প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কুৱেইটস্থিত প্ৰবাসী ভাৰতীয়সকলৰ আন্তৰিক আদৰণিত আনন্দিত প্ৰধানমন্ত্ৰী
Posted On:
21 DEC 2024 6:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইটৰ প্ৰাণৱন্ত প্ৰবাসী ভাৰতীয়সকলৰ আন্তৰিক আদৰণিত আনন্দ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ শক্তি, প্ৰেম আৰু ভাৰতৰ সৈতে অটল সংযোগ সঁচাকৈয়ে প্ৰেৰণাদায়ক।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি কুৱেইটত শ্ৰী মংগল সাইন হাণ্ডা জীকো সাক্ষাৎ কৰি আনন্দ অনুভৱ কৰে।
এক্সৰ এটা পোষ্টত তেওঁ লিখে-
“কুৱেইটত থকা প্ৰাণৱন্ত প্ৰবাসী ভাৰতীয়সকলৰ পৰা আন্তৰিক আদৰণি লাভ কৰিলোঁ।
তেওঁলোকৰ শক্তি, প্ৰেম আৰু ভাৰতৰ সৈতে অদম্য সংযোগ সঁচাকৈয়ে প্ৰেৰণাদায়ক। তেওঁলোকৰ উৎসাহৰ বাবে কৃতজ্ঞ আৰু আমাৰ দেশসমূহৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক লৈ গৌৰৱান্বিত।”
“আজি বিয়লি কুৱেইটত শ্ৰী @MangalSainHanda জীক লগ পাই আনন্দিত হৈছো। ভাৰতৰ প্ৰতি তেওঁলোকৰ অৱদান আৰু ভাৰতৰ উন্নয়নৰ প্ৰতি তেওঁৰ আবেগক মই প্ৰশংসা কৰিছো।”
***
MJPS/VJ/DB
(Release ID: 2176661)
Visitor Counter : 12
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam