গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰে পঞ্জাৱৰ জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে আৰু ৰাজ্যখনৰ বানপীড়িত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ

পঞ্জাৱৰ মুখ্যমন্ত্রীয়ে নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রীক সাক্ষাৎ কৰি শেহতীয়া বানপানীৰ পাছত ৰাজ্যখনত হোৱা ক্ষয়- ক্ষতিৰ বিষয়ে অৱগত কৰে৷

মুখ্যমন্ত্ৰীক অৱগত কৰা হয় যে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ত ৰাজ্যখনৰ হাতত ১২,৫৮৯.৫৯ কোটি টকাৰ পৰ্যাপ্ত ধন আছে। যিটো ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য আৰু তাৎক্ষণিকভাৱে পুনৰুদ্ধাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব

প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা ১৬০০ কোটি টকাৰ আৰ্থিক সাহায্যৰ ভিতৰত ইতিমধ্যে বিভিন্ন আঁচনিৰ অধীনত ৰাজ্য চৰকাৰ/ লক্ষ্য নিৰ্ধাৰিত হিতাধিকাৰীলৈ ৮০৫ কোটি টকা মুকলি কৰি দিয়া হৈছে

পঞ্জাৱৰ পৰা স্মাৰকপত্ৰ লাভৰ বাবে অপেক্ষা নকৰাকৈয়ে ২০২৫ চনৰ ১ ছেপ্টেম্বৰত এটা আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দল (আইএমচিটি) গঠন কৰা হয়

Posted On: 30 SEP 2025 8:03PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে মোদী চৰকাৰে পঞ্জাৱৰ জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে আৰু  ৰাজ্যখনৰ বানপীড়িত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

আজি সন্ধিয়া নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহক সাক্ষাৎ কৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী শ্ৰী ভগৱন্ত মানে  বানপানীৰ পিছত ৰাজ্য খনত  হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে দুৰ্যোগ সাহায্য আৰু পুনৰুদ্ধাৰৰ অৰ্থে ৰাজ্যখনৰ  বাবে অতিৰিক্ত ধন অনুমোদনৰ অনুৰোধ জনায়।

বৈঠকৰ সময়ত  পঞ্জাৱৰ মুখ্যমন্ত্ৰীক অৱগত কৰা হয় যে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ত ৰাজ্যখনৰ হাতত ১২,৫৮৯.৫৯ কোটি টকাৰ পৰ্যাপ্ত ধন আছে। যিটো ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান  আৰু তাৎক্ষণিকভাৱে পুনৰুদ্ধাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।

ৰাজ্যখনৰ শেহতীয়া বানপানীৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কেন্দ্ৰীয় সংস্থাসমূহে ৰাজ্য প্ৰশাসনক অনুসন্ধান, উদ্ধাৰ আৰু তাৎক্ষণিক পুনৰুদ্ধাৰৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায় আগবঢ়াইছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে ২০২৫ চনৰ ৯ ছেপ্টেম্বৰত পঞ্জাৱ ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ১৬০০ কোটি টকাৰ আৰ্থিক সাহায্যৰ ভিতৰত ৮০৫ কোটি টকা (এন এইচ এ আইয়ে অনুমোদন জনোৱা ১৭০ কোটি টকাকে ধৰি) ইতিমধ্যে বিভিন্ন আঁচনিৰ অধীনত ৰাজ্য চৰকাৰ/ লক্ষ্য নিৰ্ধাৰিত  হিতাধিকাৰীক মুকলি কৰি দিয়া হৈছে আৰু বাকী থকা ধনৰাশি  ৰাজ্যখনৰ  পৰা প্ৰাসংগিক তথ্য লাভ কৰাৰ পিছত মুকলি কৰি দিয়া হ’ব।

 

ইয়াৰ উপৰি পঞ্জাৱৰ  ৰাজ্য চৰকাৰৰ  পৰা স্মাৰকপত্ৰ লাভৰ বাবে অপেক্ষা নকৰাকৈয়ে  ২০২৫ চনৰ ১ ছেপ্টেম্বৰত এটা আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দল (আইএমচিটি) গঠন কৰা হয় । কেন্দ্ৰীয় দলটোৱে ২০২৫ চনৰ ৩ - ৬ ছেপ্টেম্বৰৰ পৰা ৰাজ্যখনৰ ক্ষয়-ক্ষতিৰ দিশটো  মূল্যায়নৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে যদিও ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ক্ষতিৰ বিতং প্ৰতিবেদন এতিয়ালৈকে দাখিল কৰা নাই। বিতং প্ৰতিবেদন লাভ কৰাৰ পিছত ভাৰত চৰকাৰৰ অনুমোদিত নীতি অনুসৰি সেয়া  কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিব।


ইয়াৰ উপৰি  ৰাজ্যখনে  জীৱিকাৰ পুনৰুদ্ধাৰ  আৰু ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণৰ  বাবে এক পুনৰুদ্ধাৰ তথা  পুনৰ নিৰ্মাণৰ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ইতিমধ্যে ১৪.০৮.২০২৪ তাৰিখে এছডিআৰএফ তথা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি (এনডিআৰএফ)ৰ অধীনত পুনৰুদ্ধাৰ আৰু পুনৰ্গঠন (আৰ এণ্ড আৰ) পুঁজিৰ উইণ্ড’ৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি ভয়াৱহ দুৰ্যোগৰ পিছত ৰাজ্য চৰকাৰে পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ মূল্যায়নৰ বাবে এছডিএমএ/এনডিএমএ (প্ৰয়োজন হ’লে)ৰ সৈতে আলোচনা কৰি দুৰ্যোগৰ পিছৰ প্ৰয়োজনীয় মূল্যায়ন (পিডিএনএ) কৰাটো প্ৰয়োজন।

 

 

RK/VV/RR/PR/PS/DM


(Release ID: 2173414) Visitor Counter : 7