প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বৰষুণ আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত দাৰ্জিলিং অঞ্চললৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
05 OCT 2025 4:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাৰ্জিলিং আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহক সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ উল্লেখ কৰি প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বিত প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে।
এক্সত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-
"প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ পৰিস্থিতি কৰ্তৃপক্ষই তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে।মোৰ ভাবনা শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে আছে।আহতসকলৰ শীঘ্ৰে আৰোগ্য কামনা কৰিছো।"
MJPS/SR/DM
(ৰিলিজ আই ডি : 2175174)
অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada