প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মানসিক স্বাস্থ্য আমাৰ সামগ্ৰিক সুস্থতাৰ এক মৌলিক অংশ, বিশ্ব মানসিক স্বাস্থ্য দিৱস তাৰেই এক শক্তিশালী স্মাৰকঃ প্ৰধানমন্ত্ৰী
মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনত কাম কৰা আৰু আনক সুস্থ কৰি তোলা তথা সুখ বিচাৰি উলিওৱাত সহায় কৰা সকলোকে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
পোষ্ট কৰা হৈছে:
10 OCT 2025 1:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মানসিক স্বাস্থ্য হৈছে সামগ্ৰিক সুস্থতাৰ এক মৌলিক অংশ, বিশ্ব মানসিক স্বাস্থ্য দিৱসে তাৰেই এক শক্তিশালী স্মাৰক হিচাপে কাম কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দ্ৰুত গতিশীল বিশ্বত এই দিৱসে প্ৰতিফলন আৰু আনৰ প্ৰতি সহানুভূতিশীল হোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ মানসিক স্বাস্থ্য সম্পৰ্কীয় আলোচনা যাতে অধিক হয়, তাৰ বাবে পৰিবেশ সৃষ্টিৰ বাবে সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়।
শ্ৰী মোদীয়ে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনত কাম কৰা আৰু আনক সুস্থ কৰি তোলা তথা সুখ বিচাৰি উলিওৱাত সহায় কৰা সকলোকে প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;
"মানসিক স্বাস্থ্য আমাৰ সামগ্ৰিক সুস্থতাৰ এক মৌলিক অংশ, বিশ্ব মানসিক স্বাস্থ্য দিৱসে তাৰেই এক শক্তিশালী স্মাৰক হিচাপে কাম কৰে। দ্ৰুত গতিশীল পৃথিৱীত, এই দিৱসে আনৰ প্ৰতি সহানুভূতিশীল হোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। মানসিক স্বাস্থ্য সম্পৰ্কীয় আলোচনা যাতে অধিক হয়, তাৰ বাবে পৰিবেশ সৃষ্টিৰ বাবে সামূহিক প্ৰচেষ্টা চলাও আহক। এইক্ষেত্ৰত কাম কৰা আৰু আনক সুস্থ কৰি তোলা আৰু সুখ বিচাৰি উলিওৱাত সহায় কৰা সকলোৰে প্ৰতি মোৰ প্ৰশংসা।"
***
MJPS/ST/HS
(ৰিলিজ আই ডি : 2177362)
অতিথি কক্ষ : 33
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam