তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ষ্টাৰ্টআপ এক্সিলেটৰ প্লেটফৰ্ম ৱেভেক্সে কলাসেতু আৰু ভাষাসেতু প্ৰত্যাহ্বানসমূহৰ বাবে জমা দিয়াৰ বাবে চূড়ান্ত আহ্বান জাৰি কৰিছে

প্ৰফাইল আপডেট আৰু নথিপত্ৰ আপলোডৰ অন্তিম তাৰিখ ৯ আগষ্ট ২০২৫

Posted On: 08 AUG 2025 6:23PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ ষ্টাৰ্টআপ এক্সিলেটৰ প্লেটফৰ্ম ৱেভএক্সে কলাসেতু চেলেঞ্জ আৰু ভাষাসেতু চেলেঞ্জত অংশগ্ৰহণ কৰা সকলো পঞ্জীয়নভুক্ত ষ্টাৰ্টআপক  ২০২৫ চনৰ ৯ আগষ্টৰ ভিতৰত তেওঁলোকৰ প্ৰফাইল আপডেট সম্পূৰ্ণ কৰিবলৈ আৰু সকলো বাকী থকা নথিপত্ৰ আপলোড কৰিবলৈ চূড়ান্ত জাননী জাৰি কৰিছে।

মূল্যায়ন প্ৰক্ৰিয়া শক্তিশালী কৰিবলৈ অনলাইন পৰ্টেলৰ প্ৰফাইল অংশত নতুন ক্ষেত্ৰ সংযোজন কৰা হৈছে। সকলো অংশগ্ৰহণকাৰীয়ে এই বিৱৰণসমূহ আপডেট কৰিব লাগিব আৰু তেওঁলোকৰ নূন্যতম কাৰ্য্যক্ষম ধাৰণা (এমভিচি) আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰসমূহ নিৰ্ধাৰিত বিন্যাসত আপলোড কৰাটো নিশ্চিত কৰিব লাগিব। অফিচিয়েল পৰ্টেল: https://wavex.wavesbazaar.com/ যোগে আপডেট কৰিব পাৰিব।

দুয়োটা প্ৰত্যাহ্বানৰ মূল্যায়ন ২০২৫ চনৰ ১০ আগষ্টৰ পৰা আৰম্ভ হ’ব। সময়ৰ পিছত পোৱা জমা দিয়া তথ্যসমূহ বিবেচনা কৰা নহ’ব। ষ্টাৰ্টআপসমূহক শেষ মুহূৰ্তৰ কাৰিকৰী অসুবিধাৰ পৰা হাত সাৰিবলৈ সকলো আপডেট বহু আগতেই সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

কলাসেতুৰ বিষয়ে

কলাসেতু চেলেঞ্জৰ লক্ষ্য হৈছে ৰাজহুৱা যোগাযোগ সংস্থাসমূহক বাস্তৱ সময়ত চৰকাৰী তথ্যসমূহক আঞ্চলিকভাৱে অনুনাদী বিন্যাস যেনে ইনফ'গ্ৰাফিক ভিজুৱেল, প্ৰসংগভিত্তিক ভিডিঅ' ব্যাখ্যাকাৰী, আৰু অডিঅ' নিউজ কেপচুললৈ গতিশীলভাৱে ৰূপান্তৰিত কৰিবলৈ সক্ষম কৰি তোলা।

ভাষাসেতুৰ বিষয়ে

ভাষাসেতু চেলেঞ্জে ষ্টাৰ্টআপসমূহক ১২টা ভাৰতীয় ভাষাত বাস্তৱ সময়ৰ অনুবাদ, লিপান্তৰ, আৰু কণ্ঠ থলুৱাকৰণৰ বাবে এআই-চালিত সঁজুলি বিকশিত কৰিবলৈ আমন্ত্ৰণ জনায়।

দুয়োটা প্ৰত্যাহ্বানেই উদ্ভাৱন-নেতৃত্বাধীন উদ্যোগীকৰণ আৰু ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ বহল পদক্ষেপৰ অংশ।

জমা দিয়াৰ সম্পৰ্কে বিশদ নিৰ্দেশনা আৰু নিয়মাৱলীৰ বাবে অংশগ্ৰহণকাৰীসকলে চাব পাৰে: https://wavex.wavesbazaar.com/important-update-kalaasetu-challenge.html

 

*****

Dharmendra Tewari/ Navin Sreejith/AA


(Release ID: 2154519)
Read this release in: English , Urdu , Hindi , Malayalam