গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে বিহাৰত ঘাইপথ সম্প্ৰসাৰণ আৰু দ্বৈত ৰে’লপথলৈ উন্নীতকৰণত কেবিনেটে জনোৱাৰ অনুমোদনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
আজি মোদী চৰকাৰে বিহাৰক ৬,০১৪.৩১ কোটি টকাৰ ৰোড-ৰে’ল সম্পৰ্কীয় উপহাৰ প্ৰদান কৰে
“কেন্দ্ৰ আৰু ৰাজ্য পৰ্যায়ৰ বিৰোধী দলৰ চৰকাৰে দশক দশক ধৰি ৰে’ল আৰু পথৰ দৰে মৌলিক আন্তঃগাঁথনিৰ পৰা বঞ্চিত হৈ থকা বিহাৰক আমাৰ মিত্ৰজোঁটৰ চৰকাৰে উন্নত বিহাৰলৈ ৰূপান্তৰিত কৰিছে”
ঘাইপথ সম্প্ৰসাৰণ আৰু দ্বৈত ৰে’লপথলৈ উন্নীতকৰণে বিহাৰৰ প্ৰগতি ত্বৰান্বিত কৰাৰ লগতে নিয়োগ আৰু উদ্যোগ খণ্ডৰ উন্নয়নেও ৰাজ্যখনত নতুন গতি লাভ কৰিব
Posted On:
24 SEP 2025 7:47PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে বিহাৰৰ ঘাইপথ সম্প্ৰসাৰণ আৰু দ্বৈত ৰে’লপথলৈ উন্নীতকৰণত কেবিনেটে অনুমোদন জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।
'এক্স'ত এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে আজি মোদী চৰকাৰে বিহাৰক ৬,০১৪.৩১ কোটি টকাৰ ৰোড-ৰে’ল সম্পৰ্কীয় উপহাৰ দিলে। পূৰ্বৰ কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্যায়ৰ বিৰোধী দলৰ চৰকাৰে দশক দশক ধৰি ৰে’ল-পথৰ দৰে মৌলিক আন্তঃগাঁথনিৰ পৰা বঞ্চিত হৈ থকা বিহাৰক আমাৰ মিত্ৰজোঁটৰ চৰকাৰে "উন্নত বিহাৰ"লৈ ৰূপান্তৰিত কৰিছে। কেবিনেটে ঘাইপথ সম্প্ৰসাৰণ আৰু দ্বৈত ৰে’লপথলৈ উন্নীতকৰণ দৰে প্ৰকল্পত অনুমোদন জনাইছে, যাৰ ফলত বিহাৰৰ প্ৰগতি ত্বৰান্বিত হ’ব। ৰাজ্যত নিয়োগ আৰু ঔদ্যোগিক উন্নয়নেও নতুন গতি লাভ কৰিব।
RK/VV/RR/PS/PR/DB
(Release ID: 2171233)
Visitor Counter : 3