প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নাগালেণ্ডৰ ৰাজ্যপাল থিৰু লা গণেশন জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 15 AUG 2025 8:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগালেণ্ডৰ ৰাজ্যপাল থিৰু লা গণেশন জীৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে তেওঁক এজন নিষ্ঠাবান জাতীয়তাবাদী বুলি প্ৰশংসা কৰে, যিয়ে নিজৰ জীৱন সেৱা আৰু দেশ -নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছিল।

এক্সৰ  এটা পোষ্টত তেওঁ কয় -

"নাগালেণ্ডৰ ৰাজ্যপাল থিৰু লা গণেশন জীৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁক এজন নিঃস্বাৰ্থ জাতীয়তাবাদী হিচাপে স্মৰণ কৰা হ'ব, যিয়ে নিজৰ জীৱনটো সেৱা আৰু দেশ-নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁ সমগ্ৰ তামিলনাডুত বিজেপিৰ সম্প্ৰসাৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল।তেওঁৰ তামিল সংস্কৃতিৰ প্ৰতিও গভীৰ আবেগিক সম্পৰ্ক আছিল। মোৰ ভাৱনা  তেওঁৰ পৰিয়াল আৰু প্ৰশংসকৰ সৈতে আছে। ওম শান্তি।"

 

MJPS/SR/DM


(Release ID: 2157243)