কেবিনেট
azadi ka amrit mahotsav

কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ তিনি শতাংশ মৰগীয়া বানচ আৰু মৰগীয়া সাহায্যৰ অতিৰিক্ত কিস্তিত অনুমোদন জনায়

प्रविष्टि तिथि: 01 OCT 2025 3:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি মূল্যবৃদ্ধিৰ পৰা সকাহ প্ৰদানৰ অৰ্থে ০১-০৭-২০২৫ ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকললৈ মৰগীয়া বানচ (DA) আৰু মৰগীয়া সাহায্য (DR)-ৰ অতিৰিক্ত কিস্তি মুকলিত অনুমোদন জনাইছে। যিয়ে বেছিক পে’/ পেঞ্চনৰ ৫৫% বৰ্তমানৰ হাৰৰ তুলনাত ৩% বৃদ্ধিক সূচিত কৰে।

মৰগীয়া বানচ আৰু মৰগীয়া সাহায্য উভয় বৃদ্ধিৰ বাবে ৰাজকোষত বছৰি ১০০৮৩.৯৬ কোটি টকাৰ সংযুক্ত প্ৰভাৱ পৰিব। ইয়াৰ ফলশ্ৰুতিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৪৯.১৯ লাখ কৰ্মচাৰী আৰু ৬৮.৭২ লাখ পেঞ্চনাৰ উপকৃত হ’ব।

৭ম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শৰ ভিত্তিত গ্ৰহণ কৰা সূত্ৰ অনুসৰি এই বৃদ্ধি ঘটোৱা হৈছে।

***

MJPS/SKS/SB


 


(रिलीज़ आईडी: 2173799) आगंतुक पटल : 117
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali-TR , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam