গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কাইলৈ নতুন দিল্লীত ‘পলাতক অপৰাধীৰ প্ৰত্যাৰ্পণ-প্ৰত্যাহ্বান আৰু কৌশল’ শীৰ্ষক সন্মিলন উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে আন্তঃৰাষ্ট্ৰীয় তদন্তৰ এক নতুন যুগৰ সূচনা কৰিছে

আনুষ্ঠানিক আৰু অনানুষ্ঠানিক চেনেলৰ ফলপ্ৰসূ ব্যৱহাৰ, পলাতক অপৰাধীক বিচাৰি উলিওৱাত প্ৰযুক্তিৰ ব্যৱহাৰ, পলাতক লোকক প্ৰত্যাৰ্পণৰ বাবে কৌশলগত পদ্ধতি আৰু পলাতক অপৰাধীৰ আৰ্থিক স্থিতিৰ বিশ্লেষণকে ধৰি একাধিক বিষয়ত আলোচনা কৰা হ’ব

নাৰ্কো, সন্ত্ৰাস, চাইবাৰ অপৰাধ, সংগঠিত অপৰাধ আৰু অৰ্থনৈতিক অপৰাধীৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব

Posted On: 15 OCT 2025 5:58PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে অহা ১৬ অক্টোবৰ ২০২৫ ,  বৃহস্পতিবাৰে নতুন দিল্লীত ‘পলাতক অপৰাধীৰ প্ৰত্যাৰ্পণ-প্ৰত্যাহ্বান আৰু কৌশল’ শীৰ্ষক সন্মিলন উদ্বোধন কৰিব। এই দুদিনীয়া সন্মিলন ‘কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)ৰ উদ্যোগত আয়োজনা কৰা হৈছে।

সন্মিলনত বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক আৰক্ষী সংস্থাৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে অংশগ্ৰহণ কৰি পলাতক অপৰাধীসকলক বিচাৰি উলিয়াবলৈ আন্তঃৰাষ্ট্ৰীয় আৰক্ষীৰে সহযোগিতাৰ বিষয়সমূহকলৈ  আলোচনা কৰিব।  ভাৰতত অপৰাধমূলক ন্যায়ৰ সন্মুখীন হ’বলৈ তেওঁলোকক প্ৰত্যৰ্পন কৰিবলৈ চলাই থকা প্ৰচেষ্টাসমূহৰ সমন্বয় সাধনৰ বিষয়েও আলোচনা কৰা হ'ব । এই সন্মিলনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (এম ই এ) আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয় (এম এইচ এ)কে ধৰি অন্যান্য অংশীদাৰসকলেও অংশগ্ৰহণ কৰিব।

 

এই দুদিনীয়া সন্মিলনত  বিদেশী দেশৰ পৰা সহযোগিতা বিচৰাৰ বাবে উপলব্ধ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক চেনেলৰ ফলপ্ৰসূ ব্যৱহাৰ, পলাতক অপৰাধীক বিচাৰি উলিওৱাত প্ৰযুক্তিৰ ব্যৱহাৰ, পলাতক অপৰাধীৰ প্ৰত্যাৰ্পণৰ বাবে কৌশলগত পদ্ধতি গ্ৰহণ  আৰু পলাতক অপৰাধীৰ  আৰ্থিক স্থিতি বিশ্লেষণকে ধৰি একাধিক বিষয়ত আলোচনা কৰা হ’ব। নাৰ্কো, সন্ত্ৰাস, চাইবাৰ অপৰাধ, সংগঠিত অপৰাধ আৰু অৰ্থনৈতিক অপৰাধীৰ বিষয়তো  গুৰুত্ব  আৰোপ কৰা হ’ব।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে আন্তঃৰাষ্ট্ৰীয় তদন্তৰ এক নতুন যুগৰ সূচনা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে চলিত বৰ্ষৰ জুলাই মাহত বহিঃ দেশৰ পৰা পলাতক অপৰাধীসকলক ঘূৰাই অনাৰ বাবে সমন্বিত পন্থা হাতত লোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছিল । এই উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই চিবিআইয়ে এই সন্মিলনখনৰ আয়োজন কৰি সময় নিৰ্ধাৰিতভাৱে উপযুক্ত আইনী তথা কূটনৈতিক মাধ্যমেৰে পলাতক অপৰাধীসকলক ঘূৰাই অনাৰ বিষয়ে আলোচনা কৰিব।

ৱাণ্টেড ভাৰতীয় পলাতক অপৰাধীসকলৰ সন্দৰ্ভত বিভিন্ন বিদেশী দেশৰ ওচৰত ৩০০ৰো অধিক প্ৰত্যাৰ্পণৰ অনুৰোধ বিচাৰাধীন হৈ আছে। এই বিষয়সমূহত বিলম্ব ঘটাত উদ্বেগ বৃদ্ধি পাইছে আৰু পলাতক অপৰাধীসকলে এই দেশসমূহৰ পৰা প্ৰত্যাৰ্পণৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিবলৈ প্ৰায়ে বিভিন্ন পথৰ আশ্ৰয় লৈছে। সংগঠিত অপৰাধী চক্ৰৰ সৈতে জড়িত বহু অপৰাধীয়ে ভাৰতৰ পৰা পলায়ন কৰি বিদেশত বাস কৰি অপৰাধমূলক কামত লিপ্ত হৈ থকাৰ দৃষ্টান্ত আছে। আইন প্ৰয়োগকাৰী সংস্থা আৰু বিশেষজ্ঞসকলে এই প্ৰত্যাহ্বানসমূহৰ বিষয়ত  আলোচনা কৰি এই পলাতক অপৰাধীসকলক ক্ষিপ্ৰতাৰে প্ৰত্যাৰ্পণৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী, শ্ৰী অমিত শ্বাহে চিবিআইৰ দ্বাৰা প্ৰস্তুত কৰা ভাৰতপোল পৰ্টেল মুকলি কৰিছিল। এই পৰ্টেলটোৱে জিলা আৰক্ষী গোট, ৰাজ্যিক আৰক্ষী, কেন্দ্ৰীয় আইন প্ৰয়োগকাৰী সংস্থা আৰু চিবিআইক একেখন  মঞ্চলৈ আনি তথ্যৰ নিৰৱচ্ছিন্ন প্ৰৱাহ সম্ভৱ কৰি তুলিছে। সন্মিলনৰ সময়ত হোৱা আলোচনা তথা  ধাৰণাৰ বিনিময়ে নতুন অন্তৰ্দৃষ্টি আৰু দৃষ্টিভংগী কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে, যিয়ে এই দিশত অধিক প্ৰচেষ্টা গ্ৰহণ কৰাত  কৌশলগতভাৱে সহায় কৰিব।

****

RK/AK/PS/PR/DM


(Release ID: 2179771) Visitor Counter : 5