প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ দৌছাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে

পিএমএনআৰএফ-ৰ পৰা এক্স গ্ৰেচিয়া ঘোষণা প্ৰধানমন্ত্ৰীৰ

Posted On: 13 AUG 2025 4:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ দৌছাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফ-ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স গ্ৰেচিয়া ঘোষণা কৰে।

এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে কয়ঃ

“ৰাজস্থানৰ দৌছাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছোঁ। ইয়াত প্ৰিয়জনক হেৰুৱাবলগীয়া হোৱা পৰিয়াল-বৰ্গলৈ গভীৰ সমবেদনা জনালোঁ। আহতসকলৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।

প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফ-ৰ পৰা ২ লাখ টকাকৈ আগবঢ়োৱা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi।”

 

***

MJPS/SR/SB


(Release ID: 2156098)