প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন
Posted On:
21 NOV 2024 8:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰী বৰ্তমানৰ কেৰিকমৰ অধ্যক্ষ ডিকন মিচেলে ২০২৪ চনৰ ২০ নৱেম্বৰত জৰ্জটাউনত অনুষ্ঠিত দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ অধ্যক্ষতা কৰে। সন্মিলনখনি আয়োজন কৰাৰ বাবে গুয়ানাৰ ৰাষ্ট্ৰপতি ইৰফান আলীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে। ২০১৯ চনত নিউয়ৰ্কত প্ৰথম ভাৰত-কেৰিকম সন্মিলন অনুষ্ঠিত হৈছিল। গুয়ানাৰ ৰাষ্ট্ৰপতি আৰু গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰীৰ উপৰিও এই সন্মিলনত অংশগ্ৰহণ কৰা লোকসকল হ’ল ক্ৰমেঃ-
(i) ডমিনিকাৰ ৰাষ্ট্ৰপতি ছিলভানি বাৰ্টন আৰু ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰুজভেল্ট স্কেৰিট;
(ii) ছুৰিনামৰ ৰাষ্ট্ৰপতি চন্দ্ৰিকাপেৰছাদ সন্তোখী;
(iii) ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী ডাঃ কিথ ৰ’লি;
(iv) বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী মিয়া আমোৰ মটলি;
(v) এন্টিগুয়া আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত গেষ্টন ব্ৰাউন;
(vi) গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰী ডিকন মিচেল;
(vii) বাহামাৰ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰী মাননীয় ড. ফিলিপ এডৱাৰ্ড ডেভিছ, কে.চি.
(viii) ছেণ্ট লুচিয়াৰ প্ৰধানমন্ত্ৰী ফিলিপ জে পিয়েৰ
(ix) চেণ্ট ভিনচেণ্টৰ প্ৰধানমন্ত্ৰী ৰালফ এভাৰাৰ্ড গনছালভেছ
(x) বাহামাৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ফিলিপ এডৱাৰ্ড ডেভিছ
(xi) বেলিজৰ বৈদেশিক মন্ত্ৰী ফ্ৰান্সিছ ফনচেকা
(xii) জামাইকাৰ বৈদেশিক মন্ত্ৰী কামিনা স্মিথ
(xiii) ছেইণ্ট কিটছ আৰু নেভিছৰ বৈদেশিক মন্ত্ৰী ডাঃ ডেনজিল ডগলাছ
২। প্ৰধানমন্ত্ৰীয়ে কেৰিকম অঞ্চলটোত বেৰিল হাৰিকেনে সৃষ্টি কৰা ধ্বংসলীলাৰ বাবে ইয়াৰ জনসাধাৰণৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে। শেহতীয়া বছৰবোৰৰ প্ৰত্যাহ্বান আৰু সংঘাতৰ ফলত গ্ল’বেল ছাউথৰ দেশসমূহেই আটাইতকৈ বেছি প্ৰভাৱিত হোৱা বুলি উল্লেখ কৰি তেওঁ কেৰিকম দেশসমূহৰ প্ৰতি ভাৰতৰ অটল দায়বদ্ধতাক এক নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপে পুনৰ দৃঢ়তাৰে কয়। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ উন্নয়ন সহযোগিতাৰ সমৰ্থন কেৰিকম দেশসমূহৰ প্ৰয়োজন আৰু অগ্ৰাধিকাৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।
৩। ভাৰতৰ ঘনিষ্ঠ উন্নয়ন অংশীদাৰিত্ব আৰু অঞ্চলটোৰ সৈতে জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কক আৰু অধিক গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে কেৰিকম দেশসমূহক সাতটা মূল ক্ষেত্ৰত সহায় আগবঢ়ায়। এই ক্ষেত্ৰসমূহে কেৰিকমৰ সংক্ষিপ্ত ৰূপৰ সৈতে যথেষ্ট মিল আছে আৰু ভাৰত আৰু গোটটোৰ মাজত বন্ধুত্বৰ ঘনিষ্ঠ বান্ধোনক শক্তিশালী কৰে। সেইবোৰ হৈছে:
● চি সামৰ্থ্য বিকাশ
● এঃ কৃষি আৰু খাদ্য সুৰক্ষা
● আৰ: নবীকৰণযোগ্য শক্তি আৰু জলবায়ু পৰিৱৰ্তন
● আই: উদ্ভাৱন, প্ৰযুক্তি আৰু বাণিজ্য
● চিঃ ক্ৰিকেট আৰু সংস্কৃতি
● অ: সাগৰীয় অৰ্থনীতি আৰু সামুদ্ৰিক নিৰাপত্তা
● এম: চিকিৎসা আৰু স্বাস্থ্যসেৱা
৪। সামৰ্থ্য বিকাশৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে অহা পাঁচ বছৰত কেৰিকম দেশসমূহৰ বাবে আৰু এক হাজাৰ আইটিইচি শ্লট ঘোষণা কৰে। এই দেশসমূহৰ বাবে এক জটিল প্ৰত্যাহ্বান খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ কৃষি ক্ষেত্ৰত প্ৰযুক্তি যেনে-ড্ৰ’ন, ডিজিটেল কৃষি, কৃষিখণ্ডৰ যান্ত্ৰিকীকৰণ আৰু মাটি পৰীক্ষণ আঁকোৱালি লোৱাৰ ভাৰতৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। কেৰিবিয়ানত পৰ্যটনৰ বাবে সাৰ্গাছম সাগৰীয় ছীৱিডে যে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, সেই কথা লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতে এই সাগৰীয় ছীৱীডে সাৰলৈ ৰূপান্তৰিত কৰাত সহায় কৰিবলৈ সুখী হ’ব বুলি কয়।
৫। নবীকৰণযোগ্য শক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰত আৰু কেৰিকমৰ মাজত সহযোগিতা বৃদ্ধিৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে সদস্যসকলক ভাৰতৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট, দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট, মিছন লাইফ আৰু বিশ্ব জৈৱ ইন্ধন মৈত্ৰী আদি বিশ্বব্যাপী পদক্ষেপসমূহত যোগদান কৰিবলৈ আহ্বান জনায়।
৬। ভাৰতত উদ্ভাৱন, প্ৰযুক্তি আৰু বাণিজ্যই কঢ়িয়াই অনা পৰিৱৰ্তনশীল পৰিৱৰ্তনৰ বিষয়ে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা সেৱা প্ৰদান বৃদ্ধিৰ বাবে কেৰিকমৰ দেশসমূহক ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ক্লাউড ভিত্তিক ডিজি লকাৰ আৰু ইউপিআই মডেলৰ প্ৰস্তাৱ আগবঢ়ায়।
৭। কেৰিকম আৰু ভাৰতৰ মাজত ঘনিষ্ঠ সাংস্কৃতিক আৰু ক্ৰিকেট সম্পৰ্ক আছে। প্ৰধানমন্ত্ৰীয়ে কেৰিকম দেশৰ প্ৰতিখন দেশৰ ১১ গৰাকী যুৱতী ক্ৰিকেটাৰক ভাৰতত প্ৰশিক্ষণ দিয়াৰ কথা ঘোষণা কৰে। তেওঁ অহা বছৰ সদস্য দেশসমূহত "ভাৰতীয় সংস্কৃতিৰ দিৱস"ৰ আয়োজন কৰি জনসাধাৰণৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।
৮। সাগৰীয় অৰ্থনীতি আৰু সামুদ্ৰিক সুৰক্ষা বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত কেৰিবিয়ান সাগৰত সামুদ্ৰিক ডমেইন মেপিং আৰু হাইড্ৰ’গ্ৰাফীৰ ক্ষেত্ৰত কেৰিকমৰ সদস্যসকলৰ সৈতে কাম কৰিবলৈ সাজু।
৯। প্ৰধানমন্ত্ৰীয়ে গুণগত আৰু সুলভ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ভাৰতৰ সফলতাৰ ওপৰত আলোকপাত কৰে। তেওঁ জন ঔষধি কেন্দ্ৰ [ জেনেৰিক ঔষধৰ দোকান]ৰ জৰিয়তে জেনেৰিক ঔষধ উপলব্ধ কৰাৰ ভাৰতৰ আৰ্হি আগবঢ়াইছিল। কেৰিকমৰ জনসাধাৰণৰ ই স্বাস্থ্য আৰু মংগলৰ বাবে যোগ বিশেষজ্ঞ প্ৰেৰণৰ কথাও ঘোষণা কৰে।
১০।ভাৰত আৰু কেৰিকমৰ মাজত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ সাত পইণ্ট পৰিকল্পনাক কেৰিকমৰ নেতাসকলে আদৰণি জনায়। তেওঁলোকে গ্ল’বেল চাউথৰ ভাৰতৰ নেতৃত্ব আৰু ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে জলবায়ু ন্যায়ৰ বাবে ইয়াৰ দৃঢ় সমৰ্থনৰ শলাগ লয়। তেওঁলোকে বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ আহ্বান জনায় আৰু এই ক্ষেত্ৰত ভাৰতৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ বাবে আগ্ৰহী।
১১। প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে গ্ল’বেল ছাউথৰ উদ্বেগক মাত দিয়াৰ পক্ষত দৃঢ়তাৰে থিয় দিছে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে পৰৱৰ্তী ভাৰত-কেৰিকম সন্মিলন ভাৰতত আয়োজন কৰা হ’ব। তেওঁ সন্মিলনখন সফল পৰিচালনাৰ বাবে ৰাষ্ট্ৰপতি ইৰফান আলী, প্ৰধানমন্ত্ৰী ডিকন মিচেল আৰু কেৰিকম সচিবালয়ক ধন্যবাদ জ্ঞাপন কৰে।
১২। মুকলি আৰু সামৰণি অধিবেশনত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণসমূহ এই লিংকসমূহত চাব পাৰিব:
Opening Remarks at 2nd India-CARICOM Summit
Closing Remarks at 2nd India-CARICOM Summit
***
MJPS/SR/DB
(Release ID: 2177998)
Visitor Counter : 12
Read this release in:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam