বিত্ত মন্ত্ৰালয়
বিত্তীয় অন্তৰ্ভুক্তি শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বহুকেইটা ব্যৱস্থা; ২০১৪ চনৰ পৰা খোলা হৈছে ৫৫.৯০ কোটিতকৈ অধিক জন ধন একাউণ্ট
আৰম্ভণিৰে পৰাই মুদ্ৰা যোজনাৰ অধীনত প্ৰায় ৫৪ কোটি ঋণৰ নামত ৩৫.১৩ লাখ কোটি টকাতকৈও অধিক ধন অনুমোদন কৰা হৈছে
চৰকাৰে ঋণ মূল্যায়ন শক্তিশালী কৰিবলৈ আৰু আনুষ্ঠানিক ঋণৰ প্ৰৱেশৰ সম্প্ৰসাৰণৰ বাবে প্ৰযুক্তি তথা বিকল্প তথ্যৰ সহায় লৈছে
Posted On:
04 AUG 2025 6:17PM by PIB Guwahati
চৰকাৰে বিত্তীয় অন্তৰ্ভুক্তিক অধিক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে , যাতে মৌলিক বেংকিং সেৱাৰ সুবিধাৰ ফলত ঋণৰ সুবিধাকে ধৰি আনুষ্ঠানিক বিত্তীয় ব্যৱস্থাত অৰ্থপূৰ্ণ অংশগ্ৰহণ বৃদ্ধি পায়। ২০১৪ চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী জন ধন যোজনা (পিএমজেডিৱাই) আৰম্ভ হোৱাৰ লগে লগে ৰুপে ডেবিট কাৰ্ড আৰু ইন-বিল্ট অভাৰড্ৰাফ্টৰ সুবিধাৰ দৰে সংশ্লিষ্ট বৈশিষ্ট্যসমূহৰ সৈতে মৌলিক চেভিংছ বেংক জমা একাউণ্ট খোলাৰ সুবিধা প্ৰদান কৰি বেংক একাউণ্ট নথকাসকলৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজিৰ তাৰিখলৈকে পিএমজেডিৱাইৰ অধীনত ৫৫.৯০ কোটিৰো অধিক একাউণ্ট খোলা হৈছে।
চৰকাৰে অন্যান্য বিষয়ৰ লগতে ঋণ অন্তৰ্ভুক্তি জমা অন্তৰ্ভুক্তিৰ পৰিপূৰক হোৱাটো নিশ্চিত কৰিবলৈ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে, পুঁজি লাভ নকৰাসকলৰ বাবে পুঁজিৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে:
১.প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পিএমএমৱাই) আৰম্ভ কৰা হৈছিল আৰু ই ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগসমূহক ২০ লাখ টকা পৰ্যন্ত বন্ধকীমুক্ত ঋণ প্ৰদান কৰে, যাৰ ফলত আত্ম সংস্থাপন আৰু আয় আহৰণৰ পথ প্ৰশস্ত হয়। আৰম্ভণিৰে পৰাই এই আঁচনিৰ অধীনত ৩৫.১৩ লাখ কোটিৰো অধিক ধনৰ ৫৩.৮৫ কোটি ঋণ অনুমোদন কৰা হৈছে।
২.অনুসূচিত জাতি/জনজাতি আৰু মহিলা উদ্যোগী, পদপথৰ ব্যৱসায়ী, শিপিনী আৰু অন্যান্য ক্ষুদ্ৰ উদ্যোগৰ বাবে ঋণৰ সুবিধা সম্প্ৰসাৰণৰ অৰ্থে ষ্টেণ্ড-আপ ইণ্ডিয়া (এছ ইউ পি আই), পি এম ষ্ট্ৰীট ভেণ্ডৰৰ আত্মনিৰ্ভৰ নিধি (পি এম স্বনিধি), পি এম বিশ্বকৰ্মা আৰু প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (পি এম ই জি পি)ৰ দৰে নিৰ্দিষ্ট আঁচনি ৰূপায়ণ কৰা হৈছে।
৩.ঋণ নিশ্চয়তা ব্যৱস্থা: ইয়াত ক্ষুদ্ৰ উদ্যোগৰ বাবে ঋণ নিশ্চয়তা পুঁজি (চিজিএফএমইউ) আৰু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ঋণ নিশ্চয়তা পুঁজি ট্ৰাষ্ট (চিজিটিএমএছই) অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে ঋণদাতাৰ বাবে ঋণৰ বিপদাশংকা হ্ৰাস কৰে আৰু অৱহেলিত খণ্ডসমূহক আনুষ্ঠানিক ঋণ প্ৰদানত উদগনি যোগায়।
গতানুগতিক ঋণৰ ইতিহাস নথকা ব্যক্তিসকলৰ বাবে ঋণ মূল্যায়নৰ কাঠামো শক্তিশালী কৰিবলৈ চৰকাৰে প্ৰযুক্তি তথা বিকল্প তথ্যৰ উৎসৰ সহায় লৈছে:
১.কৃষক আৰু সমাজৰ প্ৰান্তীয় সম্প্ৰদায়কে ধৰি আত্মসহায়ক গোট (এছ এইচ জি) ঋণগ্ৰহণকাৰী আৰু গ্ৰাম্য জনসাধাৰণৰ ঋণ মূল্যায়নত সহায়ক হোৱাকৈ এটা গ্ৰামীন ক্ৰেডিট স্ক’ৰ ঘোষণা কৰা হৈছে। এই পদক্ষেপে ঋণ প্ৰদান সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণৰ গুণগত মান তথা এইবিষয়ত বস্তুনিষ্ঠতা বৃদ্ধি কৰিব আৰু গ্ৰাম্য অঞ্চলত আনুষ্ঠানিক ঋণৰ উন্নত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
২.ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ দ্বাৰা এমএছএমইৰ বাবে নতুন ডিজিটেল ক্ৰেডিট মূল্যায়ন কাঠামোৱে আয়কৰ ৰিটাৰ্ণ, জিএছটি ফাইলিং আৰু ইউটিলিটি পেমেণ্টৰ পৰা সংহত তথ্যৰ ব্যৱহাৰ কৰা হৈছে, যাতে দ্ৰুত আৰু অধিক নিখুঁত ঋণ মূল্যায়ন সম্ভৱ হয়।
৩. ঋণ বিচৰাসকলক যোগ্য চৰকাৰী আঁচনিৰ সৈতে সংযোগ কৰিবলৈ জন সামৰ্থ পৰ্টেল নামৰ এক ঐক্যবদ্ধ ডিজিটেল প্লেটফৰ্ম আৰম্ভ কৰা হৈছে। ফলত এই বিষয়ত স্বচ্ছতা বৃদ্ধি পাইছে, ঋণ প্ৰক্ৰিয়াকৰণৰ সময় হ্ৰাস পাইছে আৰু প্ৰসাৰৰ ক্ষেত্ৰত উন্নতি হৈছে।
ইয়াৰ উপৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে কৃষি, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, সমাজৰ দুৰ্বল শ্ৰেণী আৰু অৰ্থনীতিৰ অন্যান্য অৱহেলিত হৈ থকা অঞ্চলৰ দৰে খণ্ডলৈ ঋণৰ প্ৰবাহ নিশ্চিত কৰিবলৈ প্ৰায়োৰিটি ছেক্টৰ লেণ্ডিং (পি এছ এল)ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই সংহত প্ৰচেষ্টাসমূহৰ জৰিয়তে চৰকাৰে এয়া নিশ্চিত কিব বিচাৰিছে যে বিত্তীয় অন্তৰ্ভুক্তি কেৱল বেংক একাউণ্টৰ খোলাৰ পৰাই সময়মতে আৰু সুলভ মূল্যৰ ঋণৰ ন্যায্য প্ৰৱেশক সামৰি লয়, যাৰ ফলত বিত্তীয় অন্তৰ্ভুক্তিয়ে প্ৰসাৰতা লাভ কৰে।
এই তথ্য বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পংকজ চৌধাৰীয়ে আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত প্ৰকাশ কৰে।
NB/AD/DM
(Release ID: 2152390)