প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত আয়োজিত অখিল ভাৰতীয় শিক্ষা সমাগম-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

प्रविष्टि तिथि: 29 JUL 2023 2:11PM by PIB Guwahati

কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জী, অন্নপূৰ্ণা দেৱী জী, ৰাজকুমাৰ ৰঞ্জন সিং জী, সুভাষ সৰকাৰ জী, দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষক-শিক্ষয়িত্ৰী, সন্মানীয় বুদ্ধিজীৱী আৰু সমগ্ৰ দেশৰ মোৰ মৰমৰ ছাত্ৰ বন্ধুসকল!

শিক্ষাই দেশখনক সফল কৰি তোলাৰ লগতে ইয়াৰ দেশৰ ভাগ্য সলনি কৰাৰ সৰ্বাধিক শক্তি আছে। নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱা একবিংশ শতিকাৰ ভাৰতত আমাৰ শিক্ষা ব্যৱস্থাৰ যথেষ্ট তাৎপৰ্য্য আছে। আপোনালোক সকলো এই ব্যৱস্থাৰ প্ৰতিনিধি আৰু ধ্বজাবাহক। গতিকে অখিল ভাৰতীয় শিক্ষা সমাগমৰ অংশ হোৱাটো মোৰ বাবেও এক অত্যন্ত গুৰুত্বপূৰ্ণ সুযোগ।

মই বিশ্বাস কৰোঁ যে জ্ঞানৰ বাবে আলোচনা অতি প্ৰয়োজনীয় আৰু শিক্ষাৰ বাবেও আলোচনা প্ৰয়োজনীয়। অখিল ভাৰতীয় শিক্ষা সমাগমৰ এই অধিবেশনৰ জৰিয়তে আমি আমাৰ বিবেচনা আৰু চিন্তা-চৰ্চাৰ পৰম্পৰাক আগুৱাই লৈ যোৱাত মই আনন্দিত হৈছোঁ। ইয়াৰ পূৰ্বে কাশীৰ নৱনিৰ্মিত ৰুদ্ৰাক্ষ প্ৰেক্ষাগৃহত এনে এক অনুষ্ঠান অনুষ্ঠিত হৈছিল। এইবাৰ এই সমাগম হৈছে দিল্লীৰ এই নতুনকৈ নিৰ্মিত ভাৰত মণ্ডপমত। ইয়াতকৈও বেছি সন্তোষ পোৱা কথাটো হ’ল ভাৰত মণ্ডপমৰ আনুষ্ঠানিক উদ্বোধনৰ পিছত এয়াই প্ৰথম কাৰ্য্যসূচী। যি প্ৰথম কাৰ্য্যসূচী অনুষ্ঠিত হৈছে সেয়াও শিক্ষাৰ সৈতে জড়িত।

বন্ধুসকল,

কাশীৰ ৰুদ্ৰাক্ষৰ পৰা আৰম্ভ কৰি এই আধুনিক ভাৰত মণ্ডপমলৈকে অখিল ভাৰতীয় শিক্ষা সমাগমৰ যাত্ৰাই এক বাৰ্তা বহন কৰিছে। এই বাৰ্তাটো প্ৰাচীনতা আৰু আধুনিকতাৰ সংযোগ সম্পৰ্কীয়! এফালে আমাৰ শিক্ষা ব্যৱস্থাই ভাৰতৰ প্ৰাচীন পৰম্পৰা ৰক্ষা কৰি আছে, আনফালে আধুনিক বিজ্ঞান আৰু উচ্চ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো আমি দ্ৰুতগতিত আগবাঢ়িছোঁ। ইয়াৰ পৰিপ্ৰেক্ষিতত এই অনুষ্ঠান আয়োজনৰ বাবে আৰু শিক্ষা ব্যৱস্থালৈ আপোনালোকৰ অৱদানৰ বাবে আপোনালোক সকলোকে মোৰ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

কাকতলীয়াভাৱে আজি আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তিনিবছৰ সম্পূৰ্ণ হ'ল। দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা পণ্ডিত, শিক্ষাবিদ, শিক্ষকসকলে ইয়াক এক অভিযান হিচাপে আকোৱালি লৈছে আৰু ইয়াৰ লক্ষ্যক আগুৱাই নিছে। আজি এই উপলক্ষে ময়ো তেওঁলোক সকলোকে মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু মই তেওঁলোকক ধন্যবাদ জনাইছোঁ।

ইয়ালৈ অহাৰ আগতে ওচৰৰ পেভিলিয়নত আয়োজন কৰা প্ৰদৰ্শনীখন দৰ্শন কৰোঁ। এই প্ৰদৰ্শনীত আমাৰ দক্ষতা আৰু শিক্ষা খণ্ডৰ শক্তি তথা ইয়াৰ কৃতিত্ব প্ৰদৰ্শন কৰা হৈছে। নতুন আৰু উদ্ভাৱনীমূলক পদ্ধতি প্ৰদৰ্শন কৰা হৈছে। ‘বাল বাটিকা’-ত শিশুসকলক লগ পোৱা আৰু মত-বিনিময়ৰ সুযোগো পাইছিলোঁ। শিশুসকলে খেলা-ধূলা কৰি থকাৰ মাজতে কেনেকৈ ইমানখিনি শিকিছে আৰু শিক্ষা তথা স্কুলীয়া শিক্ষাৰ অৰ্থ কেনেকৈ সলনি হৈছে, সেয়া জানিবলৈ পোৱাটো মোৰ বাবে সঁচাকৈয়ে উৎসাহজনক কথা। লগতে আপোনালোক সকলোকে এই প্ৰদৰ্শনী দৰ্শন কৰিবলৈ আহ্বান জনাইছোঁ।

বন্ধুসকল,

যুগৰ পৰিৱৰ্তনে সময় লয়। তিনি বছৰ আগতে যেতিয়া আমি ৰাষ্ট্ৰীয় শিক্ষা নীতি ঘোষণা কৰিছিলোঁ, তেতিয়া আমাৰ সন্মুখত আছিল এক বিশাল কামৰ ক্ষেত্ৰ। কিন্তু আপোনালোক সকলোৱে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ ক্ষেত্ৰত নতুন ধাৰণা আৰু পৰীক্ষা-নিৰীক্ষাৰ প্ৰতি কৰ্তব্যবোধ, নিষ্ঠা, দায়বদ্ধতা আৰু মুকলি মনৰ পৰিচয় দিছে। এই কাৰ্য্য সঁচাকৈয়ে আকৰ্ষণীয় আৰু ই এক নতুন আত্মবিশ্বাসৰ ভাৱ জগাই তোলে।

আপোনালোক সকলোৱে ইয়াক মিছন হিচাপে লৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পৰম্পৰাগত জ্ঞান ব্যৱস্থা আৰু ভৱিষ্যতবাদী প্ৰযুক্তিক সুষমভাৱে সমানে গুৰুত্ব দিয়ে। শিক্ষাৰ ক্ষেত্ৰখনৰ সকলো মহান ব্যক্তিয়ে প্ৰাথমিক শিক্ষাৰ বাবে নতুন পাঠ্যক্ৰম প্ৰস্তুত, আঞ্চলিক ভাষাৰ কিতাপ, দেশৰ গৱেষণা বাতাবৰণক সুদৃঢ়কৰণ আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।

দেশৰ সাধাৰণ জনতা আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া নতুন ব্যৱস্থাৰ সৈতে ভালদৰে পৰিচিত হৈছে। তেওঁলোকে জানিবলৈ লৈছে যে ‘টেন প্লাছ টু’ শিক্ষা ব্যৱস্থাৰ ঠাইত ‘ফাইভ প্লাছ থ্ৰী - প্লাছ থ্ৰী প্লাছ ফ’ৰ’ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এতিয়া শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া তিনি বছৰ বয়সৰ পৰা আৰম্ভ হ’ব। ইয়াৰ ফলত সমগ্ৰ দেশতে সাম্যৰূপ প্ৰশস্ত হ’ব।

শেহতীয়াকৈ কেবিনেটে ৰাষ্ট্ৰীয় ৰিচাৰ্ছ ফাউণ্ডেচন বিধেয়কখন সংসদত উত্থাপন কৰিবলৈ অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ কাঠামোও শীঘ্ৰে কাৰ্য্যকৰী কৰা হ’ব। মই জানিব পাৰিছোঁ যে ৩-ৰ পৰা ৮ বছৰ বয়সৰ শিশুসকলক সামৰি লোৱা ফাউণ্ডেচন ষ্টেজৰ কাঠামো ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। আন পৰ্যায়ৰ পাঠ্যক্ৰমো অতি সোনকালে প্ৰস্তুত কৰা হ’ব। স্বাভাৱিকতে এতিয়া সমগ্ৰ দেশৰ চিবিএছই-ৰ বিদ্যালয়সমূহত একেধৰণৰ পাঠ্যক্ৰম থাকিব। ইয়াৰ বাবে এনচিইআৰটি-এ নতুন পাঠ্যপুথি প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। তৃতীয়ৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে প্ৰায় ১৩০ টা বিষয়ৰ নতুন পুথি প্ৰৱৰ্তন কৰা হৈছে আৰু মই আনন্দিত কাৰণ এই গ্ৰন্থসমূহ ২২ টা ভাৰতীয় ভাষাত উপলব্ধ হ’ব যাতে আঞ্চলিক ভাষাতো শিক্ষাৰ প্ৰসাৰ ঘটে।

বন্ধুসকল,

যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰতিভাৰ পৰিৱৰ্তে তেওঁলোকৰ ভাষাৰ ওপৰত ভিত্তি কৰি বাছনি কৰাটো এক ঘোৰ অন্যায়। নিজৰ মাতৃভাষাত শিক্ষাই ভাৰতৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ বাবে প্ৰকৃত ন্যায়ৰ আৰম্ভণিৰ সূচনা কৰে। সামাজিক ন্যায়ৰ দিশতো এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। বিশ্বৰ শ-শ ভিন্ন ভাষাৰ প্ৰত্যেকৰে নিজস্ব গুৰুত্ব আছে। প্ৰায়বোৰ উন্নত দেশেই নিজৰ মাতৃভাষাৰ প্ৰচাৰ কৰি অগ্ৰগতি লাভ কৰিছে। কেৱল ইউৰোপলৈ চালে তাৰ বেছিভাগ দেশেই নিজৰ মাতৃভাষা ব্যৱহাৰ কৰে। অৱশ্যে ইমান চহকী বৈচিত্ৰ্যপূৰ্ণ ভাষা থকাৰ পাছতো আমি আমাৰ ভাষাবোৰক পিছপৰা বুলি উপস্থাপন কৰিছোঁ। ইয়াতকৈ পৰম দুৰ্ভাগ্য আৰু কি হ’ব পাৰে? পূৰ্বে কোনো এজন ছাত্ৰ যিমানেই উদ্ভাৱনী আৰু প্ৰতিভাশালী নহওঁক কিয়, ইংৰাজী ক’ব নোৱাৰিলে তেওঁলোকৰ প্ৰতিভাক সহজে চিনি পোৱা নাছিল। ইয়াৰ বাবে বেছি ক্ষতি হৈছে আমাৰ গ্ৰামাঞ্চলৰ প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ। স্বাধীনতাৰ ‘অমৃত কাল’ত আমাৰ দেশে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে এই হীনমান্যতাক দূৰ কৰাৰ উদ্যোগ লৈছে। ৰাষ্ট্ৰসংঘতো মই গৌৰৱেৰে ভাৰতীয় ভাষা কওঁ। যদি শ্ৰোতাই হাত চাপৰি বজাবলৈ অলপ সময় লাগে, তেন্তে সেয়াই হওঁক।

বন্ধুসকল,

এতিয়া সমাজ বিজ্ঞানৰ পৰা অভিযান্ত্ৰিক শিক্ষাৰ শিক্ষাও ভাৰতীয় ভাষাত প্ৰদান কৰা হ’ব। যেতিয়া যুৱক-যুৱতীসকলে নিজৰ ভাষাৰ প্ৰতি আত্মবিশ্বাস লাভ কৰিব, তেতিয়া তেওঁলোকৰ দক্ষতা আৰু প্ৰতিভা মুকলিকৈ আগলৈ আহিব। তদুপৰি দেশৰ বাবে আন এক সুবিধাও প্ৰশস্ত হ’ব। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে দেশৰ প্ৰতিটো ভাষাই সন্মান আৰু উৎসাহ লাভ কৰিব।

বন্ধুসকল,

স্বাধীনতাৰ অমৃত মহোৎসৱৰ শুভলগনত আগন্তুক ২৫ বছৰে গভীৰ তাৎপৰ্য্য বহন কৰিছে। এই ২৫ বছৰত আমি এক শক্তিশালী আৰু মুক্ত যুৱ প্ৰজন্ম গঢ়ি তুলিব লাগিব, যি প্ৰজন্ম হ’ব দাসত্বৰ মানসিকতাৰ পৰা মুক্ত, নতুন উদ্ভাৱনৰ আকাংক্ষাৰ দ্বাৰা পৰিচালিত প্ৰজন্ম, বিজ্ঞানৰ পৰা ক্ৰীড়ালৈকে প্ৰতিটো ক্ষেত্ৰতে ভাৰতৰ নাম উজ্জ্বল কৰা আৰু ভাৰতক আগুৱাই নিয়া প্ৰজন্ম, একবিংশ শতিকাৰ ভাৰতৰ প্ৰয়োজনীয়তা বুজি পোৱাৰ লগতে নিজৰ সামৰ্থ্য বৃদ্ধি কৰা প্ৰজন্ম আৰু এই প্ৰজন্ম কৰ্তব্যবোধেৰে ভৰি থাকে। তেওঁলোক নিজৰ দায়িত্বৰ প্ৰতি সজাগ আৰু সচেতন। এনে এটা প্ৰজন্মক গঢ় দিয়াত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বন্ধুসকল,

গুণগত শিক্ষাৰ জগতখনত বহুতো পৰিমাপ আছে, কিন্তু, যেতিয়া আমি ভাৰতৰ কথা কওঁ, তেতিয়া আমাৰ প্ৰাথমিক লক্ষ্য হৈছে সমতা! ভাৰতৰ প্ৰতিজন যুৱক-যুৱতীয়ে যাতে সমান শিক্ষা লাভ কৰে আৰু শিক্ষাৰ সমান সুযোগ লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় শিক্ষা নীতিত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। অৱশ্যে সম শিক্ষা আৰু সম সুযোগ লাভ কৰাটো কেৱল বিদ্যালয় স্থাপনতে সীমাবদ্ধ নহয়। ইয়াৰ অৰ্থ হৈছে শিক্ষাৰ সমান্তৰালকৈ সম্পদৰ সম সুবিধা প্ৰদান কৰা। সম শিক্ষাৰ অৰ্থ হ’ল প্ৰতিটো শিশুৱে নিজৰ বুজাবুজি আৰু পছন্দৰ ওপৰত ভিত্তি কৰি বিকল্প লাভ কৰাটো নিশ্চিত কৰা। সম শিক্ষাৰ অৰ্থ হ’ল শিশুসকলক নিজৰ স্থান, অঞ্চল সাপেক্ষে শিক্ষাৰ পৰা বঞ্চিত নকৰা কাৰ্য্য।

সেইবাবেই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দৃষ্টিভংগী আৰু ৰাষ্ট্ৰৰ প্ৰচেষ্টা হৈছে গাঁও-নগৰ, ধনী-দৰিদ্ৰ, প্ৰতিটো খণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে সমান সুযোগ লাভ কৰে, সেয়া নিশ্চিত কৰা। এসময়ত বহু ল’ৰা-ছোৱালীয়ে উন্নত শিক্ষা লাভ কৰিব পৰা নাছিল কাৰণ দুৰ্গম অঞ্চলত মানসম্পন্ন বিদ্যালয় নাছিল। কিন্তু আজি সমগ্ৰ দেশৰ হাজাৰ-হাজাৰ বিদ্যালয়ক পিএম-শ্ৰী স্কুল হিচাপে উন্নীত কৰা হৈছে। ‘৫জি’-ৰ এই যুগত এনে আধুনিক উচ্চ-প্ৰযুক্তিৰ বিদ্যালয়সমূহে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে সমসাময়িক শিক্ষাৰ মাধ্যম হিচাপে কাম কৰিব।

আজি আমি জনজাতীয় অঞ্চলত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ো স্থাপন কৰিছোঁ। ইন্টাৰনেটৰ সুবিধা প্ৰতিখন গাঁৱতে উপনীত হৈছে, দূৰৈৰ অঞ্চলৰ ল’ৰা-ছোৱালীয়ে দীক্ষা, স্বয়ম, স্বয়ম প্ৰভা আদি প্লেটফৰ্মৰ জৰিয়তে শিকিছে। উন্নত পুথি আৰু সৃষ্টিশীল শিক্ষণ কৌশলৰ দ্বাৰা ডিজিটেল প্ৰযুক্তিৰ একত্ৰীকৰণে ভাৰতৰ প্ৰতিখন গাঁৱতে নতুন ধাৰণা, নতুন ব্যৱস্থা আৰু নতুন সুযোগৰ সৃষ্টি কৰিছে। অৰ্থাৎ ভাৰতত শৈক্ষিক সম্পদৰ ব্যৱধান দ্ৰুতগতিত দূৰ হৈছে।

বন্ধুসকল,

আপোনাসৱৰ জ্ঞাত যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ এক উল্লেখযোগ্য অগ্ৰাধিকাৰ হ’ল শিক্ষা কেৱল কিতাপতে সীমাবদ্ধ থাকিব নালাগে, বৰঞ্চ ব্যৱহাৰিক শিক্ষণো ইয়াৰ এটা অংশ হ’ব লাগে। এই উদ্দেশ্য সাধনৰ বাবে বৃত্তিমূলক শিক্ষাক সাধাৰণ শিক্ষাৰ সৈতে একত্ৰিত কৰা হৈছে। এই পদ্ধতিৰ আটাইতকৈ পৰম সুবিধা হ’ব অভাৱগ্ৰস্ত, বঞ্চিত আৰু গ্ৰামাঞ্চলৰ শিশুসকলৰ বাবে।

এই শিশুসকল পূৰ্বে অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত এতিয়া উদ্ভাৱনী পদ্ধতি ব্যৱহাৰ কৰি শিক্ষণ পৰিচালনা কৰা হ’ব। শিক্ষা ইন্টাৰেক্টিভ হোৱাৰ লগতে আকৰ্ষণীয় হ’ব। ইয়াৰ আগতে অতি কম সংখ্যক বিদ্যালয়তে লেব আৰু ব্যৱহাৰিক শিক্ষণৰ সুবিধা আছিল। অৱশ্যে এতিয়া অটল টিংকাৰিং লেবত ৭৫ লাখৰো অধিক শিশুৱে বিজ্ঞান আৰু উদ্ভাৱন শিকিবলৈ লৈছে। বিজ্ঞান সকলোৰে বাবে সুলভ হৈ পৰিছে। এই যুৱ বিজ্ঞানীসকলে ভৱিষ্যতে দেশৰ বৃহৎ প্ৰকল্পসমূহৰ নেতৃত্ব দি ভাৰতক বিশ্বব্যাপী গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তুলিব।

বন্ধুসকল,

যিকোনো সংস্কাৰ সাধনৰ বাবে সাহসৰ প্ৰয়োজন আৰু য’ত সাহস থাকে তাতেই জন্ম হয় নতুন সম্ভাৱনা। সেইবাবেই আজি বিশ্বই ভাৰতক নতুন সুযোগৰ কেন্দ্ৰ হিচাপে চাইছে। আজি বিশ্বই জানে যে চফ্টৱেৰ প্ৰযুক্তিৰ কথা আহিলে ভৱিষ্যতে ভাৰতে ইয়াত আধিপত্য বিস্তাৰ কৰিব। বিশ্বই জানে যে মহাকাশ প্ৰযুক্তিৰ কথা আহিলে ভাৰতৰ সামৰ্থ্যৰ কোনো তুলনা নাই। বিশ্বই জানে যে প্ৰতিৰক্ষা প্ৰযুক্তিৰ কথা আহিলে ভাৰতৰ ‘সাশ্ৰয়ী’ আৰু ‘শ্ৰেষ্ঠ মানদণ্ড’ৰ মডেলটো জনপ্ৰিয় হ’বলৈ সাজু হৈছে। আমি বিশ্বৰ আমাৰ ওপৰত থকা আস্থা হ্ৰাস পাবলৈ দিয়া উচিত নহয়।

শেহতীয়া বছৰবোৰত ভাৰতৰ ঔদ্যোগিক খণ্ডৰ দ্ৰুত বিকাশ, আমাৰ ষ্টাৰ্ট-আপৰ ক্ৰমবৰ্ধমান প্ৰাধান্য, আমাৰ শিক্ষানুষ্ঠানসমূহৰ বৰ্ধিত বিশ্বব্যাপী ৰেংকিঙে আমাক বিশ্বজুৰি সন্মান অৰ্জনত সহায় কৰিছে। বিভিন্ন বিশ্ব ৰেংকিঙত ভাৰতীয় প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি পাইছে আৰু আমাৰ নিজৰ ৰেংকিঙতো অগ্ৰগতি হৈছে। আজি আমাৰ আইআইটি-সমূহে জাঞ্জিবাৰ আৰু আবুধাবিৰ দৰে দেশত কেম্পাছ মুকলি কৰিছে। আন বহু দেশেও আমাক তেওঁলোকৰ ৰাষ্ট্ৰত আইআইটি কেম্পাছ স্থাপন কৰিবলৈ অনুৰোধ জনাইছে। বিশ্বজুৰি ইয়াৰ চাহিদা বাঢ়িছে। আমাৰ শিক্ষা ব্যৱস্থাৰ এই ইতিবাচক পৰিৱৰ্তনৰ বাবে বিশ্বৰ কেইবাখনো বিশ্ববিদ্যালয়ো ভাৰতত কেম্পাছ স্থাপনৰ বাবে আগ্ৰহী হৈ উঠিছে। অষ্ট্ৰেলিয়াৰ দুখন বিশ্ববিদ্যালয়ে গুজৰাটৰ গিফ্ট চিটিত নিজৰ কেম্পাছ স্থাপন কৰিছে। এই কৃতিত্বসমূহ লাভৰ মাজতে আমি আমাৰ শিক্ষানুষ্ঠানসমূহক নিৰন্তৰভাৱে শক্তিশালী কৰি তুলিব লাগিব আৰু ভৱিষ্যতৰ বাবে সাজু কৰি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আমি আমাৰ প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, বিদ্যালয়, মহাবিদ্যালয়ক এই বিপ্লৱৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিব লাগিব।

বন্ধুসকল,

সক্ষম যুৱক-যুৱতীসকলৰ বিকাশ হৈছে এখনি শক্তিশালী ৰাষ্ট্ৰ গঢ়াৰ সৰ্বোচ্চ নিশ্চয়তা আৰু যুৱক-যুৱতীসকলক গঢ় দিয়াত অভিভাৱক তথা শিক্ষকসকলে মূল ভূমিকা পালন কৰে। সেয়ে সকলো শিক্ষক আৰু অভিভাৱকক আহ্বান জনাব খুজিছোঁ যে শিশুসকলক মুক্তভাৱে উৰিবলৈ সুযোগ প্ৰদান কৰিব লাগে। আমি তেওঁলোকৰ মাজত আত্মবিশ্বাস জগাই তুলিব লাগিব যাতে তেওঁলোকে সদায় শিকিবলৈ আৰু নতুন কিবা এটা কৰিবলৈ সাহস কৰিব পাৰে। আমি ভৱিষ্যতৰ ওপৰত চকু ৰাখিব লাগিব আৰু ভৱিষ্যতৰ মানসিকতা গ্ৰহণ কৰিব লাগিব। আমি শিশুসকলক কিতাপৰ হেঁচাৰ পৰা মুক্ত কৰিব লাগিব।

