কেবিনেট
azadi ka amrit mahotsav

ৰে’লৱেৰ কৰ্মচাৰীসকলক ৭৮দিনৰ বাবে উৎপাদনশীলতা সংযুক্ত বোনাছ প্ৰদানত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 24 SEP 2025 3:10PM by PIB Guwahati

ৰে'লৱেৰ কৰ্মচাৰীসকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ৰে'লৱেৰ কৰ্মচাৰীসকলক ৭৮দিনৰ বাবে উৎপাদনশীলতা সংযুক্ত বোনাছ (পিএলবি) প্ৰদান কৰাৰ বাবে অনুমোদন জনাইছে

প্ৰতি বছৰে দুৰ্গা পূজা/দশেৰা বন্ধৰ পূৰ্বে যোগ্য ৰে'লৱে কৰ্মচাৰীক পি এল বি প্ৰদান কৰা হয় এই বছৰো প্ৰায় ১০.৯১লাখ অৰাজপত্ৰিত ৰে' কৰ্মচাৰীক ৭৮দিনৰ মজুৰিৰ সমতুল্য পি এল বিৰ পৰিমাণ প্ৰদান কৰা হৈছে পি এল বি ধন ৰে'লৱেৰ কৰ্মচাৰীসকলক ৰে' লৱেৰ প্ৰদৰ্শন উন্নত কৰাৰ দিশত কাম কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে অনুপ্ৰেৰণা হিচাপে আগবঢ়োৱা হয়।

প্ৰতিজন যোগ্য ৰে'ল কৰ্মচাৰীৰ বাবে ৭৮দিনৰ মজুৰিৰ সমতুল্য পিএলবিৰ সৰ্বাধিক পৰিশোধযোগ্য পৰিমাণ হৈছে ১৭,৯৫১/- টকা বিভিন্ন শ্ৰেণীৰ ৰে'ৱে কৰ্মচাৰী যেনে ট্ৰেক মেইন্টেনাৰ, লোকো পাইলট, ট্ৰেইন মেনেজাৰ (গাৰ্ড), ষ্টেচন মাষ্টাৰ, চুপাৰভাইজাৰ, টেকনিচিয়ান, টেকনিচিয়ান হেল্পৰ, পইণ্টছমেন, বিভাগীয় কৰ্মচাৰী আৰু অন্যান্য গ্ৰুপ 'চি' কৰ্মচাৰীসকলক এই ধনৰাশি প্ৰদান কৰা হ'

২০২৪-২৫বৰ্ষত ৰে'লৱেৰ প্ৰদৰ্শন অতি উন্নত ৰে'লৱেই অভিলেখ সংখ্যক ১৬১৪.৯০ মিলিয়ন টন বয় বস্তু সৰবৰাহ কৰাৰ লগতে প্ৰায় ৭৩বিলিয়ন যাত্ৰীক আহ যাহৰ সুবিধা দিয়ে

***

MJPS/SKS/DD


(रिलीज़ आईडी: 2170693) आगंतुक पटल : 88
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam