তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

চৰকাৰে গ্ৰাম্য সংবাদ মাধ্যমৰ প্ৰসাৰ সম্প্ৰসাৰণ কৰিছে: ২০১৯ চনৰ পৰা ২৬৪টা কমিউনিটি ৰেডিঅ’ ষ্টেচন কমিচন কৰা হৈছে, ৬টা নতুন ডিডি চেনেল স্থাপন কৰা হৈছে, আৰু ১৭টা উন্নীত কৰা হৈছে

ডিডি ফ্ৰী ডিচ ১০৪ৰ পৰা ৫১০ চেনেললৈ বৃদ্ধি পাইছে, ৩২০টা শিক্ষামূলক চেনেলকে ধৰি; আকাশবাণী আৰু প্ৰসাৰ ভাৰতীৰ অ’টিটি ‘ৱেভছ’য়ে অভিগম্যতা বৃদ্ধি কৰে

Posted On: 20 AUG 2025 5:26PM by PIB Guwahati

২০১৯ চনৰ পৰা আজিলৈকে সমগ্ৰ ভাৰতত মুঠ ২৬৪টা কমিউনিটি ৰেডিঅ’ ষ্টেচন কমিচন কৰা হৈছে। বৰ্তমানৰ কমিউনিটি ৰেডিঅ’ ষ্টেচনসমূহ অধিক শক্তিশালী আৰু উন্নীতকৰণৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা আজিলৈকে ২৬টা ষ্টেচনলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।

৬টা দূৰদৰ্শন চেনেল স্থাপন কৰা হৈছে আৰু ২০১৯ চনৰ পিছত ১৭টা বৰ্তমানৰ দূৰদৰ্শন চেনেল উন্নীত কৰা হৈছে।

চৰকাৰে ২০১৭ চনত কমিউনিটি ৰেডিঅ’ ষ্টেচনৰ প্ৰভাৱ মূল্যায়ন কৰিছিল আৰু “ভাৰতত কমিউনিটি ৰেডিঅ’ ষ্টেচনৰ শ্ৰোতা, প্ৰসাৰ আৰু ফলপ্ৰসূতাৰ সন্দৰ্ভত অধ্যয়ন” শীৰ্ষক প্ৰতিবেদন ২৩.০৮.২০১৮ তাৰিখে প্ৰকাশ পাইছিল।

প্ৰতিবেদন অনুসৰি, কমিউনিটি ৰেডিঅ’ই সম্প্ৰদায়ৰ সংযোগ বৃদ্ধি, থলুৱা সংস্কৃতিৰ প্ৰসাৰ, আৰু গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত তথ্য প্ৰচাৰ কৰাত বিশিষ্ট ভূমিকা পালন কৰিছে। প্ৰতিবেদনৰ লিংক: https://mib.gov.in/ministry/our-wings/broadcating-wing

দূৰদৰ্শন কেন্দ্ৰৰ বাবে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ছত্তীশগড়ৰ ৰায়গড় জিলাৰ এলডব্লিউই প্ৰভাৱিত অঞ্চলত প্ৰচাৰ অভিযানৰ ওপৰত প্ৰভাৱ মূল্যায়ন অধ্যয়ন কৰা হৈছিল। আকাশবাণী ৰায়গড়ৰ পৰা সম্প্ৰচাৰিত জিংগল/স্পট সম্পৰ্কে সজাগতা ৭৩.৫ % শ্ৰোতাৰ সৈতে ৰেকৰ্ড কৰা হৈছিল। আকাশবাণী ৰায়গড়ৰ পৰা জিংগল/স্পটলৈ সাপ্তাহিক প্ৰসাৰ ৬৭% শ্ৰোতালৈ গৈছিল।

চৰকাৰে একাধিক মঞ্চৰ জৰিয়তে নিজৰ গ্ৰাম্য সংবাদ মাধ্যমৰ প্ৰসাৰ নিৰন্তৰ সম্প্ৰসাৰণ আৰু বৈচিত্ৰ্যময় কৰি আছে:

  • ডিডি ফ্ৰী ডিচ (ফ্ৰী-টু-এয়াৰ ডাইৰেক্ট-টু-হোম) সেৱা যথেষ্ট বৃদ্ধি পাইছে — ২০১৯ চনত ১০৪টা চেনেলৰ পৰা বৰ্তমান ৫১০টা চেনেললৈ।
  • ইয়াৰ ভিতৰত আছে ৯২টা ব্যক্তিগত চেনেল, ৫০টা দূৰদৰ্শন চেনেল, আৰু ৩২০টা শিক্ষামূলক চেনেল।
  • এফএম গোল্ড, ৰামধেনু, আৰু বিভিদ ভাৰতীকে ধৰি ৪৮টা আকাশবাণী ৰেডিঅ’ চেনেল ডিটিএইচ প্লেটফৰ্মত উপলব্ধ।
  • ২০২৪ চনত প্ৰসাৰ ভাৰতীয়ে দূৰদৰ্শন আৰু এআইআৰ নেটৱৰ্ক চেনেলসমূহক একত্ৰিত কৰা বহু ধৰণৰ ডিজিটেল ষ্ট্ৰীমিং এগ্ৰিগেটৰ অ’টিটি প্লেটফৰ্ম “ৱেভছ” মুকলি কৰে।

এই মঞ্চসমূহে তথ্য, শিক্ষা, সংস্কৃতি, আৰু বাতৰি সকলোৰে বাবে সহজলভ্য কৰি তোলাত মূল ভূমিকা পালন কৰিছে। শৈক্ষিক কাৰ্যসূচী আৰু ব্যক্তিগত চেনেলকে ধৰি গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত এইবোৰ বিশেষভাৱে প্ৰভাৱশালী।

এই তথ্য আজি লোকসভাত দাখিল কৰে তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে।

 

*****

Dharmendra Tewari/ Navin Sreejith/AA


(Release ID: 2158727)