পঞ্চায়তীৰাজ মন্ত্ৰালয়
azadi ka amrit mahotsav

মিজোৰাম, ওড়িশা আৰু ত্ৰিপুৰাৰ গ্ৰাম্য স্থানীয় নিকায়সমূহক শক্তিশালী কৰাৰ বাবে পঞ্চদশ বিত্তীয় আয়োগৰ অনুদানৰ প্ৰথমটো কিস্তি হিচাপে ২৮৪ কোটি টকা মুকলি

Posted On: 26 AUG 2025 12:49PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষত তিনিখন ৰাজ্য গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে পঞ্চদশ বিত্ত আয়োগ অনুদান মুকলি কৰিছে। মিজোৰামে ৮২৭ খন যোগ্য গাঁও পৰিষদৰ বাবে ১৪.২৭৬১ কোটি টকা লাভ কৰিছে, আনহাতে ওড়িশাক ৬, ০৮৫ খন যোগ্য গাঁও পঞ্চায়ত আৰু ৬৩ খন যোগ্য খণ্ড পঞ্চায়তৰ বাবে মুঠ ২৪০.৮১৪৯ কোটি টকা প্ৰদান কৰা হৈছে। ত্ৰিপুৰা ৬০৬ খন যোগ্য গাঁও পঞ্চায়ত, ৩৫ খন যোগ্য খণ্ড পঞ্চায়ত, ৮খন যোগ্য জিলা পৰিদৰ লগতে ৫৮৭ খন গাঁও সমিতি আৰু ৪০খন যোগ্য খণ্ড উপদেষ্টা সমিতি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম কিস্তিৰ অংশ হিচাপে মুঠ ২৯.৭৫ কোটি টকা প্ৰদান কৰা হৈছে।   

ভাৰত চৰকাৰ পঞ্চায়তীৰাজ মন্ত্ৰালয় আৰু জল শক্তি মন্ত্ৰালয়ৰ জৰিয়তে গ্ৰাম্য স্থানীয় নিকায়/পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ বাবে পঞ্চদশ বিত্তীয় আয়োগৰ অনুদান মুকলি কৰাৰ পৰামৰ্শ দিয়ে। এই আৱণ্টিত অনুদানসমূহ এটা বিত্তীয় বৰ্ষত ২টা কিস্তিৰ জৰিয়তে মুকলি কৰাৰ বাবে পৰামৰ্শ দিয়া হয় সংবিধানৰ একাদশ অনুসূচীৰ অধীনত, দৰমহা আৰু অন্যান্য প্ৰতিষ্ঠাৰ ব্যয়ৰ বাহিৰে, ২৯টা বিষয়ৰ অধীনত গ্ৰাম্য স্থানীয় নিকায়/পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ দ্বাৰা অনুমোদিত অনুদান ব্যৱহাৰ কৰা হ'ব। আনহাতে নিৰ্ধাৰিত অনুদান (a) অনাময় আৰু মুকলিত শৌচ মুক্ত স্থিতিৰ প্ৰাথমিক সেৱাৰ বাবে ব্যৱহাৰ কৰা হইয়াৰ ভিতৰত ঘৰুৱা আৱৰ্জনা ব্যৱস্থাপনা আৰু চিকিৎসা অন্তৰ্ভুক্ত কৰা হব। বিশেষকৈ মানুহৰ মল আৰু (b) খোৱা পানী যোগান, বৰষুণৰ পানী সংৰক্ষণ আৰু পানী পুনৰ্ব্যৱহাৰৰ ব্যৱস্থাপনা অন্তৰ্ভুক্ত কৰা হব।

****

Aditi Agrawal/MK


(Release ID: 2161007)