প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
'উৎকৰ্ষ ওড়িশা' অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ - ভূৱনেশ্বৰত মেক ইন ওড়িশা সন্মিলন
Posted On:
28 JAN 2025 2:48PM by PIB Guwahati
জয় জগন্নাথ!
কাৰ্যসূচীত উপস্থিত ওড়িশাৰ গভৰ্ণৰ শ্ৰী হৰি বাবু, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝি মহাশয়, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী মন্ত্ৰীসকল, ওড়িশা চৰকাৰৰ মন্ত্ৰী, সাংসদসকল, বিধায়কসকল, উদ্যোগ আৰু বাণিজ্য জগতৰ প্ৰধান উদ্যোগী মিত্ৰ, দেশ আৰু বিশ্বৰ বিনিয়োগকাৰীসকল আৰু ওড়িশাৰ মোৰ প্ৰিয় ভাতৃ-ভগ্নীসকল!
জানুৱাৰী মাহত, অৰ্থাৎ ২০২৫ৰ আৰম্ভণিতে, এয়া মই দ্বিতীয় বাৰৰ বাবে ওড়িশা ভ্ৰমণ কৰিছো। কিছু দিনৰ পূৰ্বে মই ইয়াত প্ৰৱাসী ভাৰতীয় দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলো। আজি মই ইয়াত উৎকৰ্ষ ওড়িশা সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে আপোনালোকৰ মাজত উপস্থিত হৈছো। এয়া ওড়িশাত এতিয়ালৈকে হোৱা সৰ্ববৃহৎ বাণিজ্য শীৰ্ষ সম্মিলন বুলি মই জানিব পাৰিছো। পূৰ্বৰ তুলনাত ৫-৬ গুণ বেছি বিনিয়োগকাৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। মই ওড়িশাৰ লোকসকলক, ওড়িশা চৰকাৰক, এই চমৎকাৰ আয়োজনৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। আপোনালোক সকলোকে এই আয়োজনৰ বাবে অভিনন্দন জনাইছো।
মিত্ৰসকল,
পূব ভাৰতক মই দেশৰ উন্নতিৰ অন্তৰালৰ ইঞ্জিন বুলি ভাবো। আৰু ওড়িশাৰ ইয়াত এটা ডাঙৰ ভূমিকা আছে। গোলকীয় প্ৰগতিত ভাৰতৰ এটা ডাঙৰ অংশীদাৰিত্ব থকা কালত পূৰ্বৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে ইতিহাস সাক্ষী আছে। পূব ভাৰতত দেশৰ ডাঙৰ ঔদ্যোগিক কেন্দ্ৰ, বন্দৰ তথা বাণিজ্যিক কেন্দ্ৰ থকাৰ লগতে ওড়িশাৰ ইয়াত ডাঙৰ অংশীদাৰিত্বও আছিল। দক্ষিণ-পূৰ্ব এচিয়াত হোৱা বাণিজ্যৰ ওড়িশা মুখ্য কেন্দ্ৰ আছিল। ইয়াৰ প্ৰাচীন বন্দৰসমূহ, এক প্ৰকাৰৰ ভাৰতৰ দুৱাৰমুখৰ দৰে আছিল। আজিও ওড়িশাত প্ৰতিবছৰে বালি যাত্ৰা উদযাপন কৰা হয়। অলপতে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি আহিছিল। তেওঁ কৈছিল যে মোৰ ডিএনএত ওড়িশা আছে।
মিত্ৰসকল,
ওড়িশাক দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ কৰাৰ ঐতিহ্যক এই ৰাজ্যই উদযাপন কৰে। একবিংশ শতিকাৰ ওড়িশাই নিজৰ গৌৰৱময় ঐতিহ্যক পুনৰ জাগ্ৰত কৰিবলৈ চেষ্টা কৰি আছে। অলপতে ছিংগাপুৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ওড়িশা ভ্ৰমণ কৰে। ওড়িশাৰ সৈতে সম্পৰ্কৰ বিষয়ে ছিংগাপুৰ খুব উৎসাহী। এছিয়ান দেশসমূহেও ওড়িশাৰ সৈতে বাণিজ্য তথা পৰম্পৰাৰ সংযোগক শক্তিশালী কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। সম্প্ৰতি এই অঞ্চলত সম্ভাৱনাৰ এনে বহু দুৱাৰ মুকলি হৈছে, যিসমূহ সম্ভাৱনা স্বাধীনতাৰ পাছত কেতিয়াও পৰিলক্ষিত হোৱা নাছিল। মই ইয়াত উপস্থিত প্ৰতিগৰাকী বিনিয়োগকাৰীক আহ্বান জনোৱাৰ লগতে আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ কথাকে পুনৰাবৃত্তি কৰিব বিচাৰো- এই সময় হৈছে, সঠিক সময়। ওড়িশাৰ এই উন্নয়ন যাত্ৰাত আপোনাৰ বিনিয়োগে আপোনাক সফলতাৰ নতুন শিখৰলৈ লৈ যাব আৰু এয়া হৈছে মোদীৰ গাৰাণ্টী।
মিত্ৰসকল,
আজি ভাৰতে কোটি কোটি লোকৰ আশা-আকাংক্ষাৰ দ্বাৰা পৰিচালিত উন্নয়নৰ পথেৰে আগবাঢ়িছে। এয়া হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ। কৃত্ৰিম বুদ্ধিমত্তা সৰ্বত্ৰে চৰ্চিত হৈছে। কিন্তু ভাৰতৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ উপৰি ভাৰতৰ আকাংক্ষাও হৈছে দেশখনৰ শক্তি। মানুহৰ প্ৰয়োজন পূৰ হোৱাৰ সমান্তৰালকৈ আকাংক্ষা বৃদ্ধি হয়। দেশখনে এতিয়া যোৱা দশকত কোটি কোটি দেশবাসীক শক্তিশালী কৰাৰ লাভালাভ দেখিছে। ওড়িশাইও এই আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। ওড়িশা অসামান্য। ওড়িশা হৈছে নতুন ভাৰতৰ আশাবাদ আৰু মৌলিকতাৰ প্ৰতীক। ওড়িশাত সুযোগো আছে, আৰু ইয়াত মানুহে সদায়েই উন্নত প্ৰদৰ্শন কৰাৰ আগ্ৰহ দেখুৱাই আহিছে। মই ব্যক্তিগতভাৱে ওড়িশাৰ পৰা গুজৰাটলৈ অহা সহকৰ্মীসকলৰ দক্ষতা, কঠোৰ পৰিশ্ৰম আৰু সততাৰ অভিজ্ঞতা লাভ কৰিছো। সেয়েহে, আজি যেতিয়া ওড়িশাত নতুন সুযোগ মুকলি হৈছে, মই দৃঢ়ভাৱে বিশ্বাস কৰো যে ওড়িশা শীঘ্ৰেই উন্নয়নৰ সেই শিখৰত উপনীত হ'ব, যাক স্পৰ্শ কৰাৰ কোনেও কল্পনাও কৰা নাই। মই সুখী যে মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ গোটেই দলটোৱে ওড়িশাৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ কাম কৰি আছে। খাদ্য প্ৰক্ৰিয়াকৰণ, পেট্ৰ'কেমিকেল, বন্দৰ নেতৃত্বাধীন উন্নয়ন, মীন পালন, তথ্য প্ৰযুক্তি, শিক্ষাপ্ৰযুক্তি, বস্ত্ৰ, পৰ্যটন, খনন, সেউজ শক্তিৰ দৰে প্ৰতিটো উদ্যোগত ওড়িশা ভাৰতৰ অন্যতম আগশাৰীৰ ৰাজ্য হৈ পৰিছে।
মিত্ৰসকল,
ভাৰত আজি অতি দ্ৰুতগতিত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হোৱাৰ দিশে আগবাঢ়িছে। পাঁচ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ মাইলৰ খুঁটি বেছি দূৰত নাই। যোৱা দশকত, উৎপাদন ক্ষেত্ৰত ভাৰতৰ শক্তিও পৰিলক্ষিত হ'বলৈ আৰম্ভ কৰিছে। এতিয়া ভাৰতৰ অৰ্থনীতিৰ সম্প্ৰসাৰণৰ দুটা ডাঙৰ স্তম্ভ আছে, এটা হৈছে আমাৰ উদ্ভাৱনী সেৱা খণ্ড আৰু আনটো হৈছে ভাৰতৰ মানসম্পন্ন সামগ্ৰী। দেশৰ দ্ৰুত প্ৰগতি কেৱল কেঁচা মালৰ ৰপ্তানিৰ জৰিয়তে সম্ভৱ নহয়। সেয়েহে আমি সমগ্ৰ পৰিৱেশ তন্ত্ৰ সলনি কৰি আছোঁ, এক নতুন দৃষ্টিৰে কাম কৰি আছো। খনিজ পদাৰ্থ এই দেশৰ পৰা বিশ্বৰ যিকোনো দেশলৈ ৰপ্তানি হোৱাৰ পাছত মূল্য সংযোজন ঘটি এটা নতুন সামগ্ৰী প্ৰস্তুত হৈ তাৰ পাছত সেই সামগ্ৰী ভাৰতলৈ ঘূৰি অহাটো মোদীৰ বাবে গ্ৰহণযোগ্য নহয়। ভাৰতে এতিয়া এই ধাৰা সলনি কৰি আছে। সাগৰীয় খাদ্য দেশৰ সাগৰৰ পৰা ৰপ্তানি হৈ পৃথিৱীৰ আন যিকোনো দেশত সংসাধিত কৰাৰ পাছত ভাৰতীয় বজাৰত পুনৰ প্ৰবেশ কৰাৰ প্ৰৱণতা ভাৰতে সলনি কৰি আছে। ওড়িশাৰ সম্পদৰ সৈতে সম্পৰ্ক থকা উদ্যোগসমূহ ৰাজ্যখনত স্থাপন কৰাৰ লক্ষ্যৰে আমাৰ চৰকাৰে কাম কৰি আছে। আজিৰ উৎকৰ্ষ ওড়িশা সন্মিলনৰ উদ্দেশ্য হৈছে এই দৃষ্টিভংগী উপলব্ধি কৰা।
মিত্ৰসকল,
আজি বিশ্বত বহনক্ষম জীৱনশৈলীৰ চৰ্চা হৈছে, বিশ্ব এক সেউজীয়া ভৱিষ্যতৰ দিশে আগবাঢ়িছে। আজি, সেউজীয়া চাকৰিৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি হৈছে। সময়ৰ প্ৰয়োজনীয়তা আৰু দাবী অনুসৰি আমি নিজকে সলনি কৰাৰ লগতে তদানুৰূপ খাপ খাব লাগিব। এই চিন্তাধাৰাৰ সৈতে, ভাৰতে সেউজীয়া ভৱিষ্যত তথা সেউজ প্ৰযুক্তিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। সৌৰশক্তিয়েই হওক, বায়ু, হাইড্ৰ' , সেউজীয়া হাইড্ৰজেনেই হওঁক, এইবোৰেই উন্নত ভাৰতৰ শক্তি সুৰক্ষা ত্বৰন্বিত কৰিব। ইয়াৰ বাবে ওড়িশাত যথেষ্ট সম্ভাৱনা আছে। আজি আমি ৰাষ্ট্ৰীয় পৰ্যায়ত সেউজ হাইড্ৰজেন মিছন আৰু সৌৰ শক্তি অভিযান আৰম্ভ কৰিছো। ওড়িশাতো, নৱীকৰণযোগ্য শক্তিৰ সৈতে সম্পৰ্কিত উদ্যোগটোৰ প্ৰচাৰৰ বাবে বৃহৎ নীতিগত সিদ্ধান্ত লোৱা হৈছে। হাইড্ৰজেন শক্তি উৎপাদনৰ বাবে ইয়াত যথেষ্ট পদক্ষেপ লোৱা হৈছে।
মিত্ৰসকল,
সেউজ শক্তিৰ লগতে ওড়িশাত পেট্ৰ' আৰু পেট্ৰ'কেমিকেল খণ্ডৰ সম্প্ৰসাৰণৰ বাবেও পদক্ষেপ লোৱা হৈছে। পাৰাদীপ আৰু গোপালপুৰত সমৰ্পিত ঔদ্যোগিক উদ্যান আৰু বিনিয়োগ অঞ্চল নিৰ্মাণ কৰি থকা হৈছে। এই খণ্ডতো বিনিয়োগৰ যথেষ্ট সম্ভাৱনা আছে। ওড়িশাৰ বিভিন্ন অঞ্চলৰ সম্ভাৱনাৰ কথা বিবেচনা কৰি দ্ৰুত সিদ্ধান্ত লোৱাৰ বাবে আৰু এক নতুন পৰিস্থিতিতন্ত্ৰ বিকশিত কৰাৰ বাবে মই ওড়িশা চৰকাৰক অভিনন্দন জনাইছো।
মিত্ৰসকল,
একবিংশ শতিকাৰ ভাৰতৰ বাবে, এই যুগটো সংযোজিত আন্তঃগাঁথনি তথা বহুমুখী সংযোগৰ। আজি ভাৰতত বৃহৎ পৰিমাণ আৰু দ্ৰুতগতিত বিশেষ আন্তঃগাঁথনি নিৰ্মাণ হৈ থকাৰ জৰিয়তে দেশখন এক মহান বিনিয়োগৰ গন্তব্য স্থান হিচাপে গঢ়ি উঠিছে। পূব আৰু পশ্চিমৰ উপকূলীয় অঞ্চলটো সমৰ্পিত ফ্ৰেইট কৰিডৰৰ জৰিয়তে সংযোগ কৰা হৈছে। ভূমি-আৱদ্ধ হৈ থকা দেশৰ এক বৃহৎ অংশৰ দ্ৰুত গতিত সাগৰৰ সৈতে যোগাযোগৰ ব্যৱস্থা কৰা হৈছে। আজি দেশখনত এনে ধৰণৰ ডজন ডজন ঔদ্যোগিক চহৰ নিৰ্মাণ কৰা হৈছে, যিবোৰ প্লাগ আৰু প্লে সুবিধাৰে সজ্জিত হ'ব। ওড়িশাতো একে ধৰণৰ সম্ভাৱনা বৃদ্ধি কৰা হৈছে। ৰে'লৱে আৰু হাইৱে নেটৱৰ্কৰ সৈতে সম্পৰ্কিত হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প ইয়াত চলি আছে। ওড়িশাত উদ্যোগৰ ৰচদপাতিৰ ব্যয় হ্ৰাস কৰিবলৈ, চৰকাৰে ইয়াত থকা বন্দৰসমূহক ঔদ্যোগিক ক্লাষ্টাৰৰ সৈতে সংযোগ কৰি আছে। পুৰণি বন্দৰৰ সম্প্ৰসাৰণৰ লগতে নতুন বন্দৰও নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ, নীলা অৰ্থনীতিৰ ক্ষেত্ৰত ওড়িশা দেশৰ শীৰ্ষ ৰাজ্যসমূহৰ ভিতৰত থাকিব।
মিত্ৰসকল,
চৰকাৰৰ এই প্ৰচেষ্টাৰ মাজত, আপোনালোক সকলোৰে প্ৰতি মোৰ কিছু অনুৰোধ আছে। দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীত গোলকীয় যোগান শৃংখলাৰ সৈতে সম্পৰ্কিত প্ৰত্যাহ্বানসমূহ আপোনালোকে প্ৰত্যক্ষ কৰি আছে। ভাৰতে খণ্ডিত যোগান শৃংখলা আৰু আমদানি-আধাৰিত যোগান শৃংখলাৰ ওপৰত বেছি নিৰ্ভৰ কৰিব নোৱাৰে। আমি ভাৰতত বিশ্বব্যাপী তাৰতম্যৰ দ্বাৰা আটাইতকৈ কম প্ৰভাৱিত হোৱাক এক শক্তিশালী যোগান আৰু মূল্য শৃংখলা গঢ়ি তুলিব লাগিব। এইটো চৰকাৰৰ লগতে উদ্যোগসমূহৰ এটা ডাঙৰ দায়িত্ব। সেয়েহে, আপোনালোকে যি উদ্যোগত আছে তাৰ সৈতে সম্পৰ্কিত এম.এছ.এম.ই.ক সমৰ্থন কৰক, তেওঁলোকৰ সৈতে একেলগে আগবাঢ়ক। আপোনালোকে অধিক যুৱ ষ্টাৰ্ট-আপক সমৰ্থন কৰা উচিত।
মিত্ৰসকল,
আজি, নতুন প্ৰযুক্তি অবিহনে কোনো উদ্যোগ বৃদ্ধি হ'ব নোৱাৰে। এনে পৰিস্থিতিত, গৱেষণা আৰু উদ্ভাৱন অতি গুৰুত্বপূৰ্ণ। চৰকাৰে দেশত গৱেষণাৰ সৈতে সম্পৰ্কিত এক প্ৰাণৱন্ত পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰি আছে। ইয়াৰ বাবে এটা বিশেষ পুঁজিও সৃষ্টি কৰা হৈছে। ইন্টাৰ্ণশ্বিপ আৰু দক্ষতা বিকাশৰ বাবে এটা বিশেষ পেকেজ ঘোষণা কৰা হৈছে। উদ্যোগসমূহ মুকলিকৈ আগবাঢ়ি আহি চৰকাৰৰ সৈতে কাম কৰিব বুলি সকলোৱে আশা কৰিছে। ভাৰতৰ গৱেষণা পৰিস্থিতিতন্ত্ৰ আৰু দক্ষ যুৱ শক্তিয়ে যিমানে ডাঙৰ আৰু উন্নত হ'ব, আমাৰ উদ্যোগ খণ্ড ইয়াৰ পৰা পোনপটীয়াকৈ লাভান্বিত হ'ব। মই উদ্যোগৰ সকলো সহকৰ্মী আৰু ওড়িশা চৰকাৰক একত্ৰিত হ'বলৈ আৰু ইয়াত এক আধুনিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিবলৈ আহ্বান জনাও। ওড়িশাৰ আশা-আকাংক্ষাৰ সৈতে চলি থকা এনে পৰিস্থিতিতন্ত্ৰই ইয়াত যুৱসকলক নতুন সুযোগ দিব। ইয়াৰ জৰিয়তে ওড়িশাৰ যুৱসকলে ইয়াত অধিকসংখ্যক নিয়োগৰ সুবিধা সুযোগ লাভ কৰিব, ওড়িশা সমৃদ্ধ হ'ব, শক্তিশালী হ'ব তথা ৰাজ্যখনৰ বিকাশ হ'ব।
মিত্ৰসকল,
আপুনি সমগ্ৰ বিশ্ব দেখিছে, সমগ্ৰ বিশ্বৰ লোকসকলক লগ পাইছে। আজি, বিশ্বৰ সকলো ঠাইতে মানুহৰ ভাৰতক জনা আৰু বুজাৰ আগ্ৰহ আপোনালোকে অনুভৱ কৰিছে। ভাৰতক বুজিবলৈ ওড়িশা এক উৎকৃষ্ট গন্তব্যস্থান। ইয়াত আমাৰ হাজাৰ হাজাৰ বছৰৰ ঐতিহ্য আছে, ইতিহাস, বিশ্বাস-আধ্যাত্মিকতা, ঘন অৰণ্য, পৰ্বত, সাগৰ, সকলোবোৰ বিবিধতা একে ঠাইতে পৰিলক্ষিত হয়। এই ৰাজ্যখন উন্নয়ন আৰু ঐতিহ্যৰ এক আশ্চৰ্যকৰ আৰ্হি। এই অনুভূতিৰে আমি ওড়িশাত জি-২০ ৰ সংস্কৃতি সম্পৰ্কীয় অনুষ্ঠানৰ আয়োজন কৰিছিলো। আমি কোণাৰ্ক সূৰ্য মন্দিৰৰ চক্ৰটোক জি-২০ৰ মূল অনুষ্ঠানৰ এটা অংশ কৰি তুলিছিলো। উৎকৰ্ষ উৰিষ্যাত আমি উৰিষ্যাৰ এই পৰ্যটন সম্ভাৱনাও অন্বেষণ কৰিব লাগিব। ইয়াত, ৫০০ কিলোমিটাৰ দীঘল উপকূল, ৩৩ শতাংশতকৈও অধিক বনাঞ্চল, পৰিৱেশ-পৰ্যটন, দুঃসাহসিক পৰ্যটনৰ অন্তহীন সম্ভাৱনা আপোনালোকৰ বাবে অপেক্ষা কৰি আছে। আজি ভাৰতৰ গুৰুত্ব হৈছে – ভাৰতত বিবাহপাশত আৱদ্ধ হওক, আজি ভাৰতৰ মন্ত্ৰ হৈছে 'ভাৰতত আৰোগ্য লাভ কৰক’ আৰু ইয়াৰ বাবে ওড়িশাৰ প্ৰকৃতি তথা প্ৰাকৃতিক সৌন্দৰ্য যথেষ্ট সহায়ক হব।
মিত্ৰসকল,
আজি ভাৰতত সন্মিলন পৰ্যটনও অতি জনপ্ৰিয় হৈ উঠিছে। দিল্লীৰ ভাৰত মন্দপম আৰু যশোভুমীৰ দৰে স্থানসমূহ ইয়াৰ ডাঙৰ কেন্দ্ৰ হৈ পৰিছে। ভুৱনেশ্বৰতো এটা অতি ভাল সন্মিলন কেন্দ্ৰৰ ব্যৱস্থা কৰাৰ জৰিয়তে সুবিধা লাভ কৰিব পৰা যায়। ইয়াৰ সৈতে সম্পৰ্কিত আন এটা নতুন খণ্ড হ'ল সংগীতানুষ্ঠানৰ অৰ্থনীতি। এইখন দেশত সংগীত-নৃত্য, কাহিনী কোৱাৰ সমৃদ্ধ ঐতিহ্য আছে, যুৱসকলৰ বৃহৎ শক্তি আছে, সংগীতানুষ্ঠানৰ বৃহৎ উপভোক্তা, সন্মিলন অৰ্থনীতিৰ বাবে বহুতো সম্ভাৱনা আছে। যোৱা ১০ বছৰত, লাইভ ইভেণ্টৰ প্ৰৱণতা আৰু চাহিদা দুয়োটা বৃদ্ধি হোৱা আপুনি দেখিবলৈ পাব। যোৱা কেইদিনমানত, আপুনি নিশ্চয় মুম্বাই আৰু আহমেদাবাদত 'কোল্ডপ্লে কনচাৰ্ট'ৰ দৰ্শনীয় ছবি দেখিছে। ইয়াৰ জৰিয়তে ভাৰতত লাইভ কনচাৰ্টৰ পৰিসৰ প্ৰতিফলিত হৈছে। বিশ্বৰ আটাইতকৈ ডাঙৰ শিল্পীসকলেও ভাৰতৰ প্ৰতি আকৰ্ষিত হৈছে। সংগীতানুষ্ঠানৰ অৰ্থনীতিয়ে পৰ্যটনবৃদ্ধি কৰে আৰু বৃহৎ সংখ্যক নিয়োগৰ সবিধা সৃষ্টি কৰে। মই ৰাজ্যসমূহক, ব্যক্তিগত খণ্ডক, কনচাৰ্ট অৰ্থনীতিৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিবলৈ, প্ৰয়োজনীয় দক্ষতাৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছো। অনুষ্ঠান ব্যৱস্থাপনা, শিল্পীৰ সাজ-সজ্জা, সুৰক্ষা আৰু অন্যান্য ব্যৱস্থাই হওঁক, এই সকলো ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি হৈছে।
অহা মাহত, ভাৰতত প্ৰথমবাৰৰ বাবে বিশ্ব অডিঅ' ভিজুৱেল সন্মিলন (ৱেভছ) অনুষ্ঠিত হ'ব। ই এক অতি ডাঙৰ অনুষ্ঠান হ'ব। ই বিশ্বত ভাৰতৰ সৃষ্টিশীল শক্তিক এক নতুন পৰিচয় প্ৰদান কৰিব। ৰাজ্যবোৰত এনে ধৰণৰ ঘটনাৰ পৰা উপাৰ্জন কৰা ৰাজহ তথা সমাজত সৃষ্টি হোৱা ধাৰণাই অৰ্থনীতিকো চালিত কৰে। আৰু এি ক্ষেত্ৰত ওড়িশাৰো যথেষ্ট সম্ভাৱনা আছে।
উন্নত ভাৰত গঢ়াত ওড়িশাৰ এক ডাঙৰ ভূমিকা আছে। ওড়িশাৰ জনসাধাৰণে এক সমৃদ্ধ উৰিষ্যা গঢ়ি তোলাৰ সংকল্প লৈছে। এই প্ৰস্তাৱৰ সফলতাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো সম্ভাৱ্য সমৰ্থন লাভ কৰিছো। আপোনালোক সকলো ওড়িশাৰ প্ৰতি মোৰ মৰমৰ বিষয়ে অৱগত। প্ৰধানমন্ত্ৰী হিচাপে, মই ইয়ালৈ প্ৰায় ৩০ বাৰ আহিছো। স্বাধীনতাৰ পিছৰে পৰা সকলো প্ৰধানমন্ত্ৰীতকৈ মই অধিক বাৰ উৰিষ্যা ভ্ৰমণ কৰিছো। মই ৰাজ্যখনৰ বেছিভাগ জিলা ভ্ৰমণ কৰিছো, ওড়িশাৰ শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে, মই ইয়াত থকা লোকসকলৰ ওপৰত বিশ্বাস ৰাখিছো। মই নিশ্চিত যে আপোনালোক সকলো সহকৰ্মীৰ বিনিয়োগে বাণিজ্য আৰু ওড়িশাৰ বিকাশ দুয়োটাকে নতুন উচ্চতা প্ৰদান কৰিব। এই অতুলনীয় অনুষ্ঠানটো আয়োজন কৰাৰ বাবে মই আকৌ এবাৰ ওড়িশাৰ জনসাধাৰণ আৰু চৰকাৰক অভিনন্দন জনাইছো। আৰু যিসকল বিশিষ্ট ব্যক্তিয়ে উৰিষ্যাত সম্ভাৱনাৰ অন্বেষণ কৰি আছে, মই তেওঁলোকক আশ্বাস দিছো যে উৰিষ্যা চৰকাৰ আৰু ভাৰত চৰকাৰ সম্পূৰ্ণ শক্তিৰে আপোনাৰ সৈতে থিয় দিছে। আকৌ এবাৰ, আপোনালোক সকলোকে মোৰ শুভেচ্ছা, আপোনালোকক বহুত ধন্যবাদ!
*****
MJPS/ST/RK/DD/BB
(Release ID: 2162987)
Visitor Counter : 5
Read this release in:
Odia
,
Urdu
,
English
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam