লোকসভা সচিবালয়
azadi ka amrit mahotsav

লোকসভাৰ অধ্যক্ষই সকলো ৰাজনৈতিক দলকে বিধায়িনী প্ৰতিষ্ঠানৰ মৰ্যাদা ৰক্ষা কৰিবলৈ আৰু কাৰ্য্যবিধিৰ শৃংখলাবদ্ধ পৰিচালনা নিশ্চিত কৰিবলৈ আহ্বান জনায়; তেওঁ কয়- পৰিকল্পিত ব্যাঘাতে গণতন্ত্ৰক দুৰ্বল কৰে

বিধানসভাই জনমতক নীতিলৈ ৰূপান্তৰিত কৰিব লাগিব: লোকসভাৰ অধ্যক্ষ

উত্তৰ-পূবৰ বাবে উন্নয়নৰ কৌশলসমূহে জলবায়ু স্থিতিস্থাপকতা, সেউজ আন্তঃগাঁথনি আৰু সম্প্ৰদায়ৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিব লাগে: লোকসভাৰ অধ্যক্ষ

উত্তৰ-পূবৰ বিধানসভাসমূহত উল্লেখযোগ্য ডিজিটেল পৰিৱৰ্তন সংঘটিত হৈছে, কৃত্ৰিম বুদ্ধিমত্তা দায়িত্বশীলভাৱে আৰু নৈতিকভাৱে ব্যৱহাৰ কৰিব লাগিব: লোকসভাৰ অধ্যক্ষ

ফলপ্ৰসূ শাসন আৰু সফল নীতিগত ফলাফল প্ৰদানৰ বাবে কেন্দ্ৰ–ৰাজ্যৰ শক্তিশালী সহযোগিতা অতি গুৰুত্বপূৰ্ণ: লোকসভাৰ অধ্যক্ষ

লোকসভাৰ অধ্যক্ষই কোহিমাত ২২ সংখ্যক চিপিএ সন্মিলন উদ্বোধন কৰে; নাগালেণ্ডকে ধৰি উত্তৰ-পূবৰ সকলো ৰাজ্যই আত্মনিৰ্ভৰশীল ভাৰতৰ দৃষ্টিভংগীৰ অংশীদাৰ হৈ পৰিছে: লোকসভাৰ অধ্যক্ষ

Posted On: 10 NOV 2025 4:51PM by PIB Guwahati

লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই আজি সকলো ৰাজনৈতিক দলকে বিধানসভাৰ কাম-কাজ  মসৃণ আৰু শৃংখলাবদ্ধভাৱে সম্পন্ন কৰাটো সুনিশ্চিত কৰি  বিধায়িনী প্ৰতিষ্ঠানৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ  আহ্বান জনায়। অধ্যক্ষই  কয় যে গণতন্ত্ৰই শান্তিপূৰ্ণ, গাঁথনিগত আৰু জ্ঞাত আলোচনাৰ জৰিয়তে বিষয়ৰ উত্থাপন, উদ্বেগ প্ৰকাশ কৰা আৰু বিতৰ্কত লিপ্ত হোৱাৰ যথেষ্ট পথ প্ৰদান কৰে। কোহিমাত থকা  নাগালেণ্ড বিধানসভাত অনুষ্ঠিত হৈ থকা কমনৱেলথ সংসদীয় সন্থাৰ (চিপিএ), ভাৰত অঞ্চলৰ তৃতীয় খণ্ডৰ বাৰ্ষিক সন্মিলনৰ সময়তে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ সতৰ্ক কৰি দিয়ে যে পৰিকল্পিত ব্যাঘাতে কেৱল গণতান্ত্ৰিক প্ৰক্ৰিয়াক ক্ষতিগ্ৰস্ত কৰাই নহয়, জবাবদিহিতাকো ক্ষতিগ্ৰস্ত কৰে।  ২০২৫ চনৰ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ আগন্তুক শীতকালীন অধিৱেশনৰ কথা উল্লেখ কৰি অধ্যক্ষই সকলো ৰাজনৈতিক দলকে সদনৰ কাম-কাজ সুচাৰুৰূপে চলোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ  কয় যে স্বচ্ছ শাসন আৰু কল্যাণমুখী নীতি নিৰ্ধাৰণৰ বাবে বিধায়িনী দলসমূহে অধিক সক্ৰিয় আৰু গঠনমূলক ভূমিকা পালন কৰিব লাগিব।

 

ইয়াৰ পূৰ্বে কমনৱেলথ পাৰ্লিয়ামেণ্টেৰী এছ’চিয়েশ্যন (চিপিএ) ইণ্ডিয়া ৰিজিঅ’ন, জ’ন–৩ সন্মিলন  উদ্বোধন কৰাৰ সময়ত অধ্যক্ষই আলোকপাত কৰে যে জনমতক নীতিলৈ ৰূপান্তৰিত কৰাত বিধানসভাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। শ্ৰী ওম বিৰলাই কয়  যে বিধায়িনী দলৰ দায়িত্ব আইন প্ৰণয়নৰ বাহিৰলৈও বিস্তৃত— সেয়া হৈছে জনসাধাৰণৰ আকাংক্ষা আৰু উদ্বেগক কাৰ্য্যকৰী নীতিলৈ ৰূপান্তৰ কৰা। তেওঁ কয় যে সৰ্বাংগীন উন্নয়ন কেৱল সক্ৰিয় জনসাধাৰণৰ অংশগ্ৰহণৰ দ্বাৰাহে সম্ভৱ, এই কথা উল্লেখ কৰি তেওঁ কয়  যে প্ৰকৃত অগ্ৰগতি তেতিয়াই হয় যেতিয়া নাগৰিকসকল গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হয়। জনপ্ৰতিনিধিসকলে সেয়েহে নিশ্চিত কৰিব লাগিব যাতে  নীতি নিৰ্ধাৰণত নাগৰিকৰ কণ্ঠ অৰ্থপূৰ্ণভাৱে প্ৰতিফলিত হয়।

এইবাৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে “নীতি, প্ৰগতি, আৰু নাগৰিক: পৰিৱৰ্তনৰ অনুঘটক হিচাপে বিধানসভা”। শ্ৰী বিৰলাই আশা প্ৰকাশ কৰে যে সন্মিলনৰ সময়ত অৰ্থপূৰ্ণ আলোচনাই উত্তৰ-পূবৰ বিধায়িনী দলসমূহক অধিক ক্ষমতাশালী, জবাবদিহি আৰু কাৰ্যক্ষম কৰি তোলাৰ লক্ষ্যৰে সুনিৰ্দিষ্ট কাৰ্য্য পৰিকল্পনা গ্ৰহণত সহায় কৰিব।

ভাষণত অধ্যক্ষই নাগৰিকসকলক গণতন্ত্ৰৰ কআ, চপাই অনাৰ ক্ষেত্ৰত নতুন প্ৰযুক্তি আৰু উদ্ভাৱনৰ প্ৰভাৱৰ বিষয়ত আলোকপাত কৰে। তেওঁ  আঙুলিয়াই দিয়ে যে এতিয়া বেছিভাগ  বিধানসভাই কাগজবিহীন আৰু ডিজিটেল ব্যৱস্থালৈ পৰিৱৰ্তিত হৈছে। তেওঁ পুনৰ কয় যে ভাৰতীয় গণতন্ত্ৰৰ ভেটি ইয়াৰ জনসাধাৰণৰ মাজত নিহিত হৈ আছে, যিটো নীতি সংবিধান প্ৰণয়কসকলে গভীৰভাৱে লালন-পালন কৰে আৰু গণতান্ত্ৰিক শাসনৰ ক্ষেত্ৰত স্বচ্ছতা আৰু জবাবদিহিতা কেন্দ্ৰীয় বিষয় হৈ থাকিব লাগিব বুলি তেওঁ কয়। শ্ৰী বিৰলাই লগতে সকলো বিধানসভাক কাৰ্য্যবিধিৰ লাইভ টেলিকাষ্ট, নাগৰিক-বন্ধুত্বপূৰ্ণ ডিজিটেল প্লেটফৰ্ম, আৰু বিধান প্ৰক্ৰিয়াত বহল জনসংযোগ বৃদ্ধিৰ বাবে বৰ্ধিত আউটৰিচ ব্যৱস্থাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয়, ‘যেতিয়া যিকোনো ৰাজ্যত জনমত নীতিৰ ভিত্তি হৈ পৰে , তেতিয়া সেই ৰাজ্যখনে নিৰন্তৰ আৰু বহনক্ষম উন্নয়ন সাধন কৰে।

অধ্যক্ষই উত্তৰ-পূবৰ বিধানসভাসমূহত চলি থকা উল্লেখযোগ্য ডিজিটেল ৰূপান্তৰৰ  প্ৰশংসা কৰে আৰু ইয়াক আধুনিক তথা  স্বচ্ছ শাসনৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে উল্লেখ কৰে। তেওঁ বিশেষকৈ নাগালেণ্ড বিধানসভাক সম্পূৰ্ণ কাগজবিহীন বিধানসভা  হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰশংসা কৰে, ইয়াক তেওঁ ভাৰতৰ ডিজিটেল শাসনৰ এক অগ্ৰণী আৰ্হি বুলি অভিহিত কৰে। শ্ৰী বিৰলাই লক্ষ্য কৰে যে এনে ডিজিটেল পদক্ষেপে কেৱল দক্ষতা আৰু স্বচ্ছতা বৃদ্ধি কৰাই নহয়, আইনগত কাৰ্য্যকলাপকো অধিক সুলভ আৰু নাগৰিককেন্দ্ৰিক কৰি তোলে।

একে সময়তে তেওঁ উদীয়মান প্ৰযুক্তি বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) দায়িত্বহীন ব্যৱহাৰৰ বিষয়ত  সতৰ্ক কৰি দিয়ে আৰু বিধায়কসকলক এনেদৰে এআই গ্ৰহণ কৰিবলৈ আহ্বান জনায় যাতে স্বচ্ছতাক প্ৰসাৰিত হয়, গণতান্ত্ৰিক প্ৰক্ৰিয়া শক্তিশালী হয় আৰু বিধানসভাৰ কাৰ্য্যবিধিৰ অখণ্ডতা সুৰক্ষিত হয়।

কেন্দ্ৰ–ৰাজ্যৰ সম্পৰ্কৰ সন্দৰ্ভত অধ্যক্ষই কয়  যে চৰকাৰৰ প্ৰতিটো স্তৰে স্পষ্টভাৱে নিৰ্ধাৰিত সাংবিধানিক কাঠামোৰ ভিতৰত কাম কৰিলেও স্পষ্ট ফলাফল লাভৰ বাবে দুয়োটাৰে মাজত ফলপ্ৰসূ সহযোগিতা অতি প্ৰয়োজনীয়। তেওঁ গুৰুত্ব আৰোপ কৰে যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত গঠনমূলক আলোচনাই কেৱল শাসন ব্যৱস্থাক শক্তিশালী কৰাই নহয়, ইয়াৰ ফলত অধিক সঁহাৰি জনোৱা, সৰ্বাংগীন আৰু আঞ্চলিক অগ্ৰাধিকাৰৰ সৈতে মিল থকা নীতিৰ সৃষ্টি হয়। শ্ৰী বিৰলাই আৰু উল্লেখ কৰে যে শেহতীয়া বছৰবোৰত বৰ্ধিত সহযোগিতাৰ ফলত ইতিমধ্যে সমগ্ৰ উত্তৰ-পূব অঞ্চলত আন্তঃগাঁথনি, সংযোগ, আৰু জনসেৱা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি হৈছে।

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সামগ্ৰিক উন্নয়নৰ বাবে এক বিস্তৃত কাৰ্য্য পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি শ্ৰী ওম বিৰলাই অঞ্চলটোৰ অনন্য ভৌগোলিক পৰিস্থিতি আৰু জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ কাৰক হিচাপে লোৱাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। তেওঁ  কয় যে এনে পৰিকল্পনাই বিশেষভাৱে প্ৰাকৃতিক দুৰ্যোগকে ধৰি উদীয়মান জলবায়ুৰ বিপদসমূহৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব , যিয়ে অঞ্চলটোৰ জীৱিকা আৰু আন্তঃগাঁথনিৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। বহনক্ষম আৰু সৰ্বাংগীন বৃদ্ধিৰ গুৰুত্বৰ বিষয়ে আলোকপাত  কৰি অধ্যক্ষই কয় যে উত্তৰ-পূবৰ বাবে উন্নয়ন কৌশলসমূহে জলবায়ুৰ স্থিতিস্থাপকতা, সেউজ আন্তঃগাঁথনি, আৰু  সম্প্ৰদায়ৰ সক্ৰিয় অংশগ্ৰহণক একত্ৰিত কৰি দীৰ্ঘম্যাদী অগ্ৰগতি নিশ্চিত কৰিব লাগিব। তেওঁ লগতে  উল্লেখ কৰে যে অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে অঞ্চলটোৰ অপৰিসীম সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ কেন্দ্ৰ, ৰাজ্য চৰকাৰ, আৰু স্থানীয় জনগোষ্ঠীৰ মাজত সহযোগিতামূলক প্ৰচেষ্টা অতি প্ৰয়োজনীয়।

শ্ৰী ওম বিৰলাই লক্ষ্য কৰে যে উত্তৰ-পূব অঞ্চলৰ সকলো বিধানসভাই স্থানীয় প্ৰয়োজন আৰু আকাংক্ষাৰ সৈতে গভীৰভাৱে মিলি যোৱাৰ লগতে সামূহিক বিবেচনা আৰু সিদ্ধান্ত গ্ৰহণৰ পৰম্পৰা ৰক্ষা কৰাটো গৌৰৱৰ বিষয়। তেওঁ উল্লেখ কৰে যে এইবিধানসভাসমূহে অংশগ্ৰহণমূলক গণতন্ত্ৰৰ প্ৰকৃত মনোভাৱক প্ৰতিফলিত কৰি শাসন ব্যৱস্থাৰ জবাবদিহিতা আৰু স্বচ্ছতা শক্তিশালী কৰাৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আছে। লোকসভাৰ অধ্যক্ষই আৰু মন্তব্য কৰে যে উত্তৰ-পূবৰ ৰাজ্যসমূহে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ পথ, ৰে’ল, বিমান সংযোগৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি দেখিবলৈ পাইছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি তেওঁ কয় যে উত্তৰ-পূবক বৃদ্ধিৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে সুনিৰ্দিষ্ট প্ৰচেষ্টা চলোৱা হৈছে আৰু ভাৰতৰ এক্ট ইষ্ট নীতিৰ প্ৰতি গুৰুত্ব আৰোপ  কৰা হৈছে। অঞ্চলটোৰ বৃদ্ধিৰ অপৰিসীম সম্ভাৱনাক আলোকপাত কৰি শ্ৰী বিৰলাই উল্লেখ কৰে যে ইয়াৰ সজীৱ সংস্কৃতি, চহকী পৰম্পৰা, আৰু প্ৰাকৃতিক সৌন্দৰ্য্যই ইয়াক সঁচাকৈয়ে অনন্য কৰি তুলিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে স্থানীয় সামগ্ৰী, কলা, সংস্কৃতি, পৰম্পৰাগত শিল্পকলাৰ প্ৰচাৰে স্বাৱলম্বী ভাৰত (আত্মনিৰ্ভৰ ভাৰত)ৰ লক্ষ্য আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। অধ্যক্ষই আহ্বান জনায় যে বিধানসভাসমূহে  এনে নীতি গ্ৰহণ কৰক যিয়ে উদ্যোগ আৰু উদ্যোগীকৰণক লালন-পালন কৰে, যাৰ ফলত স্থানীয় সম্প্ৰদায়সমূহৰ বাবে অধিক সুযোগ সৃষ্টি হয় আৰু বহল ভিত্তিৰ অৰ্থনৈতিক সবলীকৰণ সম্ভৱ হয়।

শ্ৰী ওম বিৰলাই আস্থা প্ৰকাশ কৰে যে দুদিনীয়া চিপিএ ভাৰত অঞ্চল, মণ্ডল–তৃতীয় সন্মিলনে সমগ্ৰ অঞ্চলটোৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰাৰ, বিধান প্ৰথাসমূহ পৰিশোধন কৰা, আৰু শাসনৰ ওপৰত জনসাধাৰণৰ আস্থা বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াব। আগন্তুক হৰ্ণবিল উৎসৱৰ পূৰ্বে তেওঁ সকলো প্ৰতিনিধিলৈ উষ্ম শুভেচ্ছা জনায় আৰু ইয়াক নাগালেণ্ডৰ সংস্কৃতি, স্থিতিস্থাপকতা, শিল্পকলা আৰু সম্প্ৰদায়ৰ মনোভাৱৰ বিশ্বব্যাপী উদযাপন বুলি অভিহিত কৰে।

নাগালেণ্ডৰ ব্যতিক্ৰমী আতিথ্যক প্ৰশংসা কৰি অধ্যক্ষই উল্লেখ কৰে যে এনে অনুষ্ঠানে উত্তৰ-পূবৰ বিধানসভাসমূহৰ মাজত ঘনিষ্ঠ বন্ধন গঢ়ি তোলে, যিয়ে আঞ্চলিক আকাংক্ষা আৰু উন্নয়নমূলক অগ্ৰাধিকাৰৰ ওপৰত সামূহিকভাৱে চিন্তা-চৰ্চাৰ বাবে এক মূল্যৱান মঞ্চ প্ৰদান কৰিছে। ডিচেম্বৰ মাহত হ’বলগীয়া হৰ্ণবিল উৎসৱৰ বাবেও তেওঁ নাগালেণ্ডৰ জনসাধাৰণক শুভেচ্ছা জনায় আৰু ইয়াক অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু সজীৱ লোক পৰম্পৰাৰ প্ৰতীক বুলি অভিহিত কৰে।

অনুষ্ঠানত  নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেইফিউ ৰিঅ’; ৰাজ্যসভাৰ উপ অধ্যক্ষ শ্ৰীযুত হৰিবংশ, অধ্যক্ষ, অধ্যক্ষ, নাগালেণ্ড বিধানসভা, শ্ৰী শৰিংগাইন লংকুমাৰ, আৰু নাগালেণ্ড চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী কে.জি. কেনিয়েও সভাত ভাষণ দিয়ে। ভাৰতৰ উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ বিধানসভা  চিপিএ জ’ন ৩ৰ সদস্য।এই সন্মিলনত এই মণ্ডলৰ ৮খন সদস্য ৰাজ্যৰ ভিতৰত ৭খন বিধানসভাৰ প্ৰতিনিধিয়ে  অংশগ্ৰহণ কৰে। সন্মিলনত ৭ জন অধ্যক্ষ আৰু ৫ জন উপাধ্যক্ষকে ধৰি মুঠ ১২ জন প্ৰিজাইডিং বিষয়াই অংশগ্ৰহণ কৰে। এই অঞ্চলৰ সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্যসকলেও এই সন্মিলনত অংশগ্ৰহণ কৰে।

সন্মিলনৰ বিষয়বস্তু হৈছে “নীতি, প্ৰগতি আৰু মানুহ: পৰিৱৰ্তনৰ অনুঘটক হিচাপে বিধানসভা।” উপ-বিষয়সমূহ হ’ল: (i) বিকশিত ভাৰত @ ২০৪৭ লাভ কৰাত বিধানসভাৰ ভূমিকা; আৰু (ii) জলবায়ু পৰিৱৰ্তন – উত্তৰ-পূব অঞ্চলৰ কিছু অংশত শেহতীয়াকৈ হোৱা ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ আধাৰত ।

***

AM/DM


(Release ID: 2188494) Visitor Counter : 5