প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমাৰ দেশত বিনিয়োগ কৰিবলৈ বিশ্বক আমি স্বাগতম জনাইছো, ভাৰতে হতাশ নকৰেঃ প্ৰধানমন্ত্ৰী

Posted On: 26 NOV 2023 8:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিনিয়োগস্থলী হিচাপে উদ্যোগীসকলৰ মাজত ভাৰতক লৈ থকা আশাবাদৰ বিষয়ে উল্লেখ কৰে।

লেখক তথা উদ্যোগী বালাজী এছে এক্সত ভাৰতক এক প্ৰাচীন সভ্যতাৰ সমান্তৰালকৈ এখন ষ্টাৰ্টআপৰ দেশ হিচাপে উল্লেখ কৰি দেশখনৰ সম্ভাৱনাৰ বিষয়ে ইতিবাচক মনোভাৱ ব্যক্ত কৰে।

তেওঁক উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

‘আপোনাৰ ইতিবাচক মনোভাৱ মোৰ পছন্দ হৈছে। মই লগতে সংলগ্ন কৰিব বিচাৰো যে ভাৰতৰ জনসাধাৰণ উদ্ভাৱনৰ বাটকটীয়া আৰু পথ প্ৰদৰ্শক।

আমাৰ দেশত বিনিয়োগ কৰিবলৈ বিশ্বক আমি স্বাগতম জনাইছো। ভাৰতে হতাশ নকৰে।’

***

DS/AK/DD


(Release ID: 2186912) Visitor Counter : 10