কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

কেবিনেটে ভাৰতীয় ৰেলৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৮৯৪ কিমি বৃদ্ধিৰে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট আৰু ছত্তীশগড়ৰ ১৮ খন জিলা সামৰি চাৰিটা মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন জনায়

২০৩০-৩১ ৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় ২৪,৬৩৪ কোটি টকা

Posted On: 07 OCT 2025 3:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে আজি মুঠ ২৪,৬৩৪ কোটি টকা (প্ৰায়) ব্যয় সাপেক্ষে ৰেল মন্ত্র্যালয়ৰ চাৰিটা প্রকল্পত অনুমোদন জনাইছে। প্ৰকল্প চাৰিটা হৈছেঃ

  1. ৱৰ্ধা - ভূছাৱাল - ৩য় আৰু ৪ৰ্থ লাইন - ৩১৪ কিমি (মহাৰাষ্ট্ৰ)
  2. গোণ্ডিয়া - ডংগৰগড় - ৪ৰ্থ লাইন - ৮৪ কিমি (মহাৰাষ্ট্ৰ আৰু ছত্তীশগড়)
  3. বড়োদৰা - ৰাতলাম - ৩য় আৰু ৪ৰ্থ লাইন - ২৫৯ কিমি (গুজৰাট আৰু মধ্যপ্ৰদেশ)
  4. ইতাৰ্ছী - ভূপাল - বিনা ৪ৰ্থ লাইন - ২৩৭ কিমি (মধ্যপ্ৰদেশ)

মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট আৰু ছত্তীশগড়ৰ ১৮ খন জিলাক সামৰি এই চাৰি প্ৰকল্পই ভাৰতীয় ৰেলৱেৰ বৰ্তমানৰ নেটৱৰ্কক প্ৰায় ৮৯৪ কিমি বৃদ্ধি কৰিব।

অনুমোদিত মাল্টি-ট্ৰেকিং প্ৰকল্পই প্ৰায় ৮৫.৮৪ লাখ জনসংখ্যা আৰু দুখন আকাংক্ষী জিলাক (বিদিশা আৰু ৰাজনন্দগাঁও) সামৰি ৩,৬৩৩ খন গাঁৱলৈ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব।

এই সম্প্ৰসাৰিত লাইন ক্ষমতাই ম'বিলিটি যথেষ্ট বৃদ্ধি কৰাৰ ফলশ্ৰুতিত ভাৰতীয় ৰেলৱেৰ কাৰ্য্যকৰী দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতাৰ অগ্ৰগতি সাধন হ’ব। এই মাল্টি-ট্ৰেকিং প্ৰকল্পসমূহে কাম-কাজ সুশৃংখলিতকৰণৰ লগতে যানজঁট দূৰ কৰিব। উক্ত প্ৰকল্পৰাজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ এখনি নব্য ভাৰতৰ দৃষ্টিভংগীৰে সংগতিপূৰ্ণ। প্ৰকল্পসমূহে অঞ্চলটোৰ জনসাধাৰণক অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ মাধ্যমেৰে “আত্মনিৰ্ভৰ” কৰি তুলিব তথা তেওঁলোকৰ কৰ্মসংস্থাপন/ আত্মনিয়োগৰ সুযোগ বৃদ্ধি কৰিব।

সংহত পৰিকল্পনা আৰু অংশীদাৰসকলৰ পৰামৰ্শৰ জৰিয়তে মাল্টি-মডেল যোগাযোগ ব্যৱস্থা আৰু লজিষ্টিক দক্ষতা বৃদ্ধিত গুৰুত্ব আৰোপেৰে পিএম-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ ভিত্তিত প্ৰকল্পসমূহৰ পৰিকল্পনা কৰা হৈছে। প্ৰকল্পসমূহে জনসাধাৰণৰ যাতায়াত, সামগ্ৰী আৰু সেৱাৰ সৰবৰাহৰ বাবে নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব।

প্ৰকল্প অংশই দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটকসকলক আকৰ্ষণেৰে সাঁচি, সাতপুৰা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল, ভীমবেটকাৰ শিলাশ্ৰয়, হাজাৰা জলপ্ৰপাত, নৱেগাঁও ৰাষ্ট্ৰীয় উদ্যান আদি গুৰুত্বপূৰ্ণ স্থানসমূহলৈ ৰেল সংযোগ আগবঢ়াব।

কয়লা, কন্টেইনাৰ, চিমেন্ট, ফ্লাই এশ্ব, খাদ্য শস্য, তীখা আদি সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত এইটো এক অপৰিহাৰ্য্য পথ। সামৰ্থ্য বৃদ্ধি কাম-কাজৰ ফলশ্ৰুতিত ৭৮ এমটিপিএ (বছৰি নিযুত টন) মাত্ৰাৰ অতিৰিক্ত ফ্ৰেইট সৰবৰাহ সম্পন্ন হ’ব। ৰেলৱে পৰিবেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহণৰ মাধ্যম হোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰকল্পই দেশৰ জলবায়ু লক্ষ্যত উপনীত হোৱা আৰু লজিষ্টিক ব্যয় হ্ৰাস উভয়তে সহায় কৰিব। তেলৰ আমদানি (২৮ কোটি লিটাৰ) হ্ৰাস আৰু নিম্ন কাৰ্বন ডাই-অক্সাইড নিৰ্গমন (১৩৯ কোটি কিগ্ৰা) কাৰ্য্য ছয় কোটি গছপুলি ৰোপণৰ সমতুল্য।

***

MJPS/SB
 


(Release ID: 2175835) Visitor Counter : 12