰটি‘-কে ধৰি বিভিন্ন ৰাজ্যক প্ৰতিনিধিত্ব কৰা শিল্পীসকলে চলচ্চিত্ৰ অনুৰাগীসকলক উপমহাদেশখনৰ জীৱন্ত পৰম্পৰাৰ সৈতে সংযুক্ত কৰিবলৈ কেন্দ্ৰীয় মঞ্চত অৱস্থান গ্ৰহণ কৰে।

 

দ্য পাৰফৰমেন্সছ: এ ভিজুৱেল জাৰ্নি এক্ৰাছ ইণ্ডিয়া

গুছাড়ি (তেলেংগানা)

আদিলাবাদৰ ‘পদ্মশ্ৰী কংকৰাজু গুছাড়ি নৃত্য সংস্থা‘-ৰ জনজাতীয় গণ্ড শিল্পীসকলে এইবিধ উদ্দাম, ছন্দময় দলীয় নৃত্য উপস্থাপন কৰে। ৰঙীন, দীঘল হলৌচোলা, ময়ুৰৰ পাখিৰ পাগুৰি, আৰু টিলিঙা পিন্ধি শিল্পীসকলে পৰিৱেশন কৰা নৃত্যই দৰ্শকসকলৰ মনোযোগ বাৰুকৈয়ে আকৰ্ষণ কৰিছিল আৰু ‘পদ্মশ্ৰী‘ প্ৰাপক শ্ৰী গুছাড়ি কংকৰাজুৰ শক্তিশালী উত্তৰাধিকাৰিত্বক সযতনে ৰখাৰ প্ৰতিশ্ৰুতি বহণ কৰিছিল।

 

 

মহিষাসুৰ মাৰ্দিনী (পশ্চিম বংগ)

‘ৰয়েল ছাউ একাডেমী‘য়ে লোক নৃত্য-নাটিকা মঞ্চস্থ কৰিছিল, য’ত অসুৰৰ বিৰুদ্ধে সুৰৰ জয় লাভৰ শক্তিশালী চিত্ৰণ আগবঢ়োৱা হৈছিল। এই অভিনয়ে দেৱী দুৰ্গা আৰু মহিষাসুৰৰ মাজৰ মহাকাব্যিক যুদ্ধখনক পুনৰ জীৱন্ত ৰূপত দাঙি ধৰিছিল। অন্যান্য প্ৰধান দেৱতাসকলৰ উপস্থিতি আৰু ছাউ শৈলীত ৰূপায়িত যুদ্ধৰ আকৰ্ষণীয় নৃত্য পৰিচালনাৰে সম্পূৰ্ণ হৈছিল নৃত্য-নাটিকাখন।

 

 

সম্বলপুৰী লোক নৃত্য - চুটকুচুটা (ওড়িশা)

‘লোক শাস্ত্ৰ কলা পৰিষদ, কটক‘-ৰ দ্বাৰা তীব্ৰ ছন্দ আৰু শক্তিৰে আগবঢ়োৱা হয় এইবিধ লোকনৃত্য। এই শক্তিশালী দলীয় নৃত্যবিধ হৈছে ‘ডালখাই‘ আৰু ‘ৰাসেৰ কেলী‘ৰ দৰে বিখ্যাত সম্বলপুৰী শৈলীৰ গতিশীল সংমিশ্ৰণ, যিয়ে পশ্চিম ওড়িশাৰ শক্তিশালী, উদযাপনমূলক পৰম্পৰাগত নৃত্যৰ সংস্কৃতিক প্ৰদৰ্শন কৰে।

 

 

তৰ্পা নৃত্য (দমন আৰু দিউ/মহাৰাষ্ট্ৰ)

‘পিপুলছ একশ্যন ফৰ ছ’চিয়েল ডেভেলপমেণ্ট‘-ৰ দ্বাৰা উপস্থাপন কৰা এই সম্মোহনীয় পৰম্পৰাগত জনজাতীয় নৃত্যৰ কেন্দ্ৰবিন্দু হৈছে ‘তৰ্পা’ নামৰ এক মুখেৰে বজোৱা বাদ্যযন্ত্ৰ, এইবিধ বাদ্য লাওৰ খোলা, বাঁহ, আৰু মমেৰে পৰা তৈয়াৰ কৰা হয়। তৰ্পা বাদকগৰাকীয়ে পৰিচালকৰ ভূমিকা পালন কৰে, গোটৰ সমকেন্দ্ৰিক গতিৰ দিশ আৰু সামূহিক ছন্দ নিয়ন্ত্ৰণ কৰে।

 

 

 

চাৰি নৃত্য (ৰাজস্থান)

নতুন দিল্লীৰ ‘শ্ৰী নটৰাজ কলা কেন্দ্ৰ‘-ৰ মহিলা দলটোৱে ‘চাৰি নৃত্য‘ৰ আড়ম্বৰ আৰু পৰম্পৰা প্ৰদৰ্শন কৰে। গুৰ্জৰ সমাজৰ মাজত জনপ্ৰিয় এই শিল্পীসকলে নিপুণভাৱে মূৰত জিলিকি থকা পিতলৰ পাত্ৰ (চাৰি)ৰ সুন্দৰ্ ভাৰসাম্য ৰক্ষা কৰিছিল, এয়া আজমেৰ আৰু কিষানগড়ৰ বিবাহ আৰু উৎসৱসমূহৰ অবিচ্ছেদ্য সৌন্দৰ্য্য আৰু শোভাৰ প্ৰতীক আছিল।

 

 

 

লাৱনী (মহাৰাষ্ট্ৰ)

নতুন দিল্লীৰ ‘হামৰাজ আৰ্ট‘-য়ে মহাৰাষ্ট্ৰৰ পৰম্পৰাগত দৰদী লোকনৃত্য আৰু সংগীত পৰিৱেশন কৰে। পৰম্পৰাগত ‘নৌৱাৰী শাৰী‘ পিন্ধি মহিলা নৃত্যশিল্পীসকলে তেওঁলোকৰ উৎসাহী, প্ৰকাশভংগীমূলক লয়লাস আৰু আৱেগিক কাহিনী-কথনৰ দ্বাৰা দৰ্শকক মোহিত কৰিছিল, এই সকলোবোৰ সঞ্চালিত হৈছিল ঢোলৰ শক্তিশালী ছন্দত।

 

 

 

ৰাম বন্দনা (অসম)

গুৱাহাটীৰ ‘চিবিচি‘ৰ সংমণ্ডলীয় শিল্পীসকলে পঞ্চদশ শতিকাৰ মহান অসমীয়া সন্ত তথা সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱৰ "ৰাম বিজয়" নাটকৰ এটা চুটি অংশৰ আধাৰত ভক্তিমূলক আৰু দৃষ্টিনন্দন অভিনয় প্ৰদৰ্শন কৰে। পৰিৱেশনাত নাট্য আৰু ভক্তিৰ মিশ্ৰণেৰে পৰিশোধিত ধ্ৰুপদী সত্ৰীয়া নৃত্য ৰূপ ব্যৱহাৰ কৰা হৈছে।

 

 

 

 

বিহু (অসম)

গুৱাহাটীৰ ‘অসম শিল্পী সমাজ‘-য়ে প্ৰাণোচ্চল, পৰম্পৰাগত লোকনৃত্য বিহুৰে সন্ধিয়াৰ সামৰণি মাৰে। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি যুৱক-যুৱতীসকলে ঢোল (ঢোল), পেঁপা (ম’হৰ শিঙৰ বাদ্যযন্ত্ৰ), আৰু গগনা (বাঁহৰ বাদ্যযন্ত্ৰ) আদি পৰম্পৰাগত বাদ্যযন্ত্ৰৰ উদ্দেলিত ছন্দৰ সমাহাৰত প্ৰাণময় কৰি তোলা দ্ৰুত ভংগীমাৰ এই লোক নৃত্যই কৃষি বতৰৰ আৱেগ উথলাই তুলিছিল।

 

সন্ধিয়াৰ উল্লেখনীয় কাৰ্যক্ৰমত কাশ্মীৰ আৰু হিমাচলৰ পৰিৱেশনাও আলোকিত হৈ উঠিছিল, দেশৰ উত্তৰ প্ৰান্তৰ পাৰ্বত্য এলেকাৰ দৃষ্টিনন্দন প্ৰদৰ্শনে শ্ৰোতা-দৰ্শকক অভিভূত কৰি তুলিছিল। কাশ্মীৰৰ লোক শিল্পীসকলে তেওঁলোকৰ আঞ্চলিক ৰূপত নিহিত প্ৰশান্ত সৌন্দৰ্য্য আৰু কাহিনীৰ গভীৰতাৰে সভাস্থলীক মোহিত কৰাৰ বিপৰীতে হিমাচলৰ উত্সাহী আৰু সজীৱ লোকনৃত্যই পাৰ্বত্য ৰাজ্যখনৰ পৃথক, উদযাপনমূলক সংস্কৃতি আৰু ৰঙীন সাজ-পোছাক প্ৰদৰ্শন কৰি সন্ধিয়াৰ প্ৰদৰ্শনীৰ সাংস্কৃতিক গতিধাৰাক আৰু অধিক বৰ্ণাঢ্য কৰি তুলিছিল।

 

আই এফ এফ আই-ৰ তৃতীয় দিনটোৰ সাংস্কৃতিক শিতানটোৱে ছবি প্ৰদৰ্শনৰ মাজত এক সমৃদ্ধ, প্ৰয়োজনীয় বিৰতি আগবঢ়াইছিল, এই উৎসৱটো যে কেৱল ছবিক লৈয়ে নহয়, বৰঞ্চ ভাৰতৰ চহকী সৃষ্টিশীল আৰু সাংস্কৃতিক পৰিৱেশটোক পুষ্টি প্ৰদান কৰা বৈচিত্ৰময়, জীৱন্ত শিল্পৰূপসমূহৰ প্ৰদৰ্শনৰো উপলক্ষ সেই কথাকো প্ৰতিপন্ন কৰিছে। অন্তিম কাৰ্যসূচী বিহুৰ চাপৰৰ পিছত যেনেদৰে হাতচাপৰিৰ জোৱাৰ উঠিছিল সেয়াই যেন পৰিৱেশন আৰু পৰম্পৰাগত কলাৰ শক্তিক পুনৰাই প্ৰতিপন্ন কৰিছিল।

 

আই এফ এফ আইৰ বিষয়ে

১৯৫২ চনত শুভাৰম্ভ কৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-য়ে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমা উদযাপন হিচাপে প্ৰসিদ্ধি লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, গোৱা ৰাজ্য চৰকাৰৰ বিনোদন সমিতি (ই এছ জি) তথা গোৱা চৰকাৰে যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱখন এক গোলকীয় চলচ্চিত্ৰৰ শক্তিকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী সম্পৰীক্ষাৰ সন্মুখীন হয়, আৰু কিংবদন্তি শিল্পীসকলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা নিৰ্ভীকসকলৰ সৈতে একেটা স্থানতে সমবেত হয়। আইএফএফআই-ক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল  ইয়াৰ সৈতে অনুষ্ঠিত কৰা  আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিসমৃদ্ধ WAVES ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি তথা সহযোগিতাসমূহে ডেউকা মেলে। ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ অতুলনীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন হিচাপে চমক সৃষ্টি কৰিব পৰা— ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক বৰ্ণালীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

 

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Jaydevi Pujari Swami/Mohammad Aqib Khan/Darshana Rane | IFFI 56 – 038/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Release ID: 2193373   |   Visitor Counter: 3