মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

মিছন পোষণ ২.০-ৰ অধীনত ৭২.২২ লাখৰো অধিক গৰ্ভৱতীয়ে হিতাধিকাৰী হিচাপে পঞ্জীয়ন কৰিছে

প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত জুলাই, ২০২৫ পৰ্য্যন্ত ৪.০৫ কোটিৰো অধিক প্ৰসূতিক সুবিধা প্ৰদান কৰা হৈছে

Posted On: 08 AUG 2025 2:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (PMMVY)-ৰ অধীনত আঁচনিখন আৰম্ভ হোৱাৰে পৰা (০১-০১-২০১৭) ৩১-০৭-২০২৫ পৰ্য্যন্ত ৪.০৫ কোটিৰো অধিক প্ৰসূতিক সুবিধা প্ৰদান কৰা হৈছে। লগতে, ২০২৫-ৰ জুলাইলৈকে পোষণ ট্ৰেকাৰত উপলব্ধ তথ্য অনুসৰি মিছন পোষণ ২.০-ৰ অধীনত ৭২.২২ লাখৰো অধিক গৰ্ভৱতীক হিতাধিকাৰী হিচাপে পঞ্জীয়ন কৰা হৈছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)-ৰ অধীনত ভাৰত চৰকাৰে সমগ্ৰ দেশৰ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনজাতীয় মাতৃসকলকে প্ৰমুখ্য কৰি মাতৃসকলৰ মাজত ৰক্তহীনতা আৰু কম ওজনৰ নৱজাতকৰ প্ৰত্যাহ্বান হ্ৰাস কৰাকে ধৰি প্ৰসূতি স্বাস্থ্য সেৱা প্ৰদানৰ বাবে নিম্ন-উল্লেখিত পদক্ষেপসমূহ গ্ৰহণ কৰিছেঃ

  • সুৰক্ষিত মাতৃত্ব আশ্বাসন (SUMAN)-ৰ জৰিয়তে জনস্বাস্থ্য সুবিধাসমূহলৈ অহা প্ৰতিগৰাকী মহিলা আৰু নৱজাতকক বিনামূলীয়াকৈ নিশ্চিত, মৰ্য্যাদাপূৰ্ণ, সন্মানজনক আৰু গুণগত স্বাস্থ্যসেৱা প্ৰদানেৰে প্ৰসূতি আৰু নৱজাতকৰ দুৰ্ভাগ্যজনক পৰিণতিৰ অৱসান ঘটোৱাৰ প্ৰয়াস কৰা হৈছে।
  • জননী শিশু সুৰক্ষা কাৰ্য্যক্ৰম (JSSK)-এ প্ৰতিগৰাকী গৰ্ভৱতীক জনস্বাস্থ্য প্ৰতিষ্ঠানত চিজাৰিয়ানকে প্ৰমুখ্য কৰি বিনামূলীয়া প্ৰসৱৰ লগতে বিনামূলীয়া পৰিবহণ, নিদান, ঔষধ, তেজ, আন-আন প্ৰয়োজনীয় সামগ্ৰী আৰু খাদ্য লাভৰ অধিকাৰ প্ৰদান কৰিছে।
  • প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (PMSMA)-এ গৰ্ভৱতীসকলক প্ৰতি মাহৰ ৯ তাৰিখে প্ৰসূতি বিশেষজ্ঞ/বিশেষজ্ঞ/চিকিৎসা বিষয়াৰ দ্বাৰা বিনামূলীয়াকৈ নিশ্চিত আৰু গুণগত মানৰ প্ৰসৱ-পূৰ্ব পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
  • বৰ্ধিত পিএমএছএমএ কৌশলে গৰ্ভৱতীসকলৰ বাবে গুণগত এএনচি নিশ্চিত কৰে, বিশেষকৈ অধিক-বিপদাশংকাৰ গৰ্ভাৱস্থা (HRP)-ৰ প্ৰসূতিসকলৰ বাবে আৰু চিনাক্তকৃত অধিক-বিপদাশংকাৰ গৰ্ভৱতীসকলৰ বাবে আৰ্থিক প্ৰৰোচনাৰ জৰিয়তে আৰু নিৰাপদ প্ৰসৱ পৰ্য্যন্ত পিএমএছএমএ ভিজিটৰ ওপৰিও আশা’-ৰ সৈতে অতিৰিক্ত ৩ ভিজিটৰ বাবে ব্যক্তিগত এইচআৰপি অনুসৰণ কৰে।
  • প্ৰসৱ-পৰৱৰ্তী যত্নক অনুকূলকৰণ লক্ষ্য হৈছে মাতৃসকলৰ বিপদাশংকাৰ চিন ধৰা পেলোৱাত গুৰুত্ব আৰোপ আৰু এনে প্ৰসূতিসকলক প্ৰসৱৰ পিছত ৰেফাৰ কৰা আৰু চিকিৎসা প্ৰদানৰ বাবে আশাসকলক প্ৰৰোচিত কৰা।
  • অংগনৱাড়ী কেন্দ্ৰসমূহত মাহেকীয়া গাঁও স্বাস্থ্য, অনাময় আৰু পুষ্টি দিৱস (VHSND)-ৰ আয়োজনেৰে সংহত শিশু বিকাশ সেৱা (ICDS)-ৰে সংগতি ৰাখি পুষ্টিকে প্ৰমুখ্য কৰি প্ৰসূতি আৰু শিশুৰ যত্নৰ ব্যৱস্থা নিশ্চিত কৰা হয়।
  • আইৰন আৰু ফলিক এচিড (IFA) হৈছে পৰিপূৰক আৰু কৃমিনাশক – গৰ্ভৱতীসকলক ৬-মাহৰ বাবে প্ৰতিদিনে এটাকৈ আইএফএ টেবলেট প্ৰদান কৰা হয় আৰু প্ৰসৱৰ পিছত মাতৃক আৰু প্ৰথম ত্ৰৈমাসিকৰ পিছত গৰ্ভৱতীসকলৰ মাজত এলবেণ্ডাজ’ল টেবলেট (৪০০ মিগ্ৰা)-ৰ ছিংগল ডজ বিতৰণেৰে ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱ হ্ৰাসৰ প্ৰয়াস কৰা হৈছে।
  • গৰ্ভৱতীসকলক খাদ্য, জিৰণি, গৰ্ভাৱস্থাৰ বিপদজনক লক্ষণ, সুবিধা আঁচনি আৰু প্ৰতিষ্ঠানিক প্ৰসৱ সম্পৰ্কে সজাগ কৰি তুলিবলৈ মাতৃ আৰু শিশু সুৰক্ষা (MCP) কাৰ্ড আৰু নিৰাপদ মাতৃত্ব পুস্তিকা বিতৰণ কৰা হয়।
  • এনেমিয়া মুক্ত ভাৰত (AMB) কৌশলৰ জৰিয়তে জীৱনচক্ৰৰ পদ্ধতিত গৰ্ভৱতী আৰু দুগ্ধপান কৰোঁৱা মাতৃকে প্ৰমুখ্য কৰি শিশু আৰু মহিলাৰ ৰক্তহীনতা দূৰ কৰাৰ প্ৰয়াস কৰা হৈছে।

পঞ্চদশ বিত্ত আয়োগৰ অধীনত অপুষ্টিৰ প্ৰত্যাহ্বানেৰে মোকাবিলা কৰিবলৈ অংগনৱাড়ী সেৱা, পোষণ অভিযান আৰু কিশোৰী ছোৱালীৰ বাবে আঁচনি (আকাংক্ষী জিলা আৰু উত্তৰ-পূৰ্বাঞ্চলত ১৪-১৮ বছৰ) আদি ভিন্ন উপাদানক মিছন সক্ষম অংগনবাড়ী আৰু পোষণ ২.০ (মিছন পোষণ ২.০)-ৰ ছাতিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে। মিছন পোষণ ২.০-ৰ অধীনত অংগনৱাড়ী কেন্দ্ৰৰ মঞ্চৰ জৰিয়তে প্ৰদান কৰা ছটা সেৱাৰ ভিতৰত পৰিপূৰক পুষ্টি অন্যতম আৰু শিশু (৬ মাহৰ পৰা ৬ বছৰ), গৰ্ভৱতী, দুগ্ধপান কৰোঁৱা মাতৃ আৰু কিশোৰী ছোৱালীক (ৰাজ্য আৰু উত্তৰ-পূবৰ আকাংক্ষী জিলাত ১৪-ৰ পৰা ১৮ বছৰ) বছৰত ৩০০ দিনৰ বাবে পুষ্টিৰ সহায় আগবঢ়োৱা হৈছে।

অংগনৱাড়ী কেন্দ্ৰসমূহত পুষ্টি প্ৰদান সমৰ্থন ব্যৱস্থাত স্বচ্ছতা সাধনৰ বাবে আইটি ব্যৱস্থাৰ সহায় লোৱা হৈছে। ‘পোষণ ট্ৰেকাৰ’ (PT) এপ্লিকেচনটো ২০২১-ৰ ১ মাৰ্চত এটা গুৰুত্বপূৰ্ণ শাসন সঁজুলি হিচাপে মুকলি কৰা হৈছিল। পোষণ ট্ৰেকাৰে নিৰ্ধাৰিত সূচকসমূহৰ ওপৰত সকলো এডব্লিউচি, এডব্লিউডব্লিউ আৰু হিতাধিকাৰীৰ নিৰীক্ষণ আৰু অনুসৰণৰ সুবিধা প্ৰদান কৰে। শিশুৰ কম ওজনক চিনাক্তকৰণৰ বাবে পোষণ ট্ৰেকাৰৰ অধীনত প্ৰযুক্তিৰ সহায় লোৱা হৈছে। ইয়াৰ দ্বাৰা অংগনৱাড়ী সেৱাসমূহৰ বাবে প্ৰায় বাস্তৱ-সময়ৰ তথ্য সংগ্ৰহৰ সুবিধা হৈছে। ২৪ টা ভাষাত এয়া উপলব্ধ।

স্বচ্ছতা বৃদ্ধিৰ বাবে পঞ্জীয়নৰ লগে-লগে আৰু টিএইচআৰ ডেলিভাৰীৰ সময়ত হিতাধিকাৰীসকললৈ এছএমএছ প্ৰেৰণ কৰা হৈছে। সেৱা প্ৰদান প্ৰক্ৰিয়াৰ ট্ৰেকিঙৰ বাবে মন্ত্ৰালয়ে টেক-হ’ম ৰেচন বিতৰণৰ অৰ্থে ফেচিয়েল ৰিকগনিচন চিষ্টেম (FRS) বিকশিত কৰিছে, যাতে পোষণ ট্ৰেকাৰত পঞ্জীয়ন কৰা উদ্দেশ্যপ্ৰণোদিত হিতাধিকাৰীসকলক সুবিধা প্ৰদান কাৰ্য্য নিশ্চিত হয়।

ইয়াৰ উপৰিও বৰ্তমানৰ হিতাধিকাৰীসকলে তেওঁলোকে লাভ কৰা সুবিধাসমূহো হিতাধিকাৰী মডিউলত চাব পাৰে। পিটি এপে সেৱাসমূহৰ সন্দৰ্ভত পৰামৰ্শদাতা ভিডিঅ'ও আগবঢ়ায়, যিয়ে জন্মৰ প্ৰস্তুতি, প্ৰসৱ, প্ৰসৱৰ পিছৰ যত্ন, স্তনপান আৰু পৰিপূৰক খাদ্যৰ বাৰ্তা প্ৰচাৰত সহায় কৰে।

পুষ্টি প্ৰদান কাৰ্য্যৰ ট্ৰেকিঙৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে টেক হ’ম ৰেচন বিতৰণৰ ক্ষেত্ৰত ফেচিয়েল ৰিকগনিচন চিষ্টেমৰ (FRS) বিকাশ সাধন কৰিছে যাতে কেৱল পোষণ ট্ৰেকাৰত পঞ্জীয়নভুক্ত উদ্দেশ্যপ্ৰণোদিত হিতাধিকাৰীসকলেহে সুবিধা লাভ কৰে। ক্ষেত্ৰভিত্তিক কৰ্মীসকলৰ জবাবদিহিতা বৃদ্ধিৰ বাবে আৰু যোগ্য হিতাধিকাৰীসকলক তেওঁলোকৰ উচিত প্ৰাপ্য প্ৰদানৰ অৰ্থে এফআৰএছ ৰূপায়ণ কৰা হৈছে। ২০২৫-ৰ ১ জুলাইৰ পৰা টিএইচআৰ বিতৰণৰ বাবে এফআৰএছ বাধ্যতামূলক কৰা হৈছে।

তদুপৰি, মিছন সক্ষম অংগনৱাড়ী আৰু পোষণ ২.০, পিএম কেয়াৰছ আৰু পিএমএমভিৱাই-ৰ অধীনত নাগৰিক/হিতাধিকাৰীসকলৰ অভিযোগ নিষ্পত্তিৰ বাবে মন্ত্ৰালয়ে বহুভাষিক ট’ল-ফ্ৰী হেল্পলাইন নং ১৪৪০৮ স্থাপন কৰিছে। পোষণ হেল্পলাইনত লাভ কৰা অভিযোগসমূহ কল চেন্টাৰৰ কাৰ্য্যবাহীয়ে সমাধান কৰে বা সমাধানৰ বাবে সংশ্লিষ্ট এডব্লিউডব্লিউ/ তত্বাৱধায়ক/ চিডিপিঅ’লৈ স্থানান্তৰ কৰে।

মন্ত্ৰালয়ে পোষণ ভী পঢ়াই ভী পদক্ষেপৰ অধীনত সামৰ্থ্য বিকাশৰ কামো অব্যাহত ৰাখিছে। ইয়াৰে প্ৰশিক্ষণৰ কেছকেডিং মডেল জড়িত হৈ আছে। সাবিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠান (SPNIWCD)-ৰ জৰিয়তে মাষ্টাৰ প্ৰশিক্ষক (যেনেঃ জিলা বিষয়া, ব্লক সমন্বয়ক আৰু তত্বাৱধায়ক)-ক প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু মাষ্টাৰ প্ৰশিক্ষকসকলে প্ৰত্যক্ষভাৱে সকলো অংগনৱাড়ী কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰে। ইয়াৰ উপৰিও পোষণ ট্ৰেকাৰ এপ্লিকেচনৰ ব্যৱহাৰ সন্দৰ্ভত অংগনৱাড়ী কৰ্মীসকলৰ বাবে পোনপটীয়াকৈ ক্ষেত্ৰ পৰ্য্যায়ৰ প্ৰশিক্ষণ/কৰ্মশালা নিয়মিতভাৱে অনুষ্ঠিত কৰা হৈছে। ভাৰ্চুৱেল আৰু ফিজিকেল উভয় দিশতে একাধিক ৰাউণ্ডৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছে।

৩১-০৭-২০২৫ লৈকে পোষণ ভী পঢ়াই ভী কাৰ্য্যসূচীৰ অধীনত সমগ্ৰ দেশতে ৪১,৪০২ এছএলএমটি (চিডিপিঅ’, তত্বাৱধায়ক আৰু অতিৰিক্ত সমল ব্যক্তি) আৰু ৫,৮১,৩২৬ এডব্লিউডব্লিউক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে আৰম্ভ কৰা পিএম জনমান মিছনৰ লক্ষ্য হৈছে ১৮ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত বসবাস কৰা ৭৫ টা বিশেষভাৱে দুৰ্বল জনজাতি গোট (PVTG)-ৰ লক্ষ্যভিত্তিক উন্নয়ন সাধন। এই মিছনে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়কে প্ৰমুখ্য কৰি ৯ টা মূল মন্ত্ৰালয়ৰ সৈতে জড়িত ১১ টা গুৰুত্বপূৰ্ণ মধ্যবৰ্তিতাত গুৰুত্ব আৰোপ কৰে। আজিলৈকে সমগ্ৰ দেশতে পিএম জনমানৰ অধীনত মুঠ ২৫০০ এডব্লিউচি নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছে।

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনজাতীয় সংখ্যাগৰিষ্ঠ অঞ্চল আৰু আকাংক্ষী ব্লক অনুসূচিত জনজাতি গাঁৱৰ জনজাতীয় পৰিয়ালৰ চেচুৰেচন ক’ভাৰেজৰ অভিযোজনাৰে জনজাতীয় সমাজসমূহৰ আৰ্থ-সামাজিক অৱস্থাৰ অগ্ৰগতি সাধনৰ লক্ষ্যৰে ধৰতী আবা জনজাতি গ্ৰাম উন্নত অভিযান (DAJGUA) আৰম্ভ কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ মধ্যবৰ্তিতাৰ ভিতৰত ২০০০ নতুন সক্ষম এডব্লিউচি স্থাপন আৰু ৬০০০ বৰ্তমানৰ এডব্লিউচিক ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈ সক্ষম এডব্লিউচিলৈ উন্নীতকৰণ কাৰ্য্য অন্তৰ্ভুক্ত হৈছে।

মহিলা আৰু শিশু বিকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী সাবিত্ৰী ঠাকুৰে আজি লোকসভাত এটা প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰে।

*****

SS/MS/SB


(Release ID: 2154579)