গৃহ মন্ত্ৰালয়
ভাৰত-বাংলাদেশ সীমান্তত ফেন্সিং
Posted On:
20 AUG 2025 4:42PM by PIB Guwahati
পশ্চিম বংগত ভাৰত–বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্য ২২১৬.৭ কিমি, ইয়াৰে ১৬৪৭.৬৯৬ কিমি বেৰাৰে আবৃত। বাকী ৫৬৯.০০৪ কিমি অংশত এতিয়াও বেৰা আৰু আন-আন সীমান্ত আন্তঃগাঁথনিগত কাম বাকী আছে। ১১২.৭৮০ কিমি অ-ব্যৱহাৰ্য্য (non-feasible) আৰু ৪৫৬.২২৪ কিমি ব্যৱহাৰ্য্য (feasible)।
পশ্চিম বংগত ব্যৱহাৰ্য্য আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ (IB) ৪৫৬.২২৪ কিমি-ৰ ভিতৰত ৭৭.৯৩৫ কিমি ভূমি সম্পাদনকাৰী সংস্থাক গতাই দিয়া হৈছে। বাকী ৩৭৮.২৮৯ কিমি অংশৰ ভিতৰত ১৪৮.৯৭১ কিমি-ৰ বাবে এতিয়াও ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ কৰা নাই। বাকী থকা ২২৯.৩১৮ কিমি ভূমি অধিগ্ৰহণৰ ভিন্ন পৰ্য্যায়ত আছে, ইয়াৰ সবিশেষ তলত উল্লেখ কৰা হৈছেঃ-
পৰ্য্যায়
|
দৈৰ্ঘ্য (কিমি-ত)
|
ৰাজ্যিক কেবিনেটৰ অনুমোদনৰ বাবে বাকী
|
৩১.০১৯
|
পেমেন্ট কৰা হৈছে কিন্তু এতিয়াও ৰাজ্যই গতাই দিয়া নাই
|
১৮১.৬৩৫
|
ৰাজ্যই এতিয়াও কৰিবলগীয়া মূল্যায়ন
|
৭.০৮৫
|
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (MHA) এতিয়াও কৰিবলগীয়া পেমেন্ট
|
৯.৫৭৯
|
মুঠ
|
২২৯.৩১৮
|
ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়াক ক্ষীপ্ৰকৰণৰ বাবে ভাৰত চৰকাৰে নিম্ন-উল্লেখিত পদক্ষেপসমূহ গ্ৰহণ কৰিছেঃ-
-
- ৰাজ্য চৰকাৰৰ সৈতে বিষয়টো সন্দৰ্ভত নিয়মীয়া বৈঠক আৰু পৰ্য্যালোচনা।
- প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাকৰণৰ ক্ষেত্ৰত পৰ্য্যালোচনা আৰু সমন্বয়ৰ বাবে ৰাজ্য ভ্ৰমণ।
- নিয়ম অনুসৰি সময়মতে ভূমি অধিগ্ৰহণৰ ধন মুকলি কৰা হৈছে। ইতিমধ্যে ১৮১.৬৩৫ কিমি-ৰ বাবে ধন পৰিশোধ কৰা হৈছে।
যোৱা তিনি বছৰত (০১ জানুৱাৰী, ২০২৩-ৰ পৰা ৩১ জুলাই, ২০২৫-লৈ) পশ্চিমবংগত অবৈধ অনুপ্ৰৱেশ আৰু সীমান্ত-অতিক্ৰমি সংঘটিত অপৰাধৰ সবিশেষ তলত উল্লেখ কৰা হৈছেঃ-
বৰ্ষ
|
২০২৩
|
২০২৪
|
২০২৫
(৩১ জুলাই, ২০২৫ লৈকে)
|
অনুপ্ৰৱেশ
(সংখ্যাত)
|
১৫৪৭
|
১৬৯৪
|
৭২৩
|
নিচাজাতীয় সামগ্ৰী জব্দ
(কিগ্ৰা-ত)
|
৪৯৮৮.২৮২
|
৩১৪৫.৬০৬
|
৫৭২৯.৩৪০
|
গৰু জব্দ (সংখ্যাত)
|
৮৬১৪
|
৮৬৪৮
|
২৮৮৬
|
ফেনচেডাইল জব্দ (সংখ্যাত)
|
২১০৪০৭
|
৩০৩৪৮০
|
২১০৬০৬
|
ইয়াবা টেবলেট জব্দ (সংখ্যাত)
|
৫১৮৮২
|
৮৬৭৪৭
|
৩৬৪৪০
|
সোণ জব্দ (কিগ্ৰা-ত)
|
১৬৬.৮১০
|
১৮৮.১৪২
|
২০.৮৭৬
|
ভুৱা ভাৰতীয় নোট জব্দ (টকা-ত)
|
১৫৮৬০০০
|
৩২৪৫৭০০
|
৭৪৫০০০
|
ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে এই কথা সদৰী কৰে।
*****
RK/VV/RR/ PR/ PS/SB
(Release ID: 2158503)