প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী ভজন লাল শৰ্মাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰীমতী দিয়া কুমাৰী আৰু শ্ৰী প্ৰেমচান্দ বৈৰৱাক অভিনন্দন

Posted On: 15 DEC 2023 4:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী ভজন লাল শৰ্মক অভিনন্দন জনাইছে। তেওঁ লগতে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰীমতী দিয়া কুমাৰী আৰু শ্ৰী প্ৰেমচান্দ বৈৰৱাকো অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

"ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ভজন লাল শৰ্মাজীৰ লগতে উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীজী আৰু প্ৰেমচান্দ বৈৰৱাজীক বহুত বহুত অভিনন্দন! মোৰ বিশ্বাস যে বীৰ-বীৰাংগণাৰ এই ৰাজ্যখনত আপোনালোকৰ নেতৃত্বত সুশাসন, সমৃদ্ধি আৰু বিকাশৰ তিনিটি নতুন মানদণ্ড স্থাপন হব। ইয়াৰ মোৰ পৰিয়ালৰ সদস্যসকলে যি আস্থা আৰু আশা-ভৰসাৰে আমাক অশেষ আশীৰ্বাদ দিছে, সেয়া পূৰণ কৰিবলৈ বিজেপি চৰকাৰে মনে-প্ৰাণে প্ৰয়াস কৰিব।"

 

 

***

DS/TS/KD


(Release ID: 2183407) Visitor Counter : 4