|
‘ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ ৫৬ সংখ্যক সংস্কৰণ ২০২৫ চনৰ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ পানাজীত অনুষ্ঠিত হ’ব। প্ৰতি বছৰে ৯ দিনীয়াকৈ অনুষ্ঠিত এই সমাৰোহত ৪৫,০০০ৰো অধিক অনুৰাগী আৰু পেছাদাৰীয়ে চলচ্চিত্ৰৰ যাদুত নিজকে বিলীন কৰি দিয়ে, বিশ্বৰ চলচ্চিত্ৰীয় উৎকৃষ্টতাক উদযাপন কৰা এই ধ্বজাবাহী অনুষ্ঠানটোত অবিস্মৰণীয় স্মৃতিৰ সৃষ্টি কৰে।
আপুনি যদি এগৰাকী সাংবাদিক তেন্তে https://accreditation.pib.gov.in/eventregistration/login.aspx ত উপলব্ধ অফিচিয়েল পৰ্টেল-ৰ জৰিয়তে ‘আই এফ এফ আই’-ৰ বাৰ্তা সংগ্ৰহ তথা সম্প্ৰচাৰ কৰিবলৈ সংবাদ-মাধ্যমৰ প্ৰতিনিধি হিচাপে পঞ্জীয়ন কৰক। সংবাদ মাধ্যমৰ স্বীকৃতি প্ৰদানৰ বাবে মুকলি কৰা এই পৰ্টেলটো ২০২৫ চনৰ ৫ নৱেম্বৰত বন্ধ কৰা হ’ব।
স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমৰ পেছাদাৰীসকলে চলচ্চিত্ৰ প্ৰদৰ্শন, পেনেল আলোচনা, আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে নেটৱৰ্কিং অনুষ্ঠানত আচুতীয়া প্ৰৱেশৰ সুযোগ লাভ কৰিব। ইয়াৰ উপৰিও ‘ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান’-য়ে ২০২৫ চনৰ ১৮ নৱেম্বৰত একান্তভাৱে স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ বাবে চলচ্চিত্ৰ প্ৰশংসা পাঠ্যক্ৰম অনুষ্ঠিত কৰিব, যিয়ে ছবি সন্দৰ্ভত তেওঁলোকৰ বোধ আৰু প্ৰশংসনক গভীৰ কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিব। পূৰ্বৰ সংস্কৰণৰ সময়ত চলচ্চিত্ৰ প্ৰশংসন পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব নোৱাৰা সাংবাদিকসকলক এইক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব।
‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’-ৰ প্ৰধান সঞ্চালক প্ৰধান ধীৰেন্দ্ৰ ওঝাই গুৰুত্ব দি কয়, “আইএফএফআই হৈছে বিশ্বৰ ভিন্ন-সুৰী চলচ্চিত্ৰৰ পুৰোধাসকলক একত্ৰিত কৰা এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। এই সন্মানীয় সমাৰোহখনৰ ব্যাপকভাৱে বাতৰি পৰিৱেশন কৰাত সাংবাদিকসকলক সহায় কৰিব পৰাকৈ এক মসৃণ স্বীকৃতি প্ৰক্ৰিয়াৰ সুবিধা প্ৰদানৰ বাবে পিআইবি প্ৰতিশ্ৰুতিবদ্ধ।”
সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক নিৰ্দেশনাসমূহ সযতনে অনুসৰণ কৰিবলৈ আৰু তেওঁলোকৰ আবেদনসমূহ গ্ৰহণ কৰিব পৰাকৈ প্ৰয়োজনীয় সকলো নথিপত্ৰ দাখিল কৰিবলৈ অনুৰোধ কৰা হৈছে, য’ত পৰিচয় প্ৰমাণ আৰু পেছাদাৰী প্ৰমাণপত্ৰও অন্তৰ্ভুক্ত কৰা হৈছে। যোগ্যতা আৰু নথিপত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কীয় বিশদ বিৱৰণীৰ বাবে আবেদনকাৰীসকলে স্বীকৃতি পৰ্টেলত নীতি-নিৰ্দেশনাসমূহ চাব পাৰিব।
স্বীকৃতিৰ সময়ত সহায় বা বিভিন্ন প্ৰশ্নৰ উত্তৰ বাবে সাংবাদিকসকলে ‘পিআইবি ছাপৰ্ট ডেস্ক’-ৰ iffi.mediadesk@pib.gov.in ত যোগাযোগ কৰিব পাৰিব।
দৃষ্টিনন্দন পানাজী চহৰখনে ‘আই এফ এফ আই’-ৰ বাবে সাংস্কৃতিকভাৱে সজীৱ পটভূমি প্ৰদান কৰাৰ লগতে ভাৰতৰ চহকী চলচ্চিত্ৰ ঐতিহ্যৰ প্ৰসাৰতা তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক উত্সাহিত কৰে।
মূখ্য তথ্য:
স্বীকৃতি পৰ্টেল মুকলি: ১৫ অক্টোবৰৰ পৰা ৫ নৱেম্বৰ ২০২৫ লৈ
মহোৎসৱৰ তাৰিখ: ২০ – ২৮ নৱেম্বৰ ২০২৫
চলচ্চিত্ৰ প্ৰশংসন পাঠ্যক্ৰমৰ তাৰিখ: ১৮ নৱেম্বৰ ২০২৫
স্থানঃ পানাজী, গোৱা
স্বীকৃতি পৰ্টেল: https://accreditation.pib.gov.in/eventregistration/login.aspx
সহায়ক ইমেইল: iffi.mediadesk@pib.gov.in
এছিয়াৰ অগ্ৰণী চলচ্চিত্ৰ মহোত্সৱখনত আপোনাৰ উপস্থিতি নিশ্চিত কৰিবলৈ, কেমেৰাৰ লেন্সৰ আঁৰত কাহিনীৰ অভিজ্ঞতা ল’বলৈ, আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা তথা দৰ্শকসকলৰ আকৰ্ষণৰ উৎসৱখনৰ অংশীদাৰ হ’বলৈ অচিৰেই আবেদন কৰক।

* * *
PIB Mumbai | Sayyid Rabeehashmi / Yash Rane / Priti Malandkar/KB
|