গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত আয়োজিত ‘জ্ঞান ভাৰতম মিছন’ৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনকলৈ সন্তুষ্টি প্ৰকাশ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

ভাৰতৰ জ্ঞান, বিজ্ঞান, পাণ্ডুলিপিত সংকলিত গৱেষণা , ভোজপত্ৰ , তাম্ৰপত্ৰ, শিলালিপি আৰু অভিলেখ নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীৰে ‘জ্ঞান ভাৰতম মিছন’ আৰম্ভ কৰা হৈছে
এই অনুষ্ঠানে বিশ্বৰ চহকী জ্ঞান পৰম্পৰাৰ সৈতে জড়িত পণ্ডিত, গৱেষক আৰু যুৱক-যুৱতীসকলক এক উমৈহতীয়া মঞ্চ প্ৰদান কৰিব

‘জ্ঞান ভাৰতম মিছন’-এ ৪৮৩ কোটি টকা ব্যয়সাপেক্ষে সমগ্ৰ দেশৰ ১ কোটিৰো অধিক পাণ্ডুলিপিৰ জৰীপ, নথিভুক্তকৰণ আৰু বিশ্লেষণেৰে সমগ্ৰ বিশ্বক ভাৰতৰ অকল্পনীয় জ্ঞান ঐতিহ্যৰ সৈতে পুনৰ সংযোগ কৰিবলৈ গৈ আছে

Posted On: 13 SEP 2025 6:51PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে নতুন দিল্লীত আয়োজিত ‘জ্ঞান ভাৰতম মিছন’ৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনকলৈ  সন্তুষ্টি  প্ৰকাশ কৰিছে।

 

এক্স প্লেটফৰ্মত দিয়া  এক পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়- এয়া আনন্দৰ কথা যে ভাৰতৰ জ্ঞান, বিজ্ঞান, পাণ্ডুলিপিত  সংকলিত গৱেষণা , ভোজপত্ৰ , তাম্ৰপত্ৰ, শিলালিপি আৰু অভিলেখ নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী দৃষ্টিভংগী  সন্মুখত ৰাখি নতুন দিল্লীত  ‘জ্ঞান ভাৰতম মিছন’ৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰা হৈছে । তেওঁ কয় যে এই অনুষ্ঠানে বিশ্বৰ চহকী জ্ঞান পৰম্পৰাৰ সৈতে জড়িত পণ্ডিত, গৱেষক আৰু যুৱক-যুৱতীসকলক এক উমৈহতীয়া মঞ্চ প্ৰদান কৰিছে। শ্ৰী শ্বাহে কয় যে ‘জ্ঞান ভাৰতম মিছন’-এ ৪৮৩ কোটি টকা ব্যয়সাপেক্ষে সমগ্ৰ দেশৰ ১ কোটিৰো অধিক পাণ্ডুলিপিৰ জৰীপ, নথিভুক্তকৰণ  আৰু বিশ্লেষণেৰে সমগ্ৰ বিশ্বক ভাৰতৰ অকল্পনীয় জ্ঞান ঐতিহ্যৰ সৈতে পুনৰ সংযোগ কৰিবলৈ গৈ আছে।

 

RK / VV / RR / PS/DM


(Release ID: 2166590) Visitor Counter : 6