প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘শ্ৰী খোদালধাম ন্যাস-কৰ্কটৰোগ চিকিৎসালয়’ৰ আধাৰশিলা স্থাপন অনুষ্ঠান উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ‘ভিডিঅ' বাৰ্তা’ৰ পাঠ
Posted On:
21 JAN 2024 12:14PM by PIB Guwahati
জয় মা খোদাল।
আজি এই বিশেষ অনুষ্ঠানত ‘খোদালধাম আৰু মা খোদাল’ৰ পবিত্ৰ ভূমিৰ ভক্তসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পোৱাটো মোৰ বাবে এক ডাঙৰ সৌভাগ্য। ‘শ্ৰী খোদালধাম ন্যাস’-য়ে আজি জনকল্যাণ আৰু সেৱাৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আজিৰ পৰা, ‘কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ’ৰ কাম আমৰেলীত আৰম্ভ হৈছে। অহা কেইসপ্তাহমানৰ ভিতৰতে ‘শ্ৰী খোদালধাম ন্যাস-কাগৱাড়’য়েও ইয়াৰ প্ৰতিষ্ঠাৰ ১৪ বছৰ সম্পূৰ্ণ কৰিব। এই অনুষ্ঠানসমূহৰ বাবে আপোনালোক সকলোকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।
মোৰ পৰিয়ালবৰ্গ,
আজিৰ পৰা ১৪ বছৰ আগতে, ‘লেউৱা পাটীদাৰ’ সম্প্ৰদায়ে সেৱা, মূল্যবোধ আৰু সমৰ্পণৰ সংকল্প সাৰোগত কৰি ‘শ্ৰী খোদালধাম ন্যাস’ গঠন কৰিছিল। তেতিয়াৰে পৰা, এই ন্যাসে সেৱাত সমৰ্পিত কামৰ জৰিয়তে লাখ লাখ লোকৰ জীৱন সলনি কৰি আহিছে। শিক্ষা, কৃষি, কিম্বা স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক, আপোনালোকৰ ন্যাসে প্ৰতিটো ক্ষেত্ৰত নিৰন্তৰ ভাল কাম কৰাৰ প্ৰয়াস কৰি আহিছে। মই নিশ্চিত যে আমৰেলীত স্থাপিত হ’ব লগা কৰ্কট ৰোগৰ চিকিৎসালয়খন সেৱা ভাৱনাৰ আন এক উদাহৰণ হৈ উঠিব। ই অমৰেলীকে ধৰি সৌৰাষ্ট্ৰৰ এক বৃহৎ এলেকাক উপকৃত কৰিব।
বন্ধুসকল,
কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ চিকিৎসা যিকোনো ব্যক্তি আৰু পৰিয়ালৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে। চৰকাৰে নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে যে কোনো ৰোগীয়ে যাতে কৰ্কট ৰোগৰ চিকিৎসাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়। এই চিন্তাধাৰাৰেই যোৱা ৯টা বছৰত দেশত প্ৰায় ৩০ খন নতুন কৰ্কট চিকিৎসালয় বিকশিত কৰা হৈছে। আৰু ১০ খন নতুন কৰ্কটৰোগ চিকিৎসালয়ৰ কাম চলি আছে।
বন্ধুসকল,
সঠিক সময়ত কৰ্কট ৰোগ ধৰা পেলোৱাটো হৈছে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা। প্ৰায়ে আমাৰ গাঁৱৰ লোকসকল কৰ্কট ৰোগত আক্ৰান্ত হ’লেও বহুত পলমকৈহে ৰোগ ধৰা পৰেগৈ, তেতিয়ালৈ ই শৰীৰত যথেষ্ট বিয়পি পৰে। এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গাঁও পৰ্যায়ত ১.৫ লাখতকৈয়ো অধিক ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’ নিৰ্মাণ কৰিছে। এই ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’সমূহত আৰম্ভণিতে কৰ্কট ৰোগকে ধৰি বহুতো গুৰুতৰ ৰোগ ধৰাৰ পেলোৱাত গুৰুত্ব দিয়া হৈছে। কৰ্কট ৰোগৰ উপস্থিতি আগতীয়াকৈ ধৰা পেলাব পাৰিলে চিকিৎসকসকলৰ বাবে ইয়াৰ চিকিৎসা কৰাতো বহু পৰিমাণে সহজ-সাধ্য হৈ উঠে। কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰচেষ্টাৰ জৰিয়তে মহিলাসকলো যথেষ্ট লাভান্বিত হৈছে। গ্ৰীৱাৰ কৰ্কট বা স্তনৰ কৰ্কটৰোগৰ প্ৰাৰম্ভিক অনুসন্ধানত ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’-য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
বন্ধুসকল,
যোৱা ২০ বছৰত, গুজৰাটে স্বাস্থ্য খণ্ডত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে। আজি গুজৰাট ভাৰতৰ এক ডাঙৰ চিকিৎসা কেন্দ্ৰ হৈ উঠিছে। ২০০২ চনলৈকে গুজৰাটত মাত্ৰ ১১ খন চিকিৎসা মহাবিদ্যালয় আছিল। কিন্তু, আজি ইয়াৰ সংখ্যা ৪০খনলৈ বৃদ্ধি হৈছে। ২০ বছৰত, ‘এমবিবিএছ’ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা প্ৰায় ৫ গুণ বৃদ্ধি হৈছে। ‘স্নাতকোত্তৰ পাঠ্যক্ৰম’ৰ আসনৰ সংখ্যাও প্ৰায় ৩ গুণে বৃদ্ধি পাইছে। এতিয়া আমাৰ ৰাজকোটত ‘এইমছ’ আছে। ২০০২ চনলৈকে গুজৰাটত মাত্ৰ ১৩ খন ‘ফাৰ্মাচী মহাবিদ্যালয়’ আছিল, আজি ইয়াৰ সংখ্যা প্ৰায় ১০০খনলৈ বৃদ্ধি হৈছে। ২০টা বছৰত ‘ডিপ্লোমা ফাৰ্মাচী মহাবিদ্যালয়’ৰ সংখ্যাও ৬ ৰ পৰা প্ৰায় ৩০ লৈ বৃদ্ধি হৈছে। গুজৰাটে স্বাস্থ্য খণ্ডত এটা ডাঙৰ সংস্কাৰমূলক আৰ্হি উপস্থাপন কৰিছে। প্ৰতিখন গাঁৱতে ‘সামূহিক স্বাস্থ্য কেন্দ্ৰ’ খোলা হৈছে। জনজাতীয় আৰু দৰিদ্ৰ অঞ্চলসমূহলৈ স্বাস্থ্য সুবিধা প্ৰদান কৰা হৈছে। গুজৰাটত ‘১০৮ এম্বুলেন্স’ৰ সুবিধাৰ ওপৰত মানুহৰ বিশ্বাস নিৰন্তৰ শক্তিশালী হৈছে।
মোৰ পৰিয়ালবৰ্গ,
দেশৰ উন্নয়নৰ বাবে দেশৰ জনসাধাৰণ স্বাস্থ্যৱান আৰু শক্তিশালী হোৱাটোও প্ৰয়োজনীয়। ‘খোদাল মাতা’ৰ আশীৰ্বাদত আজি আমাৰ চৰকাৰে এই ধাৰণাক সাৰোগত কৰি আগবাঢ়ি যাব বিচাৰিছে। আমি ‘আয়ুষ্মান ভাৰত আঁচনি’ আৰম্ভ কৰিছিলো যাতে দৰিদ্ৰ সকলে গুৰুতৰ ৰোগৰ চিকিৎসাক লৈ চিন্তা কৰিবলগীয়া নহয়। আজি এই আঁচনিৰ সহায়ত ৬ কোটিৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে। বহু সংখ্যক কৰ্কট ৰোগীও ইয়াৰ মাজত আছে। যদি আয়ুষ্মান ভাৰত আঁচনি নাথাকিলহেঁতেন এইসকল দৰিদ্ৰ লোকে ১ লাখ কোটি টকা ব্যয় কৰিব লগা হ'লহেঁতেন। আমাৰ চৰকাৰে ১০,০০০ ‘জন ঔষধি কেন্দ্ৰ’ও মুকলি কৰিছে, য'ত মানুহে ৮০ শতাংশ ৰেহাই দৰত ঔষধ লাভ কৰিব পাৰে। এতিয়া চৰকাৰে প্ৰধানমন্ত্ৰী জনৌষধি কেন্দ্ৰৰ সংখ্যা ২৫ হাজাৰলৈ বৃদ্ধি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। সুলভ মূল্যত ঔষধ লাভ কৰাৰ বাবে ৰোগীসকলে ৩০,০০০ কোটি টকা ৰাহি কৰিব পাৰিছে। চৰকাৰে কৰ্কট ৰোগৰ ঔষধৰ মূল্যও নিয়ন্ত্ৰণ কৰিছে, যাৰ ফলত বহুতো কৰ্কট ৰোগী উপকৃত হৈছে।
বন্ধুসকল,
আপোনালোক সকলোৰে সৈতে মোৰ ইমান পুৰণি সম্পৰ্ক আছে। যেতিয়াই মই আপোনালোকৰ মাজলৈ আহো, মই নিশ্চিতভাৱেই কিবা এটা অনুৰোধ কৰোঁ। আজিও মই আপোনালোকৰ আগত মোৰ অনুৰোধৰ পুনৰাবৃত্তি কৰিব বিচাৰিছো। ক’বলৈ গ’লে এয়া এক প্ৰকাৰে মোৰ ৯টা অনুৰোধ। আৰু মাতৃসকলৰ কাম হ’লেতো নৱৰাত্ৰিলৈ মনত পৰাটো তেনেই স্বাভাৱিক, সেয়েহে মই কওঁ যে নটা অনুৰোধ আছে। মই জানো যে আপোনালোকে ইতিমধ্যে ইয়াৰে বহুকেইটা ক্ষেত্ৰত বহুখিনি কাম কৰি আছেই। কিন্তু আপোনালোকৰ বাবে, আপোনালোক যুৱ প্ৰজন্মৰ বাবে, মই এই ৯টা অনুৰোধৰ পুনৰাবৃত্তি কৰিব খুজিছোঁ। প্ৰথমে– পানীৰ প্ৰতিটো টোপাল সংৰক্ষণ কৰক আৰু অধিকসংখ্যক লোকক পানী সংৰক্ষণৰ বিষয়ে সজাগ কৰক। দ্বিতীয়তে- গাঁৱে গাঁৱে গৈ ‘ডিজিটেল লেনদেন’ৰ বিষয়ে ৰাইজক সজাগ কৰক। তৃতীয়তে– আপোনালোকৰ গাঁও, আপোনালোকৰ এলেকা আৰু আপোনালোকৰ চহৰসমূহক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত এক নম্বৰ কৰাৰ বাবে কাম কৰক। চতুৰ্থতে- যিমান দূৰ সম্ভৱ, লোকেলক, স্থানীয় সামগ্ৰীসমূহৰ প্ৰচাৰ-প্ৰসাৰত মনোনিৱেশ কৰক, কেৱল ‘মে’ড ইন ইণ্ডিয়া’ সামগ্ৰীহে ব্যৱহাৰ কৰক। পঞ্চমতে- যিমান দূৰ সম্ভৱ, প্ৰথমে নিজৰ দেশখন চাওক, নিজৰ দেশখনত ফুৰক, নিজৰ দেশৰ পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰত মনোনিৱেশ কৰক। ষষ্ঠতে- কৃষকসকলক প্ৰাকৃতিক কৃষিৰ বিষয়ে অধিক সজাগ কৰি তোলক। মোৰ সপ্তমটো অনুৰোধ হৈছে- আপোনালোকৰ জীৱনত বাজ্ৰক, ‘শ্ৰীঅন্ন’ক অন্তৰ্ভুক্ত কৰক আৰু ইয়াক যথেষ্ট প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিয়ক। মোৰ অষ্টমটো অনুৰোধ হৈছে- ‘ফিটনেছ’, ‘যোগ’ বা ক্ৰীড়াক আপোনালোকৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ কৰি তোলক। মোৰ নৱমটো অনুৰোধ হৈছে– যিকোনো ধৰণৰ ড্ৰাগছ আৰু আসক্তিৰ পৰা আঁতৰি থাকক, সেইবোৰক আপোনালোকৰ জীৱনৰ পৰা আঁতৰাই ৰাখক।
বন্ধুসকল,
মই নিশ্চিত যে আপোনালোক সকলোৱে সম্পূৰ্ণ ভক্তি আৰু শক্তিৰে আপোনালোকৰ দায়িত্ব পালন কৰি যাব। আমৰেলীত নিৰ্মাণ হ'বলগীয়া কৰ্কট ৰোগ চিকিৎসালয়খনো সমগ্ৰ সমাজৰ কল্যাণৰ বাবে এক উদাহৰণ হৈ উঠিব। মই ‘লেউৱা পাটীদাৰ সমাজ’ আৰু ‘শ্ৰী খোদালধাম ন্যাস’ক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো। ‘মা খোদাল’ৰ কৃপাতে আপোনালোক এনেদৰে সমাজ সেৱাত জড়িত হৈ আছে। আকৌ এবাৰ আপোনালোক সকলোলৈকে মোৰ শুভেচ্ছা জনাইছো।
কিন্তু যোৱাৰ আগতে আৰু এটা কথা কৈ যাওঁ, বেয়া নাপাব। আজিকালি, ঈশ্বৰৰ কৃপাত লক্ষ্মীজীয়ে ইয়াত বাস কৰিছে, আৰু সেই কথাত মই সুখী। কিন্তু বিদেশত বিয়া পতাটো বাৰু ভাল হৈছেনে? আমি আমাৰ দেশত বিয়া পাতিব নোৱাৰোঁনে বাৰু? ভাৰতৰ কিমান টকাযে বাহিৰলৈ ওলাই যায়! বিদেশত গৈ বিয়া পতাৰ যি ব্যাধি বৰ্তমানে সোঁচৰিবলৈ লৈছে তাক আপোনালোকে সমাজৰ পৰা নোহোৱা কৰাৰ এক পৰিৱেশ সৃষ্টি কৰিব লাগে। মা খোদালৰ চৰণতনো কিয় বিয়া হ’ব নোৱাৰে। আৰু সেইকাৰণে মই কওঁ ‘ৱেড ইন ইণ্ডিয়া’। ভাৰতত বিবাহ পাশত আৱদ্ধ হওক। ‘মে’ড ইন ইণ্ডিয়া’-ৰ দৰেই ‘ৱে’ড ইন ইণ্ডিয়া’। আপোনালোক যিহেতু পৰিয়ালৰ সদস্য সেয়ে মনৰ কথা পাতিবলৈ মন যায়। মই বেছি দীঘলীয়া নকৰো। আপোনালোকক শুভকামনা জনাইছো। ধন্যবাদ। জয় মা খোদাল!
***
DS/TS/AK/KB
(Release ID: 2176657)
Visitor Counter : 9
Read this release in:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam