উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলত বিশ্বমানৰ পৰ্যটন-চাৰ্কিট বিকশিত কৰাত গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীজ্যোতিৰাদিত্য এম সিন্ধিয়াই
Posted On:
28 OCT 2025 4:31PM by PIB Guwahati
যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াই ২০২৫ চনৰ ২৭ অক্টোবৰত উচ্চ পৰ্যায়ৰ কৰ্মবাহিনী (এইচএলটিএফ)ৰ তিনিখন বৈঠকত অংশগ্ৰহণ কৰে। এই বছৰৰ আৰম্ভণিতে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ একোজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত, কেন্দ্ৰীয় মন্ত্ৰী ড’নাৰ তথা আন তিনিখন ৰাজ্যৰ তিনিগৰাকী মুখ্যমন্ত্ৰীক সদস্য হিচাপে লৈ আঠটা উচ্চ পৰ্যায়ৰ কৰ্মবাহিনী গঠন কৰিছিল। ২০২৪ চনৰ ২১ ডিচেম্বৰ মাহত আগৰতলাত অনুষ্ঠিত ‘উত্তৰ-পূব পৰিষদ’-ৰ ৭২ সংখ্যক পূৰ্ণাংগ অধিৱেশনত সৰ্বসন্মতভাৱে গ্ৰহণ কৰা সিদ্ধান্তৰ আধাৰতে এই পদক্ষেপৰ উন্মেষ ঘটিছিল। এই কৰ্মবাহিনীকেইটাই আন্তঃৰাজ্যিক সহযোগিতাক লাভান্বিত কৰিছে, নীতিৰ সংহতি সক্ষম কৰি তুলিছে, আৰু উন্নয়নৰ প্ৰচেষ্টাসমূহক ৰাজ্য-ভিত্তিক কৰি ৰখাৰ পৰিৱৰ্তে আঞ্চলিকভাৱে সংহত হোৱাটো নিশ্চিত কৰিছে।
মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী পু লালডুহোমাৰ সভাপতিত্বত উত্তৰ-পূব অৰ্থনৈতিক কৰিডৰ সম্পৰ্কীয় এইচ এল টি এফ-ৰ বৈঠকত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী প্ৰেষ্টন টাইনছং; অসমৰ উদ্যোগ আৰু বাণিজ্য, এক্ট ইষ্ট পলিচী, ই এফ এণ্ড চি চি দপ্তৰৰ মন্ত্ৰী শ্ৰী চন্দ্ৰ মোহন পাটোৱাৰী; আৰু মণিপুৰৰ মুখ্য সচিব শ্ৰী পুনীত কুমাৰ গোৱেলে অংশগ্ৰহণ কৰে। বৈঠকত অৰ্থনৈতিক আন্তঃগাঁথনিৰ জটিল প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনাৰ লগতে হ্ৰস্ব, মধ্যম আৰু দীৰ্ঘম্যাদী কৌশল সম্পৰ্কীয় দস্তাবেজ দাখিল কৰা হয়। বৈঠকত পথ আৰু ৰে’ল নেটৱৰ্ক, বিমান সংযোগ, অভ্যন্তৰীণ জলপথ, শক্তি আন্তঃগাঁথনি, ডিজিটেল সংযোগ, বাণিজ্যিক কৰিডৰ আৰু সীমান্ত বাণিজ্যিক আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হয়। মূল্যৱান প্ৰস্তাৱসমূহ এইচ এল টি এফ-ৰ সদস্য ৰাজ্য অৰ্থাৎ মেঘালয়, অসম, আৰু মণিপুৰে প্ৰদান কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উপস্থাপনৰ গভীৰতাৰ শলাগ লৈ বৈঠকত লাভ কৰা মতামতসমূহ এইচ এল টি এফ-ৰ চূড়ান্ত প্ৰতিবেদনত সন্নিৱিষ্ট কৰি দাখিল কৰিবলৈ মিজোৰাম চৰকাৰক আহ্বান জনায়।
ইফালে, পৰ্যটন সম্পৰ্কীয় এইচ এল টি এফ-ৰ বৈঠকত সভাপতিত্ব কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমাই। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক (ড°) মাণিক সাহা আৰু ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙৰ উপৰি কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটেও এই বৈঠকত অংশগ্ৰহণ কৰে। শ্ৰী চাংমাই, এইচ এল টি এফ-ৰ পৰামৰ্শ সন্দৰ্ভত প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটনৰ বিকাশৰ বাবে মূল তথ্য, প্ৰত্যাহ্বান আৰু পৰামৰ্শসমূহত আলোকপাত কৰে। উত্তৰ-পূৰ্বাঞ্চলত বিশ্বমানৰ পৰ্যটন চাৰ্কিট গঢ়ি তোলাৰ পৰামৰ্শ আগবঢ়ায় ড’নাৰৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটনৰ উন্নয়নৰ বাবে এক কাৰ্য-পৰিকল্পনা আৰু চুবুৰীয়া দেশসমূহৰ পৰাও পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে ‘তৃণমূলৰ পৰা ওপৰলৈ দৃষ্টিভংগী’ গ্ৰহণেৰে পৰিকল্পনা যুগুত কৰাত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন মন্ত্ৰালয়ে গ্ৰহণ কৰা প্ৰচাৰমূলক কাম-কাজৰ লগতে পৰ্যটনৰ আন্তঃগাঁথনি উন্নয়নত আলোকপাত কৰে। পৰ্যটন যে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ মূল চালক সেই কথাত তেওঁ গুৰুত্ব আৰোপ কৰে।
ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙৰ অধ্যক্ষতাত কৃষি আৰু উদ্যান শস্য বিষয়ক উচ্চ পৰ্যায়ৰ কৰ্মবাহিনী-ৰ বৈঠকখন অনুষ্ঠিত হয়। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক (ড°) মাণিক সাহা; অসমৰ কৃষি মন্ত্ৰী শ্ৰী অতুল বৰা আৰু অৰুণাচল প্ৰদেশৰ কৃষি মন্ত্ৰী শ্ৰী গেব্ৰিয়েল ডি ৱাংছু, ছিকিম, অসম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰা বৈঠকখনত ড’নাৰ মন্ত্ৰালয়, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়, এপেডা, নাবাৰ্ড, আৰু অন্যান্য অংশীদাৰী সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰে। কৰ্মবাহিনীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি আৰু উদ্যান শস্য খণ্ডত চলি থকা পদক্ষেপসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰি মূল কৃষি-উদ্যানশস্য সামগ্ৰীৰ মূল্য সংযোজন, প্ৰক্ৰিয়াকৰণ, আৰু বজাৰৰ সংযোগ বৃদ্ধিৰ কৌশলসমূহৰ সন্দৰ্ভত আলোচনা কৰে। মূল আলোচনাসমূহ সংহত শীতল শৃংখল আন্তঃগাঁথনিৰ বিকাশ, জৈৱিক কৃষিৰ প্ৰসাৰ, ক্লাষ্টাৰ ভিত্তিক খেতি, আৰু এক ঐক্যবদ্ধ “জৈৱিক” লেবেলিঙৰ অধীনত অঞ্চল-নিৰ্দিষ্ট সামগ্ৰীৰ ব্ৰেণ্ডিং আদিত কেন্দ্ৰিত আছিল। ডনাৰৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰাজ্য পৰ্যায়ৰ সহযোগিতা জৰিয়তে অৰ্থনৈতিক মূল্য সংযোজনৰ প্ৰয়োজনীয়তাত আলোকপাত কৰি অঞ্চলটোত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ সফলতা আৰু বহনক্ষমতা নিশ্চিত কৰিবলৈ হ্ৰস্বকালীন, মধ্যকালীন, আৰু দীৰ্ঘকালীন কৌশল প্ৰস্তুত কৰাৰ পৰামৰ্শ দিয়ে।
***
Samrat/Allen/KB
(Release ID: 2183549)
Visitor Counter : 3