গৃহ মন্ত্ৰালয়
আজি আহমেদাবাদত অনুষ্ঠিত আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত একাংশ শিশুক গ্ৰন্থ বিতৰণ কৰাৰ লগতে বিভিন্ন বিপনী পৰিদৰ্শন কৰে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে
গ্ৰন্থ কেৱল জ্ঞানৰ উৎসই নহয় ব্যক্তিত্ব বিকাশৰ বাবেও এক গুৰুত্বপূৰ্ণ মাধ্যম
সাহিত্যিক অনুষ্ঠান, লোকগীত আৰু কবিতা আবৃত্তি আৰু ষ্টাৰ্ট-আপ ফ’ৰামৰ আয়োজন কৰা এই মেলাখনে পঢ়া-শুনা আৰু দক্ষতা বিকাশৰ প্ৰসাৰৰ জৰিয়তে শিশু আৰু যুৱক-যুৱতীসকলক বৌদ্ধিকভাৱে সমৃদ্ধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব
পোষ্ট কৰা হৈছে:
22 NOV 2025 6:11PM by PIB Guwahati
আজি আহমেদাবাদত অনুষ্ঠিত আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে একাংশ শিশুক গ্ৰন্থ বিতৰণ কৰাৰ লগতে বিভিন্ন বিপনী পৰিদৰ্শন কৰে।
‘এক্স’ৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে গ্ৰন্থ কেৱল জ্ঞানৰ উৎসই নহয়, ব্যক্তিত্ব বিকাশৰ বাবেও এক গুৰুত্বপূৰ্ণ মাধ্যম। তেওঁ কয়, আজি মই এএমচি আৰু নেচনেল বুক ট্ৰাষ্ট (এনবিটি)ৰ উদ্যোগত আয়োজিত আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত শিশুসকলক গ্ৰন্থ বিতৰণ কৰাৰ লগতে বিভিন্ন বিপনী পৰিদৰ্শন কৰিলোঁ।
শ্ৰী শ্বাহে কয় যে সাহিত্যিক অনুষ্ঠান, লোকগীত আৰু কবিতা আবৃত্তি আৰু ষ্টাৰ্ট-আপ মঞ্চ আয়োজন কৰা এই মেলাখনে পঢ়া-শুনা আৰু দক্ষতা বিকাশৰ প্ৰসাৰৰ জৰিয়তে শিশু আৰু যুৱক-যুৱতীসকলক বৌদ্ধিকভাৱে সমৃদ্ধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
.
*****
RK / RR / PS/DB
(ৰিলিজ আই ডি : 2192959)
অতিথি কক্ষ : 29