নৌ-পৰিবহন মন্ত্ৰালয়
"ভাৰতীয় পতাকাৰ অধীনত ভিএলজিচি শিৱালিকৰ অন্তৰ্ভূক্তিৰে ভাৰতে সামুদ্ৰিক 'আত্মনিৰ্ভৰশীলতা' শক্তিশালী কৰিলেঃ": শ্ৰী সৰ্বানন্দ সোণোৱাল
"তেল ৰাজহুৱা খণ্ডৰ যৌথ উদ্যোগে ২০৪৭ চনৰ ভিতৰত ১১২খন জাহাজ নিৰ্মাণ কৰিব আৰু বৈদেশিক মুদ্ৰাৰ ৩৫০ বিলিয়ন মাৰ্কিন ডলাৰ ৰাহি কৰিব": শ্ৰী সৰ্বানন্দ সোণোৱাল
"নিৰ্মাণ, মালিকীস্বত্ব, মেৰামতি আৰু পুনৰ ব্যৱহাৰৰ সৈতে সম্পূৰ্ণ সামুদ্ৰিক উৎকৰ্ষতাৰ লক্ষ্য লৈছে ভাৰতে": শ্ৰী সৰ্বানন্দ সোণোৱাল
"প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত ২০৪৭ চনৰ ভিতৰত শীৰ্ষ পাঁচখন সামুদ্ৰিক ৰাষ্ট্ৰৰ ভিতৰত স্থান লাভ কৰাৰ পথত অগ্ৰসৰ হৈছে": শ্ৰী সৰ্বানন্দ সোণোৱাল
Posted On:
06 OCT 2025 7:47PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় পতাকাৰ তলত দেশৰ তৃতীয়খন অতি বৃহৎ গেছ কেৰিয়াৰ (ভিএলজিচি) “শিৱালিক”ক আদৰণি জনায়। এয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সামুদ্ৰিক অমৃত কাল দৃষ্টিভংগী ২০৪৭ৰ অধীনত কল্পনা কৰা ভাৰতৰ সামুদ্ৰিক পুনৰুত্থান আৰু শক্তি সুৰক্ষাৰ গৌৰৱময় মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।
বিশাখাপট্টনম বন্দৰত জাহাজখনক আদৰণি জনাই শ্ৰী সোণোৱালে কয় যে ভাৰতীয় শ্বিপিং কৰ্প’ৰেশ্যন লিমিটেড (এছচিআই)ৰ দ্বাৰা ‘শিৱলিক’ৰ অন্তৰ্ভূক্তিয়ে জাহাজ খণ্ডত “আত্মনিৰ্ভৰতা” (আত্মনিৰ্ভৰশীলতা)ৰ বাবে বিশ্ব শক্তি বাণিজ্যত ভাৰতৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণক প্ৰতিফলিত কৰিছে।
“আমাৰ জাতীয় পতাকাৰ তলত শিৱালিকৰ আগমনে কেৱল বহৰ সম্প্ৰসাৰণৰ কথাকে প্ৰতিফলিত কৰা নাই, বৰঞ্চ দূৰদৰ্শী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ সামুদ্ৰিক পুনৰুত্থান আৰু আগশাৰীৰ বিশ্ব সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে আমাৰ ক্ৰমবৰ্ধমান শক্তিৰ ওপৰত আস্থাৰ নিদৰ্শন দাঙি ধৰিছে,” শ্ৰী সৰ্বানন্দ সোণোৱালে কয়। “ই ভাৰতৰ বাবে আমাৰ প্ৰিয় প্ৰধানমন্ত্ৰী মোদীয়ে কল্পনা কৰা সুস্থিৰতা, সামৰ্থ্য আৰু ‘আত্মনিৰ্ভৰতা’ৰ প্ৰতীক।এই পদক্ষেপে ভাৰতৰ এক শক্তিশালী, আত্মনিৰ্ভৰশীল, আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক জাহাজ পৰিবহণ খণ্ড গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰে যাতে অৰ্থনীতিক বিকশিত ভাৰতৰ দিশে আগুৱাই নিব পাৰে।”
হিমালয়ৰ ৰেঞ্জৰ নামেৰে নামকৰণ কৰা ৮২ হাজাৰ চিবিএম ভিএলজিচি শিৱালিক ২০২৫ চনৰ ১০ ছেপ্টেম্বৰত এছচিআইৰ বহৰত প্ৰৱৰ্তন কৰা হয় আৰু ই নিগমৰ তৃতীয় ভিএলজিচি হিচাপে সাহ্যাদ্ৰী আৰু আনন্দময়ীৰ সৈতে যোগ দিলে। দক্ষিণ কোৰিয়াত নিৰ্মিত এই ২২৫ মিটাৰ দৈৰ্ঘ্যৰ এই সামগ্ৰী পৰিবাহী জাহাজখনে পৃথক কৰা টেংক, অতি উষ্ণতা নিয়ন্ত্ৰণ আৰু বিশ্বমানৰ সুৰক্ষা আৰু দক্ষতা মানি চলাৰ সৈতে অত্যাধুনিক সামুদ্ৰিক অভিযান্ত্ৰিকতাক প্ৰতিনিধিত্ব কৰে।
‘শিৱালিকে’ ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড (আইঅ’চিএল)ৰ ডিচচাৰ্জ অপাৰেচনৰ বাবে বিশাখাপট্টনমত উপস্থিত হোৱাৰ পূৰ্বে ইউএইৰ ৰুৱাইছত ৪৬,০০০ মেট্ৰিক টনতকৈ অধিক তৰলীকৃত পেট্ৰলিয়াম গেছ (এলপিজি), প্ৰপেন আৰু বিউটেনযুক্ত সামগ্ৰী বোজাই কৰি প্ৰথম যাত্ৰা সম্পূৰ্ণ কৰে।
মন্ত্ৰালয়ে কয় যে ভাৰতৰ পতাকাৰ তলত জাহাজখনৰ আগমনৰ “অসীম কৌশলগত তাৎপৰ্য্য” আছে কাৰণ ই আৰব উপসাগৰৰ সৈতে ভাৰতৰ শক্তি সংযোগ শক্তিশালী কৰাৰ লগতে দেশলৈ নিৰাপদ, দক্ষ আৰু নিৰ্ভৰযোগ্য এলপিজি পৰিবহণ নিশ্চিত কৰিছে।
কেপ্তেইন ভাস্কৰ টেণ্ডনৰ নেতৃত্বত ২৯ জনীয়া দলটোক সম্বোধন কৰি সোণোৱালে কয় যে আমাৰ নাৱিকসকল ভাৰতৰ সামুদ্ৰিক শক্তিৰ ৰাষ্ট্ৰদূত। “ভাৰতীয় পতাকাৰ টনেজ সম্প্ৰসাৰণ আৰু গুৰুত্বপূৰ্ণ শক্তি সামগ্ৰীৰ বাবে বিদেশী বাহকৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ আমাৰ সংকল্পৰ আশাৰ কিৰণ হিচাপে থিয় দিছে শিৱালিকে।”
তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে ২০৪৭ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ পাঁচখন সামুদ্ৰিক ৰাষ্ট্ৰৰ ভিতৰত অন্যতম হোৱাৰ দিশত শক্তিশালীভাৱে আগবাঢ়িছে।
সোণোৱালে কয় যে ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বাবে আমি সোণালী যুগৰ মাজত আছো। “নীতি সংস্কাৰৰ পৰা আন্তঃগাঁথনি সৃষ্টিলৈকে আজি আমি যি পৰিৱৰ্তন দেখিবলৈ পাইছো সেয়া অভূতপূৰ্ব।ভাৰতৰ সামুদ্ৰিক নৱজাগৰণ সঠিকভাৱে চলি আছে।”
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মাইলৰ খুঁটিটো চৰকাৰৰ সামুদ্ৰিক সম্প্ৰসাৰণ আৰু শক্তিৰ সুস্থিৰতাৰ বৃহত্তৰ কৌশলৰ সৈতে কেনেদৰে মিলিছে তাৰ ৰূপৰেখা দাঙি ধৰে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় (এমঅ’পিএছডব্লিউ) আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ (এমঅ’পিএনজি)ৰ নিৰ্দেশনাত তেল আৰু তীখাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সৈতে এছচিআইৰ চলিত সহযোগিতাই ভাৰতীয় মালিকানাধীন আৰু ভাৰতীয় পতাকা থকা জাহাজৰ নতুন যুগৰ পথ প্ৰশস্ত কৰিছে।
'এছচিআইয়ে বৰ্তমান তেলখণ্ডৰ ৰাজহুৱা প্ৰতিষ্ঠানৰ সৈতে ১১২খন জাহাজৰ চাহিদা একত্ৰিত কৰি দীৰ্ঘম্যাদী বহৰ বৃদ্ধিৰ বাবে এক যৌথ উদ্যোগ (জেভি) গঠন কৰিবলৈ কাম কৰি আছে। একেদৰে তীখাখণ্ডৰ পিএছইউৰ সৈতে এছচিআইৰ অংশীদাৰিত্বৰ লক্ষ্য হৈছে শুকান বাল্ক ছেগমেণ্টক শক্তিশালী কৰা, ভাৰত কণ্টেইনাৰ শ্বিপিং লাইন (বিচিএছএল) স্থাপনৰ পৰিকল্পনাই কণ্টেইনাৰ জাহাজ চলোৱাত ভাৰতৰ স্থান বৃদ্ধি কৰা।ইয়াৰ জৰিয়তে আমদানি ৰপ্তানিৰ দক্ষতা আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব।
তেওঁ লগতে কয়, “এই পদক্ষেপসমূহে ভাৰতৰ শক্তি সুৰক্ষা আৰু সামুদ্ৰিক ক্ষমতাক শক্তিশালী কৰাই নহয়, ঘৰুৱা জাহাজ নিৰ্মাণ, মেৰামতি আৰু আনুষংগিক উদ্যোগসমূহকো উন্নীত কৰিছে।” “তেওঁলোকে উচ্চমানৰ নিয়োগ সৃষ্টি কৰিব আৰু ভাৰতক সুস্থিৰ, উদ্ভাৱন আৰু গৌৰৱেৰে সামুদ্ৰিক শক্তি হিচাপে স্থান দিব।”
মন্ত্ৰীগৰাকীয়ে এক শক্তিশালী সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ধাৰাবাহিক পৰিৱৰ্তনশীল নীতিগত ব্যৱস্থাসমূহৰ ওপৰত আলোকপাত কৰে। সোণোৱালে কয় যে সামুদ্ৰিক আৰু জাহাজ নিৰ্মাণ খণ্ডৰ বাবে ৬৯,৭২৫ কোটি টকাৰ বিস্তৃত পেকেজে জাহাজ নিৰ্মাণ, আধুনিকীকৰণ আৰু প্ৰতিযোগিতামূলক ক্ষমতা ত্বৰান্বিত কৰিব। ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাসমূহৰ বাবে স্থায়ী সমৰ্থন নিশ্চিত কৰি ২৪,৭৩৬ কোটি টকাৰ কৰ্পাছৰ সৈতে জাহাজ নিৰ্মাণ আৰ্থিক সাহায্য আঁচনি (এছ বি এফ এ এছ) ২০৩৬ চনলৈকে বৃদ্ধি কৰিছে।
তদুপৰি, দীৰ্ঘম্যাদী বিত্তীয় সাহায্য সক্ষম কৰিবলৈ আৰু উদ্যোগটোৰ বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰিবলৈ ২৫,০০০ কোটি টকাৰ সামুদ্ৰিক উন্নয়ন পুঁজি (এমডিএফ) স্থাপন কৰা হৈছে, য’ত ২০,০০০ কোটি টকাৰ বিনিয়োগ পুঁজি আৰু ৫,০০০ কোটি টকাৰ সুদ উদগনি পুঁজি আছে। ১৯,৯৮৯ কোটি টকা ব্যয়ৰে জাহাজ নিৰ্মাণ উন্নয়ন আঁচনিৰ লক্ষ্য হৈছে ভাৰতৰ ঘৰুৱা জাহাজ নিৰ্মাণ ক্ষমতা বছৰি ৪৫ লাখ মুঠ টনলৈ বৃদ্ধি কৰি নিয়োগ আৰু দক্ষতা বিকাশ বৃদ্ধি কৰা।
শ্ৰী সোণোৱালে কয় যে এই ব্যৱস্থাসমূহৰ লগতে বৃহৎ জাহাজৰ আন্তঃগাঁথনিৰ মৰ্যাদা, জাহাজ নিৰ্মাণৰ উপাদানসমূহৰ বাবে সীমা শুল্ক ৰেহাই আৰু অভ্যন্তৰীণ জাহাজলৈ টনেজ কৰ ব্যৱস্থা সম্প্ৰসাৰণৰ দৰে সংস্কাৰে “গোলকীয়ভাৱে প্ৰতিযোগিতামূলক সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰৰ ভেটি স্থাপন কৰিছে।
“আমাৰ দৃষ্টিভংগী হৈছে ভাৰতক ডিজাইন–বিল্ড–ফাইনেন্স–অন–ৰিপেয়াৰ–ৰিচাইক্লিং শক্তিকেন্দ্ৰ হিচাপে গঢ়ি তোলা,”। ই এনে এক ভৱিষ্যত য’ত ভাৰতৰ এক্সিম কাৰ্গোৰ বহু বৃহৎ অংশ ভাৰতত নিৰ্মিত আৰু ভাৰতৰ মালিকানাধীন জাহাজত অনা-নিয়া কৰিব। আমি ঐতিহাসিক খৰচৰ অসুবিধাসমূহ সমাধান কৰিছো, বিশ্বমানৰ ক্লাষ্টাৰ সৃষ্টি কৰিছো আৰু বিকশিত ভাৰত ২০৪৭ক শক্তি প্ৰদান কৰিব পৰা সেউজ পৰিৱৰ্তন ত্বৰান্বিত কৰিছো।”
পৰিৱৰ্তনৰ এই মুহূৰ্তটোক আঁকোৱালি ল’বলৈ সকলো অংশীদাৰক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ভাষণ সামৰে।
অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিশাখাপট্টনমৰ সাংসদ মথুকুমিলি শ্ৰীভাৰত, বিধায়ক (বিশাখাপট্টনম দক্ষিণ) বামসী কৃষ্ণ শ্ৰীনিবাস, বিশাখাপট্টনম বন্দৰ প্ৰাধিকৰণ (ভিপিএ)ৰ অধ্যক্ষ মধৈয়ান অংগমুথু আৰু এছচিআইৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক কেপ্তেইন বি কে ত্যাগী, এছচিআই আৰু ভিপিএৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে।
গণ্যমান্য ব্যক্তিসকলক জাহাজখনৰ নেভিগেচনেল ব্ৰীজ আৰু কাৰ্গো কণ্ট্ৰল ৰুমৰ পৰিদৰ্শন কৰোৱায় শিৱালিকৰ মাষ্টাৰ কেপ্তেইন ভাস্কৰ টেণ্ডন আৰু মুখ্য বিষয়া বিবেক ত্যাগীয়ে।
*****
SR/GDH/PN/HK/DB
(Release ID: 2175675)
Visitor Counter : 4