প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰি কয় যে চৰকাৰে সীমান্তৱৰ্তী গাঁওসমূহৰ বাবে সজীৱ গাঁও কাৰ্যসূচী আৰম্ভ কৰিছে বুলি কয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

পূৰ্বতে সীমান্তৰ গাঁওবোৰক দেশৰ শেষ গাঁও বুলি গণ্য কৰা হৈছিল যদিও এতিয়া এই ধাৰণা সলনি হৈছে আৰু এই গাঁওবোৰক এতিয়া শেষ গাঁও নহয়, বৰঞ্চ সীমান্তৰ প্ৰথম গাঁও বুলি গণ্য কৰা হৈছে।
স্বাধীনতা দিৱস উদযাপনত বিশেষ অতিথি হিচাপে নিমন্ত্ৰিত প্ৰায় ৬০০ গাঁওবুঢ়াই নতুন সংকল্প আৰু শক্তিৰে প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছে।

प्रविष्टि तिथि: 15 AUG 2023 1:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰি কয় যে চৰকাৰে সীমান্তৱৰ্তী গাঁওসমূহৰ বাবে সজীৱ গাঁও কাৰ্যসূচী আৰম্ভ কৰিছে। তেওঁ কয় যে এই গাঁওসমূহ পূৰ্বতে দেশৰ শেষ গাঁও বুলি গণ্য কৰা হৈছিল যদিও এতিয়া এই ধাৰণা সলনি হৈছে। তেওঁ কয় যে এই গাঁওসমূহ সীমান্তৰ শেষ গাঁও নহয়, প্ৰথম গাঁও। তেওঁ কয় যে যেতিয়া পূব দিশত সূৰ্য্য উদয় হয় তেতিয়া সূৰ্য্যৰ প্ৰথম ৰশ্মিয়ে সীমান্তৰ গাঁওবোৰ স্পৰ্শ কৰে আৰু সূৰ্য্য অস্ত গ’লে এইফালৰ গাঁওবোৰে শেষ ৰশ্মি উপভোগ কৰে। সীমান্ত গাঁৱৰ পৰা প্ৰায় ৬০০ গাঁওবুঢ়াক স্বাধীনতা দিৱস উদযাপনলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে এই বিশেষ অতিথিসকলে প্ৰথমবাৰৰ বাবে নতুন সংকল্প আৰু শক্তিৰে ইমান দূৰলৈ আহিছে।

*****

RK/AY/AKS/AS


(रिलीज़ आईडी: 2189228) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Telugu , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Kannada , Malayalam