কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
কেবিনেটে ৫৮৬২ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে সমগ্ৰ দেশতে অসামৰিক খণ্ডৰ অধীনত ৫৭ নতুন কেন্দ্ৰীয় বিদ্যালয় (KV) স্থাপনত অনুমোদন জনায়
Posted On:
01 OCT 2025 3:13PM by PIB Guwahati
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সন্তানৰ শৈক্ষিক প্ৰয়োজনীয়তাসমূহ সহজ কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে আজি সমগ্ৰ দেশতে অসামৰিক খণ্ডৰ অধীনত ৫৭ খন নতুন কেন্দ্ৰীয় বিদ্যালয় (KV) স্থাপনত অনুমোদন জনাইছে। ৫৭ খন নতুন কেভি স্থাপনৰ বাবে মুঠ ৫৮৬২.৫৫ কোটি (প্ৰায়) টকা ব্যয় কৰা হ’ব। ২০২৬-২৭ ৰ পৰা ৯ বছৰৰ ভিতৰত এয়া সম্পূৰ্ণ হৈ উঠিব। ইয়াৰ ভিতৰত আছে ২৫৮৫.৫২ কোটি (প্ৰায়) টকাৰ মূলধনী ব্যয় আৰু ৩২৭৭.০৩ কোটি (প্ৰায়) টকাৰ কাৰ্য্যকৰী ব্যয়। উল্লেখযোগ্য যে এনইপি, ২০২০-ৰে সংগতি ৰাখি আদৰ্শ বিদ্যালয় হিচাপে পোন-প্ৰথমবাৰৰ বাবে বালবাটিকাৰ সৈতে উক্ত ৫৭ খন কেভিত অনুমোদন জনোৱা হৈছে অৰ্থাৎ ৩ বছৰৰ প্ৰাথমিক পৰ্য্যায় (প্ৰাক-প্ৰাথমিক) থাকিব।
ভাৰত চৰকাৰে প্ৰতিৰক্ষা আৰু অৰ্ধসামৰিক বাহিনীকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় চৰকাৰৰ বদলিযোগ্য আৰু বদলি কৰিব নোৱাৰা কৰ্মচাৰীসকলৰ সন্তানৰ শৈক্ষিক প্ৰয়োজনীয়তা পূৰণৰ বাবে সমগ্ৰ দেশতে একে মানদণ্ডৰ শৈক্ষিক সুবিধা প্ৰদানৰ অৰ্থে ১৯৬২-ৰ নৱেম্বৰত কেভি আঁচনিত অনুমোদন জনাইছিল। ফলস্বৰূপে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ ইউনিট হিচাপে “কেন্দ্ৰীয় বিদ্যালয় সংগঠন” আৰম্ভ হৈছিল।
নতুন কেভি স্থাপন কাৰ্য্য এক অবিৰত প্ৰক্ৰিয়া। নতুন কেভি স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়/বিভাগ, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলকে প্ৰমুখ্য কৰি ভিন্ন পৃষ্ঠপোষক কৰ্তৃপক্ষৰ পৰা মন্ত্ৰালয় আৰু কেভিএছে নিয়মিতভাৱে প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্ৰস্তাৱসমূহ সংশ্লিষ্ট পৃষ্ঠপোষক কৰ্তৃপক্ষ অৰ্থাৎ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়/বিভাগে আগবঢ়ায়। আজিলৈকে বিদেশত ০৩ খনকে প্ৰমুখ্য কৰি ১২৮৮ খন কাৰ্য্যক্ষম কেভি আছে। মস্কো, কাঠমাণ্ডু আৰু তেহৰানত এই তিনিখন কেভি আছে। ৩০-০৬-২০২৫ তাৰিখলৈকে ইয়াত নামভৰ্তি কৰা মুঠ ছাত্ৰ-ছাত্ৰীৰ পৰিসংখ্যা ১৩.৬২ লাখ (প্ৰায়)।
পূৰ্বতে ৮৫ খন কেভিৰ অনুমোদনৰ সৈতে একেলগে উক্ত শেহতীয়া প্ৰস্তাৱে কেভিৰ অধিক চাহিদাকে সূচিত কৰিছে। চিচিইএ-এ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত ৭ খন কেভি আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত বাকী ৫০ খন কেভিত অনুমোদন জনাইছে। কেন্দ্ৰীয় বিদ্যালয়ৰ বাবে ৫৭ নতুন প্ৰস্তাৱে অভাৱগ্ৰস্ত আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত উপনীত হোৱাৰ এক গভীৰ অংগীকাৰকে প্ৰতিফলিত কৰে। ২০২৪-ৰ ডিচেম্বৰত অনুমোদিত ৮৫ খন কেভিৰ সৈতে আগবাঢ়ি গৈ এই প্ৰস্তাৱে ১৭ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে। উক্ত ৫৭ খন কেভিৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ যথেষ্ট সংখ্যক কৰ্মচাৰী থকাৰ পিছতো বৰ্তমান কোনো কেভি নথকা জিলাত ২০ খন স্থাপনৰ প্ৰস্তাৱ জনোৱা হৈছে। তদুপৰি আকাংক্ষী জিলাত ১৪ খন কেভি, এলডব্লিউই জিলাত ৪ কেভি আৰু উত্তৰ-পূৰ্বাঞ্চল/পাহাৰীয়া অঞ্চলত ৫ খন কেভিৰ প্ৰস্তাৱ জনোৱা হৈছে।
প্ৰকল্পটো ৰূপায়ণৰ বাবে প্ৰশাসনিক গাঁথনিত প্ৰায় ১৫২০ জন ছাত্ৰ-ছাত্ৰীৰ ক্ষমতাৰে পূৰ্ণাংগ কেভি চলোৱাৰ বাবে সংগঠনে নিৰ্ধাৰণ কৰা নীতি-নিয়মৰ সমপৰ্যায়ৰ পদ সৃষ্টিৰ প্ৰয়োজন হ’ব। ইয়াৰ জৰিয়তে ৮৬৬৪০ জন ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব। প্ৰচলিত নীতি অনুসৰি এখন পূৰ্ণাংগ কেভিয়ে (বালবাটিকাৰ পৰা দ্বাদশ শ্ৰেণীলৈকে) ৮১ জন ব্যক্তিক কৰ্মসংস্থাপন প্ৰদান কৰে আৰু সেই অনুসৰি ৫৭ খন নতুন কেভিৰ অনুমোদনৰ জৰিয়তে মুঠ ৪৬১৭ প্ৰত্যক্ষ স্থায়ী নিয়োগৰ সুযোগ সৃষ্টি হ’ব। সকলো কেভিতে ভিন্ন সা-সুবিধা বৃদ্ধিৰ সৈতে জড়িত নিৰ্মাণ আৰু সংশ্লিষ্ট কাৰ্য্যকলাপে বহু দক্ষ আৰু অদক্ষ শ্ৰমিকৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।
ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ অনুসৰি ৯১৩ খন কেভিক পিএম শ্ৰী বিদ্যালয় হিচাপে গঢ়ি তোলা হৈছে। এনে বিদ্যালয়সমূহত এনইপি, ২০২০-ৰ ৰূপায়ণক থূপাই-প্ৰদৰ্শনৰ প্ৰয়াস কৰা হৈছে। কেভিসমূহ হৈছে গুণগত পাঠদান, উদ্ভাৱনীমূলক শিক্ষাবিজ্ঞান আৰু অত্যাধুনিক আন্তঃগাঁথনিৰ বাবে বিশেষ। প্ৰতি বছৰে কেভিত বালবাটিকা/প্ৰথম শ্ৰেণীত নামভৰ্তিৰ বাবে আবেদন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ লগতে চিবিএছই-এ পৰিচালনা কৰা ব’ৰ্ড পৰীক্ষাত কেভিৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন সকলো শিক্ষা ব্যৱস্থাৰ ভিতৰত ধাৰাবাহিকভাৱে শ্ৰেষ্ঠ হৈ আহিছে।
এইদৰে উক্ত প্ৰস্তাৱে ৰাজ্যসমূহত গুণগত শিক্ষাৰ প্ৰসাৰ ঘটাব। লগতে কেন্দ্ৰীয় চৰকাৰৰ যথেষ্ট সংখ্যক কৰ্মচাৰী থকা অধিক চাহিদা সম্পন্ন অঞ্চলসমূহত, আকাংক্ষী জিলাসমূহত ক’ভাৰেজ বৃদ্ধি কৰিব। একেদৰে ভৌগোলিকভাৱে প্ৰত্যাহ্বানমূলক আৰু সামাজিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহলৈ কেভিএছ-ৰ নেটৱৰ্কক সম্প্ৰসাৰিত কৰিব।
***
MJPS/SKS/SB
(Release ID: 2173950)
Visitor Counter : 8
Read this release in:
Bengali-TR
,
Odia
,
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam