গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

এআই-চালিত চাইবাৰ অপৰাধ আৰু বিত্তীয় লোকচান প্ৰতিৰোধৰ অৰ্থে ব্যৱস্থা

Posted On: 20 AUG 2025 4:37PM by PIB Guwahati

নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৱে (NCRB) ইয়াৰ প্ৰকাশন “ক্ৰাইম ইন ইণ্ডিয়া”-ত অপৰাধৰ পৰিসংখ্যাগত তথ্য সংকলনেৰে প্ৰকাশ কৰে। এনচিআৰবি-এ কৃত্তিম বুদ্ধিমত্তা (AI) চালিত চাইবাৰ অপৰাধ সম্পৰ্কে পৃথককৈ তথ্য প্ৰকাশ নকৰে।

‘আৰক্ষী’ আৰু ‘ৰাজহুৱা ব্যৱস্থা’ ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি ৰাজ্যিক বিষয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিজ-নিজ আইন প্ৰয়োগকাৰী সংস্থা (LEA)-ৰ জৰিয়তে চাইবাৰ অপৰাধকে প্ৰমুখ্য কৰি অপৰাধক প্ৰতিৰোধ, ধৰা পেলোৱা, তদন্ত আৰু বিচাৰৰ বাবে মূলতঃ দায়বদ্ধ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ এলইএ-ৰ সামৰ্থ্য বিকাশৰ বাবে ভিন্ন আঁচনিৰ অধীনত পৰামৰ্শ আৰু আৰ্থিক সাহায্যৰ জৰিয়তে ইয়াৰ পদক্ষেপসমূহৰ পৰিপূৰক হিচাপে কাম কৰে।

চাইবাৰ অপৰাধক ব্যাপক আৰু সমন্বিতভাৱে মোকাবিলাকৰণৰ ব্যৱস্থাক সুদৃঢ়কৰণৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰাজি হৈছেঃ

  1. গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ সংলগ্ন কাৰ্য্যালয় হিচাপে ‘ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ’ (I4C) স্থাপন কৰিছে।
  2. I4C-ৰ অংশ হিচাপে ‘ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ ৰিপ’ৰ্ট পৰ্টেল’ (NCRP) (https://cybercrime.gov.in)-ৰ শুভাৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে জনসাধাৰণে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত চাইবাৰ অপৰাধত বিশেষ গুৰুত্ব আৰোপেৰে সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে জড়িত ঘটনা সম্পৰ্কে অৱগত কৰিব পাৰে। এই পৰ্টেলত ৰিপ’ৰ্ট কৰা চাইবাৰ অপৰাধৰ ঘটনা, ইয়াক এফআইআৰ-লৈ ৰূপান্তৰ কৰা আৰু এই সন্দৰ্ভত পৰৱৰ্তী ব্যৱস্থা সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন প্ৰয়োগকাৰী সংস্থাসমূহে আইনৰ বিধান অনুসৰি গ্ৰহণ কৰে।
  3. ২০২১-ত বিত্তীয় জালিয়াতি সম্পৰ্কে তাৎক্ষণিকভাৱে অৱগতকৰণৰ বাবে I4C-ৰ অধীনত ‘চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপ’ৰ্টিং এণ্ড মেনেজমেন্ট চিষ্টেম’ (CFCFRMS) আৰম্ভ কৰা হৈছে।
  4. I4C-ত এটা অত্যাধুনিক চাইবাৰ জালিয়াতি প্ৰশমন কেন্দ্ৰ (CFMC) স্থাপন কৰা হৈছে। ইয়াত প্ৰধান বেংক, বিত্তীয় মধ্যস্থতাকাৰী, পেমেন্ট এগ্ৰিগেটৰ, টেলিকম সেৱা প্ৰদানকাৰী, আইটি মধ্যস্থতাকাৰী আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰতিনিধিয়ে একেলগে কাম কৰি চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা আৰু নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে কাম অব্যাহত আছে।
  5. এতিয়ালৈকে আৰক্ষী কৰ্তৃপক্ষই জনোৱা অনুসৰি ৯.৪২ লাখৰো অধিক চিম কাৰ্ড আৰু ২,৬৩,৩৪৮ টা আইএমইআই ভাৰত চৰকাৰে ব্লক কৰিছে।
  6. চাইবাৰ সুৰক্ষাজনিত ভাবুকি, চাইবাৰ চোৰাংচোৱাগিৰি, উদীয়মান প্ৰযুক্তিৰ অপ-ব্যৱহাৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে অনুৰূপ উদ্বেগেৰে ফলপ্ৰসূভাৱে মোকাবিলাকৰণৰ উদ্দেশ্যেৰে ২২-০১-২০২৫ ত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এমএচি (মাল্টি এজেন্সী চেন্টাৰ) প্লেটফৰ্মৰ অধীনত চাইমেক (CyMAC-চাইবাৰ মাল্টি এজেন্সী চেন্টাৰ) গঠন কৰিছে।
  • vii. ইণ্ডিয়া এআই-ৰ সৈতে অংশীদাৰিত্বৰে আই৪চি-এ চাইবাৰ অপৰাধৰ ঘটনাৰ স্বয়ংক্ৰিয় শ্ৰেণীবিভাজনৰ বাবে এআই-চালিত ব্যৱস্থা প্ৰস্তুত কৰিবলৈ ইণ্ডিয়া এআই চাইবাৰ গাৰ্ড এআই হেকাথন আৰম্ভ কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ (LEA) দক্ষতা আৰু সঁহাৰিৰ অগ্ৰগতি সাধন কৰা।
  1. এজন ব্যক্তিয়ে ভিন্ন নামত লোৱা সন্দেহযুক্ত ম’বাইল সংযোগক চিনাক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে থলুৱা কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু বিগ ডাটা বিশ্লেষণ সঁজুলি এএছটিআৰ (ASTR) প্ৰস্তুত কৰিছে। এই পৰ্য্যন্ত পুনৰ পৰীক্ষণ প্ৰক্ৰিয়াত ব্যৰ্থ হোৱাত ৮২ লাখৰো অধিক এনে সংযোগক বিচ্ছিন্ন কৰা হৈছে।
  2. ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীৰ তদন্তকাৰী বিষয়া (IO)-সকলক প্ৰাৰম্ভিক পৰ্য্যায়ৰ চাইবাৰ ফৰেনছিক সহায় আগবঢ়াবলৈ নতুন দিল্লীত আই৪চি-ৰ অংশ হিচাপে অত্যাধুনিক ‘ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক লেবৰেটৰী (তদন্ত)’ স্থাপন কৰা হৈছে। এতিয়ালৈকে ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক লেবৰেটৰীয়ে (তদন্ত) চাইবাৰ অপৰাধৰে জড়িত প্ৰায় ১২,৪৬০ টা গোচৰত ৰাজ্যিক/কেন্দ্ৰীয়শাসিত এলইএ-সমূহক নিজৰ সেৱা আগবঢ়াইছে।
  3. কেন্দ্ৰীয় চৰকাৰে চাইবাৰ অপৰাধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, যথাঃ-
    1. মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ২৭-১০-২০২৪ ৰ "মন কী বাত" ত ডিজিটেল এৰেষ্ট সম্পৰ্কে কৈছিল আৰু ভাৰতৰ নাগৰিকক এই সন্দৰ্ভত সজাগ কৰিছিল।
    2. চিবিএছই-ৰ সহযোগত আই৪চি-এ চাইবাৰ অপৰাধ সন্দৰ্ভত সজাগতা অভিযান হাতত লয়। ইয়াৰ জৰিয়তে ২৫ হাজাৰৰো অধিক শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীক সজাগ কৰি তোলাৰ প্ৰয়াস কৰা হয়।
    3. আই৪চি-এ সমগ্ৰ দেশৰ ২ লাখৰো অধিক এনচিচি, এনএছএছ আৰু এনৱাইকেএছ-ৰ ছাত্ৰ-ছাত্ৰীক চাইবাৰ হাইজিন সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰিছে।
    4. হাৰিয়ানাৰ গুৰুগ্ৰামৰ ছেক্টৰ ৭৯-স্থিত মাউন্ট অলিম্পছ স্কুলৰ সহযোগত ১৯৩০ চাইবাৰ ৱাকথন অনুষ্ঠিত হয়। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, আৰক্ষী বিষয়াসকলকে প্ৰমুখ্য কৰি ১৫০০-ৰো অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
    5. ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) গ্ৰাহক সজাগতা সৃষ্টিৰ অৰ্থে চাইবাৰ সুৰক্ষা সজাগতা আৰু ডিজিটেল সুৰক্ষা শিক্ষাক একত্ৰিতকৰণৰ অৰ্থেও পদক্ষেপ গ্ৰহণ কৰে।
    6. আকাশবাণী, নতুন দিল্লীয়ে ডিজিটেল এৰেষ্ট সন্দৰ্ভত ২৮-১০-২০২৪ ত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিল।
    7. কলাৰ টিউন কেম্পেইনঃ I4C-এ দূৰসংযোগ বিভাগৰ (DoT) সহযোগত চাইবাৰ অপৰাধ সম্পৰ্কে সজাগতা সৃষ্টি আৰু চাইবাৰ অপৰাধ হেল্পলাইন নম্বৰ ১৯৩০ তথা এনচিআৰপি পৰ্টেলৰ প্ৰচাৰৰ বাবে ১৯-১২-২০২৪ ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ এটা কলাৰ টিউন কেম্পেইন আৰম্ভ কৰিছে।
    8. কেন্দ্ৰীয় চৰকাৰে ডিজিটেল এৰেষ্ট কেলেংকাৰি সন্দৰ্ভত এক বিস্তৃত সজাগতা কাৰ্য্যসূচী আৰম্ভ কৰিছে। ইয়াৰ অৰ্থে বাতৰিকাকতৰ বিজ্ঞাপন, দিল্লী মেট্ৰ’ত ঘোষণা, বিশেষ প’ষ্টৰ বাবে ছ’চিয়েল মিডিয়াৰ ইনফ্লুয়েন্সাৰসকলক নিয়োগ, প্ৰসাৰ ভাৰতী আৰু ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে প্ৰচাৰ চলোৱা হৈছে।

গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।

****

RK/VV/RR/ PR/ PS/SB


(Release ID: 2158892) Visitor Counter : 2