প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘প্ৰাণ প্ৰতিষ্ঠা’ কাৰ্যক্ৰম উপলক্ষে জনোৱা শুভেচ্ছাৰ বাবে ৰাষ্ট্ৰপতিক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
21 JAN 2024 11:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যা ধামৰ শ্ৰী ৰাম মন্দিৰত কাইলৈ অনুষ্ঠিত হ'বলগীয়া ‘প্ৰাণ প্ৰতিষ্ঠা’ কাৰ্যক্ৰম উপলক্ষে জনোৱা শুভেচ্ছাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপাদী মুৰ্মুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ আশা ব্যক্ত কৰে যে এই ঐতিহাসিক মুহূৰ্তটোৱে ভাৰতৰ উন্নয়নীযাত্ৰাক নতুন উচ্চতালৈ লৈ যাব আৰু দেশৰ ঐতিহ্য আৰু সংস্কৃতিক সমৃদ্ধ কৰিব।
ৰাষ্ট্ৰপতিয়ে ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্স’-ত কৰা ‘পোষ্ট’-ত কয়:
"মাননীয় @rashtrapatibhvn জী,
অযোধ্যা ধামত ৰাম লালাৰ পৱিত্ৰ অভিষেক উপলক্ষে জনোৱা আপোনাৰ শুভকামনাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। মই নিশ্চিত যে এই ঐতিহাসিক মুহূৰ্তটোৱে ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতিক অধিক সমৃদ্ধ কৰিব আৰু আমাৰ উন্নয়নীযাত্ৰাক নতুন উত্কৰ্ষলৈ লৈ যাব। "
***
DS/AK/KB
(रिलीज़ आईडी: 2176658)
आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam