iffi banner

ইউনিচেফ এক্স আইএফএফআইঃ পাঁচখন ছবি, এক সাৰ্বজনীন কাহিনী

৫৬সংখ্যক আইএফএফআইত সমগ্ৰ বিশ্বৰ পাঁচখন চলচ্চিত্ৰ প্ৰদৰ্শিত হ'ব য'ত শৈশৱৰ সাহস, সৃষ্টিশীলতা আৰু সপোনৰ সন্ধান দিয়ে

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-এ পুনৰবাৰ ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (ইউনিচেফ)ৰ সৈতে অংশীদাৰিত্বৰে শৈশৱৰ বহু ক’লা অধ্যায়, ইয়াৰ আশ্চৰ্য্য, ইয়াৰ সংগ্ৰাম আৰু ইয়াৰ অভেদ্য স্থিতিস্থাপকতাক উদযাপন কৰিছে, যিবোৰ কাহিনীয়ে গতিশীলতা, প্ৰত্যাহ্বান আৰু অনুপ্ৰাণিত কৰে!

ইউনিচেফ এক্স আইএফএফআইৰ সহযোগিতা প্ৰথম ২০২২ চনত আৰম্ভ হৈছিল।এতিয়া চতুৰ্থ বছৰত, শিশুৰ অধিকাৰ আৰু চলচ্চিত্ৰ মহোৎসৱৰ জগতৰ পৰা দুটা বিখ্যাত ব্ৰেণ্ডৰ মিলনে চিনেমাই বিবেকৰ সৈতে একত্ৰিত হোৱা এটা স্থান গঢ়ি তুলিছে। আইএফএফআইৰ ৫৬সংখ্যক সংস্কৰণে এনে ছবিসমূহক একত্ৰিত কৰে, যিয়ে বিভিন্ন সংস্কৃতিৰ মাজেৰে শিশুৱে বাস্তৱতাৰ সন্মুখীন হয় আৰু লগতে তেওঁলোকৰ সাহস, সৃষ্টিশীলতা আৰু আশাক উদযাপন কৰে। ইউনিচেফৰ মানৱীয় দৃষ্টিভংগীক চিনেমাৰ প্ৰকাশভংগীৰ শক্তিৰ সৈতে একত্ৰিত কৰি এই অংশীদাৰিত্বই চিনেমাৰ শক্তিক পুনৰ দৃঢ় কৰি তুলিছে যাতে প্ৰতিজন শিশুৰ উন্নত পৃথিৱীৰ অধিকাৰৰ বাবে সহানুভূতি জাগ্ৰত আৰু কাৰ্য্যৰ বাবে অনুপ্ৰাণিত হয়।

পাঁচখন ছবি, এটা সাৰ্বজনীন কাহিনী

এইবাৰৰ শৃংখলাত সমগ্ৰ বিশ্বৰ পাঁচখন দেশ ক’ছ’ভ’, দক্ষিণ কোৰিয়া, ইজিপ্ত আৰু ভাৰতৰ পাঁচখন ব্যতিক্ৰমী ছবি প্ৰদৰ্শিত হ’ব আৰু প্ৰত্যেকেই শৈশৱৰ এক বেলেগ সত্য উন্মোচন কৰিব। য’ত সামগ্ৰীৰ সন্ধান, মৰ্যাদাৰ যুঁজ, প্ৰেমৰ প্ৰয়োজনীয়তা আৰু স্বাধীনতাৰ সপোন আদি প্ৰতিফলিত হৈছে। একেসময়তে এইবোৰে এক মাৰ্মান্তিক চিনেমাৰ টেপেষ্ট্ৰী গঠন কৰে, যিয়ে ইউনিচেফ আৰু আইএফএফআইৰ উমৈহতীয়া মনোভাৱক মূৰ্ত কৰি তোলে, কাহিনী কোৱাৰ শক্তিৰ ওপৰত বিশ্বাস দিয়ে, যিয়ে সহৃদয়তাৰে প্ৰতিটো শিশুৰ বাবে অধিক ন্যায়সংগত, দয়ালু পৃথিৱী গঢ় দিয়ে।

১। হেপ্পী বাৰ্থদে (ইজিপ্ত/ইজিপ্তিয়ান আৰবী ভাষা) ইজিপ্টৰ চলচ্চিত্ৰ নিৰ্মাতা ছাৰা গোহাৰেৰ হৃদয়স্পৰ্শী অভিষেক হেপ্পী বাৰ্থডে'ৰ প্ৰিমিয়াৰ ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱ ২০২৫ত হৈছিল। এইখনৰ জৰিয়তে ইজিপ্টৰ পৰা অস্কাৰৰ আনুষ্ঠানিক প্ৰৱেশো ঘটে। ইয়াত ট'হাৰ কাহিনী বৰ্ণনা কৰা হৈছে, এগৰাকী আঠ বছৰীয়া ছোৱালী, যি তেওঁৰ বেষ্ট ফ্ৰেণ্ড নেলীৰ বাবে এটা নিখুঁত জন্মদিনৰ পাৰ্টি আয়োজন কৰিবলৈ দৃঢ় সংকল্পবদ্ধ যদিও তেওঁৰ চাৰিওফালে থকা পৃথিৱীখন ন্যায্য নহয়। আধুনিক কাইৰোত অৱস্থিত, ছবিখনে বিশেষাধিকাৰ আৰু নিষ্কলুষ তীব্ৰ বিভাজন উন্মোচন কৰে, শিশুসকলে কেনেকৈ মানৱতাক তেওঁলোকৰ চাৰিওফালে থকা প্ৰাপ্তবয়স্কসকলতকৈ অধিক স্পষ্টভাৱে দেখে।

বন্ধুত্ব আৰু বৈষম্যক প্ৰদৰ্শন কৰি, হেপ্পী বাৰ্থডে' ছবিখনে প্ৰতিজন শিশুৰ বাবে মৰ্যাদা, সমতা আৰু সুযোগৰ প্ৰতি ইউনিচেফৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে, তেওঁলোকে ক'ত জন্মগ্ৰহণ কৰে সেয়া গুৰুত্বপূৰ্ণ নহয়।

কাদল কান্নী (ভাৰত/তামিল ভাষা)

তামিল চলচ্চিত্ৰ নিৰ্মাতা দীনেশ চেলভাৰজৰ গীতিময় বৈশিষ্ট্য কাদল কান্নীয়ে এনে এখন পৃথিৱী চিত্ৰিত কৰিছে য’ত অনাথ শিশুৱে যত্ন, আৰাম আৰু নিজৰ বুলি ভবাৰ প্ৰতীক ভগৱান আৰু জলপৰীৰ সপোন দেখে। বাস্তৱবাদ আৰু কল্পনাৰ মিশ্ৰণৰ জৰিয়তে ছবিখনে শিশুক কষ্টৰ সময়তো টিকিয়াই ৰখা কল্পনাক উদযাপন কৰি আমাক সোঁৱৰাই দিয়ে যে সপোনবোৰেই প্ৰায়ে তেওঁলোকৰ জীয়াই থকাৰ প্ৰথম ৰূপ। কবিতা আৰু মমতাৰে কাদল কান্নীয়ে ইউনিচেফ এক্স আইএফআই শ্ব’কেছক সুন্দৰভাৱে পৰিপূৰক কৰি তুলিছে, প্ৰতিটো শিশুৰ সপোন দেখা, দেখা পোৱা আৰু ভাল পোৱাৰ অধিকাৰ উদযাপন কৰিছে।

পুতুল (ভাৰত/হিন্দী ভাষা)

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰাধেশ্যাম পিপালৱাৰ পুতুলত পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদৰ আৱেগিক ধুমুহাত ধৰা পৰা সাত বছৰীয়া কিশোৰীক চিত্ৰায়ণ কৰা হৈছে। আঘাতপ্ৰাপ্ত আৰু বিভ্ৰান্ত হৈ তাই বন্ধু-বান্ধৱীৰ “ডেমেজড গেং” নামৰ এটা গোট আৰু তাইৰ প্ৰিয় আইতাকৰ পৰা সান্ত্বনা বিচাৰে। যেতিয়া তাই নিৰুদ্দেশ হয়, তাইৰ পিতৃ-মাতৃয়ে কেৱল নিজৰ ভয়ৰেই নহয়, তেওঁলোকৰ নিজৰ অন্তৰালত থকা বিভাজনৰো মুখামুখি হ'বলৈ বাধ্য হয়। স্পৰ্শকাতৰ আৰু গভীৰভাৱে মানৱীয়, পুতুলে থানবান হোৱা পৰিয়ালৰ শিশুসকলৰ নীৰৱ সুস্থিৰতা অন্বেষণ কৰে। ই ইউনিচেফৰ মানসিক কল্যাণ আৰু প্ৰতিজন শিশুৰ প্ৰেম, বুজাবুজি আৰু সুৰক্ষাত বৃদ্ধিৰ অধিকাৰৰ প্ৰতিবাদত প্ৰতিধ্বনিত হয়।

বিটল প্ৰজেক্ট (কোৰিয়া/কোৰীয়ান ভাষা) কোৰিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা জিন কোৱানগ-কিঅ'ৰ হৃদয়স্পৰ্শী দ্য বিটল প্ৰজেক্ট, এছিয়ান পপ আপ, চিকাগোত প্ৰিমিয়াৰ হয়। ছবিখনৰ আৰম্ভণিতে উত্তৰ কোৰিয়াৰ পৰা এটা পোক এটা দক্ষিণ কোৰিয়াৰ ছোৱালীৰ হাতত পৰাৰ দৃশ্য দেখিবলৈ পোৱা যায়। এই ভেকুলীটোৱে কোৰিয়াৰ সীমান্তৰ দুয়োপাৰে থকা শিশুৰ মাজত কৌতূহল আৰু সংযোগ স্থাপন কৰে। ই এক আশ্চৰ্যকৰ সমন্বয়ৰ প্ৰতীক হৈ পৰে যি বিভেদক অতিক্ৰম কৰে। উষ্ণতা আৰু হাস্যৰসৰ সৈতে বৰ্ণনা কৰা এই ছবিখনে কৌতূহল, সহানুভূতি আৰু নিষ্কলূষ আশাক উদযাপন কৰে যিয়ে বৃহত্তৰ দূৰত্বকো অতিক্ৰম কৰে। ইয়াৰ পুনৰ মিলন আৰু সহানুভূতিশীল মনোভাৱৰ সৈতে, দ্য বিটল প্ৰজেক্টত শান্তি আৰু বুজাবুজিৰ বাবে যুৱ মনৰ কল্পনা আৰু সহানুভূতিশীলতাৰ ওপৰত ইউনিচেফৰ বিশ্বাসৰ প্ৰতিফলন ঘটিছে।

৫) অডিছি অফ জয় (Odiseja e Gëzimit) ((ফ্ৰান্স, '''/ আলবেনিয়ান, ইংৰাজী, ফৰাচী, ৰোমানী ভাষা)

কছোভান চলচ্চিত্ৰ নিৰ্মাতা জিজিম টাৰ্জিকিৰ গভীৰভাৱে আবেগিক আগমনৰ প্ৰথম ছবি অডিছি অব্ জয়ৰ প্ৰিমিয়াৰ হয় ২০২৫ চনৰ কাইৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত। এই কাহিনীটো নতুন সহস্ৰাব্দৰ আৰম্ভণিতে সংঘটিত হয়, য'ত ১১ বছৰীয়া লিছ, যাৰ পিতৃ যুদ্ধত সন্ধানহীন হয়, দুখ আৰু বৃদ্ধিৰ মাজত নিজকে বিচলিত দেখা পায়। যুদ্ধোত্তৰ ক'ছোভ'ত স্থানীয় শিশুক মনোৰঞ্জন দিবলৈ ফৰাচী ক্লাউনৰ দলত যোগদান কৰি লিছে আৰোগ্যৰ দিশে এক শান্ত যাত্ৰা আৰম্ভ কৰে আৰু আৱিষ্কাৰ কৰে যে এবাৰ হেৰুওৱা আশাক কেতিয়া পুনৰুদ্ধাৰ কৰিব পাৰি। সুক্ষ্ম অথচ গভীৰ, অডিছি অব্ জয়ে সংগ্ৰামৰ মাজতে শৈশৱক সংজ্ঞায়িত কৰা সুস্থিৰতাৰ মনোভাৱক বন্দী কৰে, প্ৰতিজন শিশুৰ আনন্দ, সুৰক্ষা আৰু ভৱিষ্যতৰ অধিকাৰৰ প্ৰতি ইউনিচেফৰ স্থায়ী বিশ্বাসৰ প্ৰতিধ্বনি কৰে।

এই পাঁচখন চলচ্চিত্ৰই ইউনিচেফ আৰু আইএফএফআইৰ সহযোগিতাৰ অন্তৰায়ক একত্ৰিত কৰিছে, চলচ্চিত্ৰৰ পৰিৱৰ্তনশীল শক্তি ব্যৱহাৰ কৰি সকলো ঠাইৰ শিশুৰ আশা, ভয় আৰু বিজয়ক কণ্ঠ প্ৰদান কৰিছে।

সমগ্ৰ বিশ্বৰ শিশুৰ জীৱনক চিত্ৰিত কৰা এই শক্তিশালী চলচ্চিত্ৰসমূহৰ প্ৰদৰ্শন অবিস্মৰণীয়। ইউনিচেফ এক্স আইএফএফআই চলচ্চিত্ৰৰ প্ৰদৰ্শনৰ সময়সূচী চাবলৈ ইয়াত ক্লিক Click here কৰক।

 * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Ritu Shukla/Sriyanka Chatterjee/Darshana Rane | IFFI 56 – 013/DB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2191991   |   Visitor Counter: 30