প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ওনাম উপলক্ষ্যে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
05 SEP 2025 8:26AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওনাম উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। "এই উৎসৱ ঐক্য, আশা আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতীক। এই অনুষ্ঠানে আমাৰ সমাজত সমন্বয়ৰ মনোভাৱ শক্তিশালী কৰক আৰু প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ কৰি তোলক", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;
"সকলোলৈ ওনামৰ শুভেচ্ছা জ্ঞাপন কৰিলো! এই সুন্দৰ উৎসৱে সকলোৰে বাবে নৱীকৃত আনন্দ, সুস্বাস্থ্য আৰু প্ৰচুৰ সমৃদ্ধি কঢ়িয়াই আনক। ওনামে কেৰালাৰ কালজয়ী ঐতিহ্য তথা চহকী পৰম্পৰাক প্ৰতিফলিত কৰে। এই উৎসৱ ঐক্য, আশা আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতীক। এই অনুষ্ঠানে আমাৰ সমাজত সমন্বয়ৰ মনোভাৱ শক্তিশালী কৰক আৰু প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ কৰি তোলক ।"
MJPS/VJ/DM
(ৰিলিজ আই ডি : 2164086)
অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam