উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তি(নেষ্ট) ক্লাষ্টাৰ উদ্বোধন আৰু অসমৰ ৬৩৫ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন জ্যোতিৰাদিত্য সিন্ধিয়াৰ
অসমক #ViksitPurvottarৰ উদ্ভাৱন কেন্দ্ৰ আৰু অৰ্থনীতিৰ পাৱাৰহাউচ ৰূপত আগুৱাই নিব পৰাকৈ প্ৰকল্প হাতত লোৱা হৈছে
উন্নয়নমূলক পেকেজসমূহ হৈছে একতাৰ পেকেজ; আকাংক্ষাৰ সেৱাত দিয়া এক প্ৰতিশ্ৰুতিঃ সিন্ধিয়া
Posted On:
03 NOV 2025 11:38AM by PIB Guwahati
কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি আইআইটি গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তি (নেষ্ট) ক্লাষ্টাৰ উদ্বোধন কৰাৰ লগতে সমগ্ৰ অসমতে ৬৩৫ কোটি টকাৰ পৰিৱৰ্তনকামী উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
অনুষ্ঠানত অসম চৰকাৰৰ শীৰ্ষ বিষয়া, শিক্ষানুষ্ঠানৰ প্ৰতিনিধি, বৈজ্ঞানিক আৰু উদ্যোগী সমাজৰ একাংশ সদস্য উপস্থিত থাকে।
এই উপলক্ষে আগবঢ়োৱা ভাষণত সিন্ধিয়াই অসমক "উত্তৰ-পূবৰ হৃদস্পন্দন" বুলি অভিহিত কৰে, য'ত ব্ৰহ্মপুত্ৰৰ প্ৰবাহ ধাৰাবাহিকতা, সাহস আৰু সৃষ্টিশীলতাৰ প্ৰতীক। তেওঁ কয় যে দীৰ্ঘদিন ধৰি ভাৰতৰ পূব নৱজাগৰণৰ প্ৰৱেশদ্বাৰ হিচাপে পৰিচিত অসম, এতিয়া বিকাশৰ পূৰ্ণতাৰ উদ্ভাৱন আৰু সংযোগ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।
অসমত ৬৩৫ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন
মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসমৰ বিকাশ, সংযোগ আৰু সুযোগৰ প্ৰতি লক্ষ্য ৰাখি ৬৩৫ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে অসমৰ ভূমিকা শক্তিশালী হ'ব।
মূখ্য প্ৰকল্পসমূহ হৈছেঃ
- ৬৫খন নতুন মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন-৪৫৫ কোটি টকা
- ছয়গাঁও উকিয়াম পথৰ উন্নীতকৰণ -১০২.৬৯ কোটি টকা
- শিলনীজান-ধনশিৰি পাৰঘাটৰ আৰচিচি দলং -২০.৫৯ কোটি টকা
- কোকৰাঝাৰৰ ৰামফালবিলত ঔদ্যোগিক পামৰ উন্নয়ন-১৪.৪০ কোটি টকা
- লক্ষীবজাৰ (বাক্সা)ত ঔদ্যোগিক পামৰ উন্নয়ন-১৮.৪০ কোটি টকা
মানৱীয় প্ৰভাৱৰ ওপৰত আলোকপাত কৰি সিন্ধিয়াই কয়, "আকাংক্ষাৰ সেৱাৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি ইয়াৰ প্ৰতিটো ইটা গথাৰ লগতে শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছে।
আইআইটি গুৱাহাটীত নেষ্ট ক্লাষ্টাৰঃ উত্তৰ পূৰ্বাঞ্চলৰ উদ্ভাৱনী কেন্দ্ৰ
২২.৯৮ কোটি টকা বিনিয়োগেৰে স্থাপন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তি (নেষ্ট)ক্লাষ্টাৰে উত্তৰ-পূবৰ উদ্ভাৱনী ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰিব। এই সন্মিলনত চাৰিটা বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হ'ব-তৃণমূল পৰ্যায়ৰ উদ্ভাৱন, অৰ্ধপৰিবাহী আৰু কৃত্ৰিম বুদ্ধিমত্তা, বাঁহভিত্তিক প্ৰযুক্তি আৰু জৈৱিকভাৱে ক্ষয়িষ্ণু প্লাষ্টিক।
নেষ্ট ক্লাষ্টাৰ এনই-স্পাৰ্কছ আৰু অষ্টলক্ষ্মী দৰ্শনৰ দৰে যুৱকেন্দ্ৰিক কাৰ্যসূচীৰ পৰিপূৰক হ'ব, যাৰ জৰিয়তে সমগ্ৰ ভাৰতৰ ৩,২০০ ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ-পূব ভ্ৰমণ কৰিব আৰু উত্তৰ-পূবৰ ৮০০ ছাত্ৰ-ছাত্ৰীয়ে ইছৰোত বৈজ্ঞানিক জ্ঞান লাভৰ বাবে ভ্ৰমণ কৰিব।
আইআইটি গুৱাহাটীত অত্যাধুনিক গৱেষণা আৰু প্ৰযুক্তিৰ প্ৰদৰ্শন
আইআইটি গুৱাহাটীৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰী গৰাকীয়ে ৬জি যোগাযোগ, জৈৱিকভাৱে ক্ষয়িষ্ণু পলিমাৰ, বাঁহৰ টিছু কালচাৰ আৰু সহজলভ্য স্বাস্থ্যসেৱাৰ বাবে ল’ ফিল্ড এমআৰআই প্ৰণালীৰ উদ্ভাৱন প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ সৈতে বাৰ্তালাপ কৰে।
জৈৱিকভাৱে ক্ষয়িষ্ণু পলিমাৰ প্ৰকল্পৰ পৰ্যালোচনা কৰি সিন্ধিয়াই কয়, 'যদি আপোনালোকে এই প্ৰকল্পটো কাৰ্যকৰী কৰিব পাৰে, তেন্তে ই ভৱিষ্যতে সফলতা লাভ কৰিব'। তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ বৈজ্ঞানিক কৌতূহল আৰু বহনক্ষম উদ্ভাৱনৰ মানসিকতাক প্ৰশংসা কৰে।
নেষ্ট মিছনৰ সমাৱেশী উদ্ভাৱনৰ অংশ হিচাপে কামৰূপ জিলাৰ ৩০গৰাকী গ্ৰামীণ মহিলাক ইণ্ডাষ্ট্ৰি ৪.০ প্ৰযুক্তি ব্যৱহাৰ কৰি জৈৱিকভাৱে ক্ষষিষ্ণু খেলনা নিৰ্মাণৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। তেওঁলোকে এতিয়া নিজা ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে সহায় লাভ কৰিব।
তেওঁ লগতে নাৰী শক্তিৰ দ্বাৰা সৱলীকৃত আৰু সমাৱেশী উদ্ভাৱনৰ মনোভাৱক প্ৰতিফলিত কৰি খেলনা নিৰ্মাণৰ প্ৰশিক্ষণপ্ৰাপ্ত গ্ৰাম্য মহিলাসকলৰ দ্বাৰা সুন্দৰভাৱে ডিজাইন কৰা নেষ্ট ক্লাষ্টাৰৰ ল'গ' উন্মোচন কৰে।
মোদী যুগৰ অধীনত অসমৰ পৰিৱৰ্তন
সিন্ধিয়াই দৃঢ়তাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলে ভূমি-বিচ্ছিন্ন অঞ্চলৰ পৰা ভূমি-সংযোগী আৰু ভৱিষ্যতৰ বাবে সাজু ৰাজ্যলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটাইছে।
১০% মুঠ বাজেটীয় সমৰ্থন নীতিৰ জৰিয়তে এই অঞ্চলত ৬.২ লাখ কোটিৰো অধিক টকা বিনিয়োগ কৰা হৈছে। তেওঁ বগীবিল দলং, ভূপেন হাজৰিকা সেতু, ছেলা সুৰংগ আৰু যোগীঘোপা মাল্টি-ম'ডেল লজিষ্টিক পাৰ্কৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ বিষয়ে আলোকপাত কৰে, যিবোৰে অসমৰ যোগাযোগ ব্যৱস্থাক নতুন ৰূপ দিছে।
তেওঁ লগতে কয় যে এক্ট ইষ্ট পলিচিয়ে নতুন বাণিজ্যিক সীমান্ত মুকলি কৰিছে, বাংলাদেশলৈ নতুন ৰে’ল আৰু পথ সংযোগৰ জৰিয়তে কলকাতা আৰু আগৰতলাৰ মাজত যাত্ৰাৰ সময় ৩১ ঘণ্টাৰ পৰা মাত্ৰ ১০ ঘণ্টালৈ হ্ৰাস কৰিছে।
স্বাস্থ্য, শিক্ষা, শক্তি আৰু উদ্যোগৰ সামগ্ৰিক বিকাশৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰি মন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে দৰঙত ৬,৫০০ কোটি টকা আৰু সমগ্ৰ অসমত ১৮,৫৩০ কোটি টকাৰ প্ৰকল্প শুভাৰম্ভ কৰাৰ কথা উল্লেখ কৰে।
বিকশিত পূৰ্বোত্তৰৰ বাবে নতুন প্ৰভাত
সিন্ধিয়াই কয় যে উত্তৰ-পূৰ্বাঞ্চল, যিটো অঞ্চলক একসময়ত প্ৰান্তিক অঞ্চল বুলি গণ্য কৰা হৈছিল, সেয়া এতিয়া ভাৰতৰ পূব প্ৰান্তৰ সমৃদ্ধিৰ প্ৰৱেশদ্বাৰ হৈ পৰিছে। তেওঁ অসমৰ 'সবে সকলোৰে লৈ থকা সমাজ (Xobhe xokolore loi thoka xomaj)' আদৰ্শৰ প্ৰশংসা কৰি কয় যে এই সমাজে সকলোকে একত্ৰিত কৰে আৰু আজি মুকলি কৰা প্ৰতিটো প্ৰকল্পই এই একতা শক্তিশালী কৰিছে।
মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰি তেওঁ আস্থা প্ৰকাশ কৰে যে শিক্ষা, উদ্ভাৱন আৰু উদ্যোগৰ সন্মিলিত শক্তিৰ জৰিয়তে ২০৪৭ চনত বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে অসমে উত্তৰ-পূবৰ যাত্ৰাত নেতৃত্ব প্ৰদান কৰি থাকিব।
Tweet Links:
Social media handles of MDoNER
● Twitter / X: https://twitter.com/MDoNER_India
● Facebook: https://www.facebook.com/MdonerIndia/
● Instagram: https://www.instagram.com/donerindia/
****
Samrat/Allen/DB
(Release ID: 2185830)
Visitor Counter : 22