ক'অপাৰেশ্বন মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে মহাৰাষ্ট্ৰৰ অহিল্যানগৰৰ কোপাৰগাঁৱত দেশৰ প্ৰথমটো সমবায় মাল্টি-ফিড কম্প্ৰেছড বায়'গেছ প্লাণ্ট উদ্বোধন কৰে
ভাৰতৰ সমবায় চেনি কলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহৰ্ষি শংকৰৰাও কলহে সমবায় সহকৰ কাৰখানাত এটা কম্প্ৰেছড বায়’গেছ (চিবিজি) প্লাণ্ট আৰু পটাছ গ্ৰেনুল উৎপাদন ইউনিট স্থাপনৰ কাম আৰম্ভ কৰা হৈছে
ভাৰতৰ প্ৰথমটো সমবায় কম্প্ৰেছড বায়’গেছ প্লাণ্টত গুড়ৰ পৰা দৈনিক ১২ টন চিবিজি আৰু ৭৫ টন পটাছ
উৎপাদন হ’ব,যাৰ ফলত বহিঃৰাজ্যৰ পৰা এই সামগ্ৰীসমূহৰ আমদানি হ্ৰাস পাব
সমবায় চেনি কাৰখানাৰ আৰম্ভনি মহাৰাষ্ট্ৰত হৈছিল আৰু চেনি কাৰখানাৰ বাবে ১০০ শতাংশ বৃত্তাকাৰ অৰ্থনীতি ৰূপায়ণৰ পদক্ষেপ ইয়াৰ পৰাই আৰম্ভ হৈছে
মহৰ্ষি শংকৰৰাও কলহে সমবায় সহকৰ কাৰখানা বৃত্তাকাৰ অৰ্থনীতিৰ আদৰ্শ উদাহৰণ
ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমৰ সহযোগত কম্প্ৰেছড বায়’গেছ প্লাণ্ট আৰু পটাছ গ্ৰেনুল উৎপাদন ইউনিট স্থাপনৰ বাবে অনাগত দিনত ১৫টা নিৰ্বাচিত চেনি কলক পূৰ্ণ সহযোগিতা আগবঢ়াব মোদী চৰকাৰে
সকলো চেনি কলত ফলৰ প্ৰক্ৰিয়াকৰণো হাতত ল’ব লাগে, যাৰ ফলত ফলৰ খেতিৰ প্ৰসাৰ ঘটিব আৰু চেনি কাৰখানাৰ লাভজনকতা বৃদ্ধি পাব
প্ৰধানমন্ত্ৰী মোদীয়ে ‘মিছন ফৰ আত্মনিৰ্ভৰ ইন পালছ’ ১১,৪৪০ কোটি টকাৰে আৰম্ভ কৰিছিল , যাৰ অধীনত ১০০০টা প্ৰচেছিং গোট স্থাপন কৰা
Posted On:
05 OCT 2025 7:23PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ অহিল্যানগৰ জিলাৰ কোপাৰগাঁৱত দেশৰ প্ৰথমটো সমবায় মাল্টি-ফিড কম্প্ৰেছড বায়’গেছ (চিবিজি) উদ্যোগ উদ্বোধন কৰে। এই উপলক্ষ্যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনৱীছ, উপ-মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিণ্ডে আৰু শ্ৰী অজিত পাৱাৰ, কেন্দ্ৰীয় সমবায় ৰাজ্যিক মন্ত্ৰী শ্ৰী মুৰলীধৰ মোহলকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে ভাৰতৰ সমবায় চেনি কলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহৰ্ষি শংকৰৰাও কলহে সমবায় সহকৰ কাৰখানাত এটা কম্প্ৰেছড বায়’গেছ (চিবিজি) উদ্যোগ আৰু পটাছ গ্ৰেনুল উৎপাদন ইউনিট স্থাপন কৰা হৈছে। তেওঁ উল্লেখ কৰে যে এক নতুন পদক্ষেপৰ অধীনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমৰ সহযোগত এই দুয়োটা উদ্যোগ স্থাপনৰ বাবে অনাগত দিনত ১৫টা নিৰ্বাচিত চেনি কলক সম্পূৰ্ণ সহায় আগবঢ়াব। তেওঁ লগতে কয় যে এই নতুন আৰম্ভণিয়ে আগন্তুক দিনত সমগ্ৰ দেশৰ চেনি কলৰ বাবে এক নতুন পথৰ বাট মুকলি কৰিব।
কেন্দ্ৰীয় সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰ দেশৰ কৃষকৰ কল্যাণৰ বাবে উৎসৰ্গিত। তেওঁ উল্লেখ কৰে যে ১ অক্টোবৰত কেন্দ্ৰীয় কেবিনেট বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মিছন ফৰ আত্মনিৰ্ভৰ পালছেছ’ আৰম্ভ কৰিছিল, যাৰ অধীনত ভাৰতক দাইল জাতীয় শস্য খণ্ডত স্বাৱলম্বী কৰি তুলিবলৈ অহা ছবছৰত ১১,৩৪০ কোটি টকা ব্যৱহাৰ কৰা হ’ব। শ্ৰী শ্বাহে কয় যে যদি ৰহৰ , মাহৰ দাইল আৰু মছুৰ দাইল উৎপাদন কৰা কৃষকসকলে ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন আৰু ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচন লিমিটেডত পঞ্জীয়ন কৰে তেন্তে ভাৰত চৰকাৰে তেওঁলোকৰ সমগ্ৰ দাইল নূন্যতম সহায়ক মূল্যত ক্ৰয় কৰিব। ইয়াৰ দ্বাৰা মহাৰাষ্ট্ৰৰ কৃষকসকলো উপকৃত হ’ব। তেওঁ লগতে কয় যে সমগ্ৰ দেশৰ ২ কোটি কৃষকৰ পৰা ১০০% এম এছ পিত দাইল ক্ৰয় কৰা হ’ব। তদুপৰি ১০০০টা প্ৰচেছিং গোট স্থাপন কৰা হ’ব আৰু ৩৮ লাখ উচ্চমানৰ বীজ কিট বিতৰণ কৰা হ’ব।

শ্ৰী অমিত শ্বাহে কয় যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এম এছ পি বৃদ্ধিত অনুমোদন দিয়া হৈছিল: সেইমৰ্মে মছুৰৰ বাবে প্ৰতি কুইণ্টলত ৩০০ টকা বৃদ্ধি কৰা হৈছে, সৰিয়হৰ বাবে প্ৰতি কুইণ্টলত ২৫০ টকা, বুটৰ বাবে ২২৫ টকা প্ৰতি কুইণ্টলত , যৱৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত ১৭৫ টকা,ঘেঁহুৰ বাবে প্ৰতি কুইণ্টলত ১৬০ টকা বৃদ্ধি কৰা হৈছে। তেওঁ লগতে কয় যে বিগত ১১ বছৰত মোদী জীৰ নেতৃত্বত জোৱাৰৰ বাবে এম এছ পি ডেৰ-দুগুণলৈ বৃদ্ধি কৰা হৈছে। বজৰাৰ বাবে ডেৰ-দুগুণ, ৰহৰ দাইলত ১০০ শতাংশ, মুগত ১০০ শতাংশ, চয়াবিনৰ বাবে দুগুণ আৰু কপাহৰ বাবে দুগুণ এমএছপি বৃদ্ধি পাইছে।কেন্দ্ৰীয় সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে শেহতীয়া জি এছ টি সংস্কাৰৰ অধীনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকে ব্যৱহাৰ কৰা কেইবাবিধো সামগ্ৰীৰ জি এছ টি ৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ভিতৰত ট্ৰেক্টৰ, ট্ৰেক্টৰৰ অংশ, হাৰ্ভেষ্টাৰ, থ্ৰেছাৰ, স্প্ৰিংকলাৰ, ড্ৰিপ জলসিঞ্চন ব্যৱস্থা, হাঁহ-কুকুৰা আৰু মৌপালনৰ বাবে যন্ত্ৰপাতি আদি। তদুপৰি জৈৱিক কীটনাশক আৰু প্ৰাকৃতিক মেন্থলৰ জি এছ টিও ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ দ্বাৰা লাখ লাখ কৃষক উপকৃত হ’ব।
শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে আজি ভাৰতৰ প্ৰথমটো সমবায় কম্প্ৰেছড বায়’গেছ (চিবিজি) উদ্যোগ উদ্বোধন কৰা হৈছে। এই প্ৰকল্পত প্ৰায় ৫৫ কোটি টকা বিনিয়োগ কৰা হৈছে। চিবিজি উদ্যোগটোত দৈনিক গুড়ৰ পৰা ১২ টন চিবিজি আৰু ৭৫ টন পটাছ উৎপাদন হ’ব। তেওঁ কয় যে এই দুয়োবিধ সামগ্ৰী বৰ্তমান ভাৰতে বহিঃৰাজ্যৰ পৰা আমদানি কৰে, আৰু এই নতুন পদক্ষেপে আমদানি হ্ৰাস কৰিবলৈ সক্ষম হ’ব, ফলত আমি আত্মনিৰ্ভৰশীল ভাৰতৰ দিশত এখোজ আগুৱাই যাব পাৰিম।

কেন্দ্ৰীয় সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মহৰ্ষি শংকৰাও কলহেৰ সমবায় সহকৰ কাৰখানা বৃত্তাকাৰ অৰ্থনীতিৰ আদৰ্শ নিদৰ্শন হৈ পৰিছে। তেওঁ ইথানল উদ্ভিদক বহুমাত্ৰিক কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। শ্ৰী শ্বাহে উল্লেখ কৰে যে সমবায় চেনি কাৰখানাৰ উৎপত্তি মহাৰাষ্ট্ৰত হৈছিল আৰু চেনি কাৰখানাৰ বাবে ১০০ শতাংশ বৃত্তাকাৰ অৰ্থনীতি ৰূপায়ণৰ পদক্ষেপ ইয়াৰ পৰাই আৰম্ভ হৈছে। এই ক্ষেত্ৰত ভাৰত চৰকাৰেও সহায় আগবঢ়াব বুলি আশ্বাস দি মহাৰাষ্ট্ৰ চৰকাৰক এই প্ৰচেষ্টাত সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে মহৰ্ষি শংকৰৰাও কলহেৰ সমবায় সহকাৰ কাৰখানাই যি আদৰ্শ দেখুৱাইছে সেয়া মহাৰাষ্ট্ৰৰ সকলো চেনি কলৰ বাবে আৰ্হি হিচাপে কাম কৰিব , যাৰ ফলত ভৱিষ্যতে চেনি কল চলোৱাৰ ক্ষেত্ৰত যথেষ্ট লাভাৱান্বিত হ’ব পাৰে । শ্ৰী শ্বাহে আৰু উল্লেখ কৰে যে ভাৰতৰ প্ৰথমটো চুপাৰি ভিত্তিক ইথানল উদ্যোগ ইয়াত স্থাপন কৰা হৈছিল। তেওঁ লগতে কয় যে প্ৰতিটো লাভজনক চেনি কাৰখানায়ো ফলৰ প্ৰক্ৰিয়াকৰণৰ কাম হাতত ল’ব লাগে, যাৰ ফলত ফলৰ খেতিৰ প্ৰসাৰ ঘটিব আৰু চেনি কাৰখানাৰ লাভ বৃদ্ধি পাব।

শ্ৰী অমিত শ্বাহে কয় যে সঞ্জীৱনী গোটে সেউজ শক্তি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে আৰু অসংখ্য মহিলা আত্মসহায়ক গোটৰ সবলীকৰণৰ বাবে কাম কৰিছে। তেওঁ লগতে কয় যে, ইয়াৰ সমান্তৰালভাৱে ১০০খন প্ৰাথমিক কৃষি ঋণ সমিতি (পিএচিএছ) একত্ৰিত কৰা হৈছে, ১০০০ কৃষকৰ বাবে মীন পালনৰ কাম আৰম্ভ কৰা হৈছে আৰু ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সঞ্জীৱনী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। তেওঁ লগতে কয় যে ভাৰতৰ প্ৰথমটো গ্ৰাম্য কল চেণ্টাৰো ইয়াত স্থাপন কৰা হৈছে, যাৰ ফলত বহু লোকক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা সম্ভৱ হৈছে ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গ্ৰাম্য অৰ্থনীতিৰ বাবে এক নতুন জীৱনৰ সূচনা কৰিছে। তেওঁ কয় যে বিগত তিনি বছৰত সমবায় খণ্ডৰ ভৱিষ্যতক লৈ থকা সন্দেহ আৰু অনিশ্চয়তা সম্পূৰ্ণৰূপে সমাধান হৈছে। আজি সমবায় খণ্ডই দেশৰ এক শক্তিশালী স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে, যিটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিককে স্বদেশী সামগ্ৰীৰ ব্যৱহাৰক আঁকোৱালি ল’বলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যদি ১৪০ কোটি ভাৰতীয় নাগৰিক আৰু দেশৰ সকলো ব্যৱসায়ীয়ে বিদেশী সামগ্ৰীৰ ব্যৱহাৰ বা ব্যৱসায় নকৰে বুলি সংকল্প লয় তেন্তে ১৪০ কোটি নাগৰিকৰ ক্ৰয় ক্ষমতাই আমাৰ অৰ্থনীতিত এক অভূতপূৰ্ব উত্থান ঘটাব। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ অৰ্থনীতি ১১ নং স্থানৰ পৰা চতুৰ্থ স্থানলৈ উন্নীত কৰিছে আৰু আমি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ অতি ওচৰ চাপিছো। কিন্তু বিশ্বজুৰি শীৰ্ষ স্থান লাভ কৰিবলৈ স্বদেশী সামগ্ৰী গ্ৰহণৰ বিকল্প নাই। দেশৰ প্ৰতিজন নাগৰিকে স্বদেশী সামগ্ৰী গ্ৰহণ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে।
কেন্দ্ৰীয় সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিজন ব্যক্তিক মাতৃৰ নামত এজোপা গছ আৰু পৃথিৱী মাতৃৰ নামত এজোপা গছ ৰোপণৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আগন্তুক সময়ত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত এনে পদক্ষেপে যথেষ্ট সহায় কৰিব বুলিও তেওঁ কয়।
RK/VV/AK/PS/PR/DM
(Release ID: 2175254)
Visitor Counter : 15