গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে শ্ৰী অমৰনাথ জী যাত্ৰাক সুৰক্ষিত আৰু সুগম কৰি তোলাৰ বাবে সকলো সুৰক্ষা বাহিনী, শ্ৰী অমৰনাথ জী শ্ৰাইন ব’ৰ্ড, জম্মু-কাশ্মীৰ প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংস্থাসমূহক অভিনন্দন জনায়

ভাৰতীয় সংস্কৃতিৰ অটুট পৰম্পৰা আৰু আস্থাৰ প্ৰতীক শ্ৰী অমৰনাথ জীৰ পৱিত্ৰ যাত্ৰাত এই বছৰ ৪.১৪ লাখৰো অধিক ভক্তই বাবা বৰ্ফানীৰ দৰ্শন কৰে

এই পৱিত্ৰ যাত্ৰাক সফল কৰি তোলাত আপোনালোক সকলোৰে অৰিহণা প্ৰশংসনীয় আৰু অদ্বিতীয়

বাবা বৰ্ফানীয়ে সকলোৰে ওপৰত তেওঁৰ কৃপা অব্যাহত ৰাখক

Posted On: 11 AUG 2025 10:23PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে শ্ৰী অমৰনাথ জী যাত্ৰাক সুৰক্ষিত আৰু সুগম কৰি তোলাত অৰিহণা যোগোৱা বাবে সকলো সুৰক্ষা বাহিনী, শ্ৰী অমৰনাথ জী শ্ৰাইন ব'ৰ্ড, জম্মু-কাশ্মীৰ প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংস্থাসমূহক অভিনন্দন জনাইছে।

শ্ৰী অমিত শ্বাহে ‘এক্স’ত এটা পোষ্টত কৈছে, “ঔঁ নমঃ শিৱায়! ভাৰতীয় সংস্কৃতিৰ অটুট পৰম্পৰা আৰু আস্থাৰ প্ৰতীক শ্ৰী অমৰনাথ জীৰ পৱিত্ৰ যাত্ৰাত এই বছৰ ৪.১৪ লাখৰো অধিক ভক্তই বাবা বৰ্ফানীৰ দৰ্শন কৰে। এই যাত্ৰাক সুৰক্ষিত আৰু সুগম কৰি তোলাত অৰিহণা যোগোৱা বাবে মই সকলো সুৰক্ষা বাহিনী, শ্ৰী অমৰনাথ জী শ্ৰাইন ব'ৰ্ড, জম্মু-কাশ্মীৰ প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংস্থাসমূহক অভিনন্দন জনাইছোঁ। এই পৱিত্ৰ যাত্ৰাক সফল কৰি তোলাত আপোনালোক সকলোৰে অৰিহণা প্ৰশংসনীয় আৰু অদ্বিতীয়। বাবা বৰ্ফানীয়ে সকলোৰে ওপৰত তেওঁৰ কৃপা অব্যাহত ৰাখক।”

**********

RK / VV / RR / PS


(Release ID: 2155876)