প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হাৰিয়ানা দিৱসত শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
01 NOV 2025 9:20AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানা দিৱস উপলক্ষে হাৰিয়ানাবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
শ্ৰী মোদীয়ে কয় যে হাৰিয়ানা কৃষকৰ অক্লান্ত পৰিশ্ৰম, সৈনিকৰ অতুলনীয় বীৰত্ব, যুৱক-যুৱতীসকলৰ উল্লেখযোগ্য কৃতিত্বৰ জৰিয়তে দেশখনৰ বাবে সদায় প্ৰেৰণা হৈ আহিছে। উন্নয়নৰ পথত দ্ৰুতগতিত আগবাঢ়ি যোৱা ৰাজ্যখনৰ সকলো নাগৰিকৰ সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে তেওঁ শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত এনেদৰে লিখিছে;
"হাৰিয়ানা দিৱস উপলক্ষ্যে ৰাজ্যখনৰ সকলো বাসিন্দালৈ অশেষ অভিনন্দন। আমাৰ কৃষক ভাই-ভনীসকলৰ অক্লান্ত পৰিশ্ৰম, আমাৰ জোৱানসকলৰ অতুলনীয় বীৰত্ব আৰু আমাৰ যুৱক-যুৱতীসকলৰ সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে এই ঐতিহাসিক ভূমি সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হিচাপে পৰিগণিত হৈছে। এই বিশেষ অনুষ্ঠানত এই ৰাজ্যখনে প্ৰগতিৰ পথত দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ লগতে সকলোৰে বাবে সুখ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।"
*******
MJPS/ST/DM
(रिलीज़ आईडी: 2185229)
आगंतुक पटल : 21
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam