প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কানাড়া ৰাজ্যোৎসৱ উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 01 NOV 2025 9:37AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে কানাড়া ৰাজ্যোৎসৱ উপলক্ষ্যে  কৰ্ণাটকবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

 

শ্ৰী মোদীয়ে কয় যে এই দিৱসে উৎকৃষ্টতা আৰু পৰিশ্ৰমী হিচাবে  পৰিচিত কৰ্ণাটকৰ জনসাধাৰণৰ মনোভাবক প্ৰতিফলিত কৰে।   লগতে ৰাজ্যখনৰ সাহিত্য, শিল্প, সংগীত আদিত প্ৰতিফলিত হোৱা অসাধাৰণ সংস্কৃতিকো এই দিৱসে উদযাপন কৰে। তেওঁ কৰ্ণাটকে প্ৰজ্ঞাৰ মাজত শিপাই থকা প্ৰগতিৰ মনোভাৱক মূৰ্ত কৰি তোলা  বুলি মন্তব্য কৰি ৰাজ্যখনৰ জনসাধাৰণৰ সুখ আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনায় ।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এইবুলি পোষ্ট কৰিছে;

‘আজি আমি যেতিয়া কানাড়া ৰাজ্যোৎসৱ উদযাপন কৰিছো, তেতিয়া উৎকৃষ্টতা আৰু পৰিশ্ৰমী  হিচাবে পৰিচিত কৰ্ণাটকৰ জনসাধাৰণৰ মনোভাবক উদযাপন কৰিছো ।আমি লগতে সাহিত্য, শিল্প, সংগীত আদিক প্ৰতিফলিত কৰা  কৰ্ণাটকৰ অসাধাৰণ সংস্কৃতিকো  উদযাপন কৰিছো।ৰাজ্যখনে প্ৰজ্ঞাৰ মাজত  শিপাই থকা প্ৰগতিৰ মনোভাৱক মূৰ্ত কৰি তুলিছে। ৰাজ্যখনৰ  জনসাধাৰণ যাতে সুখী আৰু সুস্থ হৈ থাকে তাৰ বাবে প্ৰাৰ্থনা জনাইছো।””


****


MJPS/ST/DM


(रिलीज़ आईडी: 2185213) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam