গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীৰ বিজ্ঞান ভৱনত দুৰ্যোগ তথ্য ব্যৱস্থাপনাৰ বিকাশৰ এছিয়ান আৰু প্ৰশান্ত মহাসাগৰীয় কেন্দ্ৰৰ (এপিডিআইএম) অন্তৰ্ভুক্তিমূলক দুৰ্যোগ সম্ভাৱনা তথ্য প্ৰশাসনৰ দশম অধিৱেশন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ক্ষতিশংকা মূল্যায়ন, প্ৰাৰম্ভিক সতৰ্কবাণী প্ৰচাৰ আৰু জলবায়ু-প্ৰতিৰোধী আন্তঃগাঁথনি পৰিকল্পনাকে সামৰি সামগ্ৰিক ক্ষমতাৰ নিৰ্মাণ কাৰ্যসূচী গ্ৰহণ কৰিব: গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়

ভাৰতে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দুৰ্যোগ আৰু জলবায়ুজনিত ক্ষতিশংকা হ্ৰাস কৰিবলৈ এপিডিআইএম আৰু আঞ্চলিক অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে মন্ত্ৰী ৰায়ে

ইউএন ইএছচিএপি, এপিডিআইএম আৰু অন্যান্য বহুপাক্ষিক মঞ্চৰ সৈতে এই অংশীদাৰিত্ব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্যোগ প্ৰশমনৰ বাবে ১০ দফীয়া এজেণ্ডাৰ দ্বাৰা পৰিচালিত

এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দুৰ্যোগৰ সম্ভাৱনা হ্ৰাস কৰাৰ বাবে আঞ্চলিক সহযোগিতা বৃদ্ধি আৰু উদ্ভাৱনীমূলক কৌশল প্ৰয়োগৰ বাবে এক সন্মিলিত প্ৰতিশ্ৰুতিৰে অধিবেশনৰ সামৰণি

Posted On: 22 NOV 2025 9:42AM by PIB Guwahati

নতুন দিল্লীৰ বিজ্ঞান ভৱনত দুৰ্যোগ তথ্য ব্যৱস্থাপনাৰ বিকাশৰ এছিয়ান আৰু প্ৰশান্ত মহাসাগৰীয় কেন্দ্ৰ (এপিডিআইএম) ৰ অন্তৰ্ভুক্তিমূলৰ দুৰ্যোগ সম্ভাৱনা তথ্য প্ৰশাসনৰ দশম অধিৱেশন অনুষ্ঠিত হয়। ভাৰতীয় প্ৰতিনিধিৰ দলটোৰ নেতৃত্ব প্ৰদান কৰে গৃহ পৰিক্ৰমা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে। প্ৰতিনিধি দলটোত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য তথা বিভাগৰ মুৰব্বী শ্ৰী ৰাজেন্দ্ৰ সিং আৰু এনডিএমএৰ সচিব শ্ৰী মনীষ ভৰদ্বাজো উপস্থিত থাকে।

উদ্বোধনী ভাষণত শ্ৰী নিত্যানন্দ ৰায়ে আঞ্চলিক দুৰ্যোগ প্ৰতিৰোধ আৰু সহযোগিতাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ অধ্যক্ষতাৰ অধীনত আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰতে সামগ্ৰিক ক্ষমতাৰ নিৰ্মাণ কাৰ্যসূচী গ্ৰহণ কৰিব য'ত ক্ষতিশংকা মূল্যায়ন, ভূ-স্থানিক প্ৰয়োগ, প্ৰভাৱভিত্তিক পূৰ্বানুমান, প্ৰাৰম্ভিক সতৰ্কতা প্ৰচাৰ আৰু জলবায়ু-প্ৰতিৰোধী আন্তঃগাঁথনি পৰিকল্পনা অন্তৰ্ভুক্ত থাকিব।

ভাৰতে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দুৰ্যোগ আৰু জলবায়ুজনিত ক্ষতিশংকা হ্ৰাস কৰিবলৈ এপিডিআইএম আৰু আঞ্চলিক অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে। ইউএন ইএছচিএপি, এপিডিআইএম আৰু অন্যান্য বহুপাক্ষিক মঞ্চৰ সৈতে এই অংশীদাৰিত্ব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্যোগ প্ৰশমনৰ বাবে ১০ দফীয়া এজেণ্ডাৰ দ্বাৰা পৰিচালিত। এই কাৰ্যসূচীত স্থানীয় পৰ্যায়ত বিনিয়োগ, প্ৰযুক্তিৰ ব্যৱহাৰ, বিশ্ববিদ্যালয় আৰু গৱেষণা কেন্দ্ৰসমূহৰ মাজত নেটৱৰ্ক গঢ়ি তোলা, ক্ষতিশংকা তথ্য শক্তিশালী কৰা আৰু আঞ্চলিক সহযোগিতাক প্ৰোৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

অধিৱেশনৰ সামৰণি পৰ্বত এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দুৰ্যোগৰ সম্ভাৱনা হ্ৰাসৰ বাবে আঞ্চলিক সহযোগিতা আৰু উদ্ভাৱনীমূলক কৌশলৰ প্ৰয়োগৰ প্ৰতি সহমত প্ৰকাশ কৰা হয়। বৈঠকত এপিডিআইএমৰ ওপৰত বিগত বৰ্ষৰ কাৰ্যকলাপৰ ওপৰত পৰিচালনা পৰিষদৰ আলোচনাৰ নিৰ্দিষ্ট এজেণ্ডা; ২০২৬ চনত গ্ৰহণ কৰিবলগীয়া কাৰ্যকলাপ আৰু ২০২০-২০৩০ ৰ কৌশলগত কৰ্ম পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হয়। এই বৈঠকৰ ফলাফলে এপিডিআইএমৰ সামগ্ৰিক কাৰ্যসূচীক নিৰ্দেশনা প্ৰদান কৰিব আৰু ছেণ্ডাই ফ্ৰেমৱৰ্ক আৰু ২০৩০ এজেণ্ডাৰ লক্ষ্যসমূহত অগ্ৰসৰ হোৱাত সহায় কৰিব।

গভৰ্ণিং কাউন্সিলৰ দশম অধিৱেশনত বাংলাদেশ, ইৰাণ, মালদ্বীপ, কাজাখস্তান, মংগোলিয়া আৰু তুৰস্ককে ধৰি সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিৰ লগতে তাজিকিস্তানৰ পৰ্যবেক্ষক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই অধিৱেশনত ৰাষ্ট্ৰসংঘৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক আয়োগৰ প্ৰশাসনিক সঞ্চালক ষ্টিফেন কুপাৰ; লেটিজিয়া ৰোছানো, এপিডিআইএমৰ সঞ্চালক; এপিডিআইএমৰ জ্যেষ্ঠ সমন্বয়ক মোস্তাফা মোহংহেগ; এপিডিআইএম সচিবালয়, ইৰাণৰ আৰু পৰ্যবেক্ষক সংগঠনৰ আন বিষয়াসকল উপস্থিত থাকে।

*****

RK / RR / PS/DB


(Release ID: 2192823) Visitor Counter : 5