আজি আমি দেখিবলৈ পাইছোঁ যে আগতে কল্পবিজ্ঞানত থকা এআই (কৃত্ৰিম বুদ্ধিমত্তাৰ)-ৰ দৰে প্ৰযুক্তি আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। ইতিমধ্যে ৰবটিক্স আৰু ড্ৰোন প্ৰযুক্তিয়ে আমাৰ দুৱাৰত টোকৰ মাৰিছে। সেয়েহে আমি পুৰণি চিন্তাধাৰাৰ পৰা মুক্ত হৈ নতুন দিগন্তক আকোৱালি ল’ব লাগিব। ইয়াৰ বাবে আমি আমাৰ সন্তানক প্ৰস্তুত কৰিব লাগিব। আমাৰ বিদ্যালয়সমূহে ভৱিষ্যতৰ প্ৰযুক্তিৰ সৈতে জড়িত ইন্টাৰেক্টিভ অধিবেশনৰ আয়োজন কৰাটো মই বিচাৰিছোঁ। দুৰ্য্যোগ ব্যৱস্থাপনাই হওঁক, জলবায়ু পৰিৱৰ্তনেই হওঁক, স্বচ্ছ শক্তিয়েই হওঁক, আমি আমাৰ নতুন প্ৰজন্মক এই বিষয়সমূহৰ সৈতে পৰিচিত কৰি তুলিব লাগিব। গতিকে আমি আমাৰ শিক্ষা ব্যৱস্থাক এনেদৰে প্ৰস্তুত কৰিব লাগিব যাতে যুৱক-যুৱতীসকল এই ক্ষেত্ৰসমূহৰ সৈতে পৰিচিত হৈ পৰে, তেওঁলোক ইয়াৰ প্ৰতি সচেতন আৰু কৌতূহলী হৈ উঠে।

বন্ধুসকল,

ভাৰত শক্তিশালী হোৱাৰ লগে লগে ভাৰতৰ পৰিচয় আৰু পৰম্পৰাৰ প্ৰতি বিশ্বৰ আগ্ৰহো বাঢ়িছে। এই পৰিৱৰ্তনক আমি বিশ্বব্যাপী প্ৰত্যাশা হিচাপে আকোৱালি ল’ব লাগিব। যোগ, আয়ুৰ্বেদ, শিল্প, সংগীত, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰত ভৱিষ্যতৰ বাবে অপৰিসীম সম্ভাৱনা আছে। আমি আমাৰ নতুন প্ৰজন্মক এই বিষয়বোৰৰ সৈতে পৰিচয় কৰাব লাগিব। অখিল ভাৰতীয় শিক্ষা সমাগমত এই সকলোবোৰ বিষয়ক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি মোৰ বিশ্বাস।

আপোনালোকৰ এই প্ৰচেষ্টাই নব্য ভাৰতৰ ভেটি স্থাপন কৰিব আৰু আমাৰ দেশৰ ভৱিষ্যৎ গঢ় দিব। মোৰ দৃঢ় বিশ্বাস যে ২০৪৭-ত ৰাষ্ট্ৰই স্বাধীনতাৰ ১০০ বছৰ উদযাপনৰ শুভলগনত ভাৰতক এখনি উন্নত দেশ হিচাপে গঢ়ি তোলাৰ আমাৰ সপোন আৰু সংকল্প বাস্তৱায়িত হ’ব। আৰু এই সময়ছোৱা আজি আপোনালোকৰ পৰা শিক্ষা গ্ৰহণ কৰি থকা যুৱক-যুৱতীসকলৰ হ’ব। যিসকল আপোনালোকৰ দ্বাৰা সাজু হৈ আছে, তেওঁলোকেই কাইলৈ ​​দেশ পৰিচালনা কৰিব। সেয়েহে আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ছাত্ৰ-ছাত্ৰী এই সপোন পূৰণৰ বাবে একেই দৃঢ়তাৰে আগবাঢ়ক, সেই সংকল্পক বাস্তৱায়িত কৰাৰ লগতে সফলতা লাভ কৰিবলৈ সমৰ্পণৰ মনোভাৱেৰে আগবাঢ়িব লাগে।

আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আপোনাসৱক অশেষ ধন্যবাদ জনাইছোঁ!

***

DS/VJ/VK/AK/SB


(रिलीज़ आईडी: 2186614) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam