গৃহ মন্ত্ৰালয়
৯খন ৰাজ্যৰ বাবে মুঠ ৪,৬৪৫.৬০ কোটি টকা ব্যয়ৰে এলানি প্ৰশমন, পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণ প্ৰকল্পত অনুমোদন কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ সমিতিৰ
ইয়াৰ দ্বাৰা উপকৃত হ’ব অসম, কেৰালা, মধ্যপ্ৰদেশ, ওড়িশা, ৰাজস্থান, উত্তৰপ্ৰদেশ, বিহাৰ, ছত্তীশগড় আৰু অন্ধ্ৰপ্ৰদেশ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্যোগ প্ৰতিৰোধী ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে
অসমৰ বাবে ৬৯২.০৫ কোটি টকাৰ জলাশয় পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণ আঁচনিত অনুমোদন উচ্চস্তৰীয় সমিতিৰ
এই অনুমোদন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসমৰ জলাশয় সংৰক্ষণ আৰু বানপানী প্ৰশমনৰ দৃষ্টিভংগীৰ সৈতে সাদৃশ্য আছে
ভূপাল, ভুৱনেশ্বৰ, গুৱাহাটী, জয়পুৰ, কানপুৰ, পাটনা, ৰায়পুৰ, ত্ৰিবান্দ্ৰম, বিশাখাপট্টনম, ইন্দোৰ আৰু লক্ষ্ণৌৰ ১১খন চহৰৰ বাবে নগৰীয়া বানৰ ক্ষতিশংকা ব্যৱস্থাপনা কাৰ্যসূচী (ইউএফআৰএমপি)ৰ দ্বিতীয় পৰ্যায়ত মুঠ ২৪৪৪.৪২ কোটি আৰ্থিক ব্যয়ত অনুমোদন
২০২২ চনৰ বান/ভূমিস্খলনৰ পৰিঘটনা আৰু ২০২৪ চনৰ ৱায়ানাড ভূমিস্খলনৰ পিছত দুয়োখন ৰাজ্যৰ পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মাণৰ কাম/পৰিকল্পনাৰ বাবে অসম চৰকাৰক ১২৭০.৭৮৮ কোটি আৰু কেৰালা চৰকাৰক ২৬০.৫৬ কোটি টকাৰ আৰ্থিক সাহায্যতো অনুমোদন কমিটীৰ
২০২৫-২৬ বৰ্ষৰ বাবে এছড
Posted On:
01 OCT 2025 7:18PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত গঠিত এখন উচ্চস্তৰীয় সমিতিয়ে (এইচএলচি) মুঠ ৪,৬৪৫.৬০ কোটি টকা ব্যয়সাপেক্ষ এলানি দুৰ্যোগ প্ৰশমন, পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণ প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা ৯খন ৰাজ্য ক্ৰমে অসম, কেৰালা, মধ্যপ্ৰদেশ, ওড়িশা, ৰাজস্থান, উত্তৰপ্ৰদেশ, বিহাৰ, ছত্তীশগড় আৰু অন্ধ্ৰপ্ৰদেশ উপকৃত হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্যোগমুক্ত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সকলো ধৰণৰ সহায় আগবঢ়াইছে।
বিত্তমন্ত্রী, কৃষি মন্ত্রী, নিটী আয়োগৰ উপাধ্যক্ষৰে গঠিত কমিটীখনে ৰাষ্ট্রীয় দুর্যোগ প্রশমন পুঁজিৰ পৰা ৰাজ্যখনক আর্থিক সাহায্যৰ প্রস্তাৱ বিবেচনা কৰে৷
উচ্চস্তৰীয় সমিতিয়ে অসমৰ বাবে ৬৯২.০৫ কোটি টকা মূল্যৰ জলাশয় পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণ প্ৰকল্পত অনুমোদন জনায়। এই প্ৰকল্পৰ ৰূপায়ণে জলাশয়ৰ ক্ষমতা বৃদ্ধি, বান নিয়ন্ত্ৰণ/বানৰ সহনক্ষমতা বৃদ্ধি, জলজ পৰিৱেশ সংৰক্ষণ কৰাৰ লগতে উন্নত মীন আন্তঃগাঁথনিৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নত সহায় কৰিব। প্ৰকল্পটোৰ বাবে মুঠ অনুমোদিত ব্যয় ৬৯২.০৫ কোটি টকা, য’ত কেন্দ্ৰীয় অংশীদাৰিত্ব ৫১৯.০৪ কোটি টকা (৭৫ শতাংশ) আৰু ৰাজ্যিক অংশীদাৰিত্ব ১৭৩.০১ কোটি টকা (২৫ শতাংশ)। ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদী ব্যৱস্থাক সামৰি অসমৰ ৯খন জিলাৰ ২৪খন নিৰ্দিষ্ট জলাশয় পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে প্ৰশমনমূলক কাম-কাজ অন্তৰ্ভুক্ত কৰা হৈছে। বিভিন্ন গাঁথনিগত আৰু অন্যান্য ব্যৱস্থাৰ জৰিয়তে এই প্ৰকল্পই অসমৰ জলাশয়/বিলসমূহৰ পানী ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে বান আৰু খহনীয়াৰ ক্ষতিশংকা দূৰ কৰিব।
এই অনুমোদন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বান নিয়ন্ত্ৰণ আৰু সংৰক্ষণ আৰু অসমৰ জলাশয় উন্নয়নৰ দৃষ্টিভংগীৰ সৈতে সাদৃশ্য আছে। এই প্ৰকল্পৰ জৰিয়তে অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ সমগ্ৰ দৈৰ্ঘ্য সামৰি লোৱাৰ বাবে পৰিকল্পনা কৰা হৈছে আৰু সেয়েহে, বান প্ৰতিৰোধী ব্ৰহ্মপুত্ৰ উপত্যকা গঢ় দিয়াৰ বাবে এই প্ৰকল্পটো পাইলট প্ৰকল্প হিচাপে গ্ৰহণ কৰা হ’ব।
এইচএলচিয়ে এঘাৰখন (১১) চহৰৰ বাবে নগৰীয়া বান ক্ষতিশংকা ব্যৱস্থাপনা কাৰ্যসূচী (ইউএফআৰএমপি)ৰ দ্বিতীয় পৰ্যায়তো অনুমোদন জনায়। ভূপাল, ভুৱনেশ্বৰ, গুৱাহাটী, জয়পুৰ, কানপুৰ, পাটনা, ৰায়পুৰ, ত্ৰিবান্দ্ৰম, বিশাখাপট্টনম, ইন্দোৰ আৰু লক্ষ্ণৌৰ বাবে মুঠ আৰ্থিক ব্যয় হ’ব ২৪৪৪.৪২ কোটি টকা, যিটো ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি (এনডিএমএফ)ৰ পৰা পুঁজিৰে আগবঢ়োৱা হ’ব।
এই ১১খন চহৰৰ অৱস্থান আটাইতকৈ জনবহুল চহৰ/ৰাজ্যৰ ৰাজধানী, প্ৰধানকৈ বানপানী প্ৰৱণ অঞ্চল আৰু অন্যান্য ভৌতিক, পৰিৱেশ, আৰ্থ-সামাজিক আৰু হাইড্ৰ-মেট্ৰলজিকেল বিজ্ঞানৰ কাৰক হিচাপে বিবেচনা কৰি বাছনি কৰা হৈছে। এই কাৰ্যসূচীয়ে ৰাজ্যসমূহক ন্যায্য গাঁথনিগত আৰু অগাঁথনিগত মধ্যস্থতা ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ চহৰসমূহত নগৰীয়া বানপানীৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব। এনডিএমএফৰ নিৰ্দেশনা অনুসৰি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত খৰচৰ ভাগ-বতৰাৰ ওপৰত ভিত্তি কৰি পুঁজিৰ ব্যৱস্থা কৰা হ’ব। সেই হিচাপে মুঠ ব্যয়ৰ ভিতৰত কেন্দ্ৰৰ দ্বাৰা ৯০ শতাংশ আৰু ৰাজ্যৰ দ্বাৰা ১০ শতাংশ ব্যয় কৰা হ’ব।
তদুপৰি সংশ্লিষ্ট ১১খন চহৰৰ ভিতৰত উচ্চস্তৰীয় সমিতিয়ে গুৱাহাটী চহৰৰ বাবে বান প্ৰশমন প্ৰকল্পৰ বাবে প্ৰস্তুত কৰা এক কাৰ্যসূচীত অনুমোদন জনাইছে। ইয়াৰ মুঠ আৰ্থিক ব্যয় ২০০ কোটি টকা। ইয়াৰে ১৮০ কোটি টকা এনডিএমএফৰ কেন্দ্ৰীয় অৱদান আছে। গুৱাহাটী চহৰৰ বাবে নগৰীয়া বানপানীৰ আশংকা প্ৰশমন প্ৰকল্পত অন্তৰ্ভুক্ত কাৰ্য্যসূচীসমূহৰ ভিতৰত গাঁথনিগত ব্যৱস্থা-যেনে জলভাগৰ আন্তঃসংযোগ, প্ৰচুৰ বৃষ্টিপাতৰ সুক্ষ্ম ব্যৱস্থাপনা, বান প্ৰতিৰোধী দেৱাল নিৰ্মাণ, প্ৰকৃতিভিত্তিক সমাধান (এনবিএছ) ব্যৱহাৰ কৰি ভূমিস্খলন নিয়ন্ত্ৰণ আৰু মাটি সুস্থিৰকৰণৰ লগতে অগাঁথনিগত ব্যৱস্থা যেনে বানপানীৰ আগতীয়া সতৰ্কবাণী ব্যৱস্থা, তথ্য আহৰণ ব্যৱস্থা, আৰু সামৰ্থ্য বিকাশ আদি উল্লেখযোগ্য।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে চেন্নাই, মুম্বাই, কলকাতা, আহমেদাবাদ, হায়দৰাবাদ, বেংগালুৰু আৰু পুনেৰ সাতখন মহানগৰৰ বাবে মুঠ ৩০৭৫.৬৫ কোটি টকাৰ নগৰীয়া বানপানীৰ ক্ষতিশংকা ব্যৱস্থাপনা কাৰ্যসূচীত অনুমোদন জনাইছিল। তদুপৰি কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোত একাধিক দুৰ্যোগৰ ক্ষতিশংকা হ্ৰাস কৰাৰ বাবে কেইবাটাও প্ৰশমন প্ৰকল্প, যেনে ভূমিস্খলন (১০০০ কোটি টকা), জিএলঅ’এফ (১৫০ কোটি টকা), বনজুই (৮১৮.৯২ কোটি টকা), বজ্ৰপাত (১৮৬.৭৮ কোটি টকা), আৰু খৰাং (২০২২.১৬ কোটি টকা)ৰ বাবে অনুমোদন জনায়।
২০২২ চনৰ বান/ভূমিস্খলনৰ পৰিঘটনা আৰু ২০২৪ চনৰ ৱায়ানাড ভূমিস্খলনৰ পিছত দুয়োখন ৰাজ্যৰ পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণৰ কাম-কাজ/পৰিকল্পনাৰ বাবে অসম চৰকাৰক ক্ৰমে ১২৭০.৭৮৮ কোটি আৰু কেৰালা চৰকাৰক ২৬০.৫৬ কোটি টকাৰ আৰ্থিক সাহায্যও উচ্চস্তৰীয় সমিতিখনে অনুমোদন জনায়। এই পুনৰ সংস্থাপন সাহায্যই অসম আৰু কেৰালা ৰাজ্যক ক্ৰমে ২০২২ আৰু ২০২৪ চনৰ ৱায়ানাড ভূমিস্খলনৰ সময়ত হোৱা ক্ষয়-ক্ষতি আৰু ধ্বংসলীলাৰ পৰা উদ্ধাৰ কৰি পুনৰ নিৰ্মাণ কাৰ্য্য সম্পাদন কৰাত সহায় কৰিব।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে যোশীমঠ ভূমিস্খলনৰ পিছত উত্তৰাখণ্ডৰ বাবে ১৬৫৮.১৭ কোটি টকাৰ পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মাণ পৰিকল্পনাত অনুমোদন জনাইছিল। ২০২৩ চনত জিএলঅ’এফ ঘটনাৰ পিছত ছিকিমৰ বাবে ৫৫৫.২৭ কোটি টকা আৰু ২০২৩ চনত বানপানী, ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণৰ পিছত হিমাচল প্ৰদেশৰ বাবে ২০০৬.৪০ কোটি টকাৰ পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মাণ পৰিকল্পনাত অনুমোদন জনাইছিল।
এই অতিৰিক্ত সাহায্য ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ অধীনত ইতিমধ্যে কেন্দ্ৰই ৰাজ্যসমূহলৈ মুকলি কৰি দিয়া ধন। ২০২৫-২৬ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফৰ অধীনত ২৭খন ৰাজ্যক ১৩৫৭৮.৮০ কোটি টকা আৰু এনডিআৰএফৰ অধীনত ১২খন ৰাজ্যক ২০২৪.০৪ কোটি টকা মুকলি কৰি দিছে।
তদুপৰি, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ২০২৫-২৬ বৰ্ষৰ বাবে এছডিআৰএফৰ কেন্দ্ৰীয় অংশীদাৰিত্বৰ দ্বিতীয় কিস্তি হিচাপে ছিকিম চৰকাৰক ২৪.৪০ কোটি টকাৰ অগ্ৰিম ধনৰাশি মুকলি কৰিবলৈ অনুমোদন জনাইছে।
তদুপৰি, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ২১খন ৰাজ্যক ৪৪১২.৫০ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ৯খন ৰাজ্যক ৩৭২.০৯ কোটি টকা মুকলি কৰি দিছে।
****
RK/VV/PS/PR/DB
(Release ID: 2174240)
Visitor Counter : 5