বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ডিজিটেল পেমেণ্ট লেনদেনক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ লগতে অন্যান্য বিত্তীয় প্ৰতিষ্ঠানে গ্ৰহণ কৰিছে একাধিক পদক্ষেপ

বিত্তীয় অন্তৰ্ভুক্তি চৰকাৰৰ প্ৰধান অগ্ৰাধিকাৰ; সমবায় সমিতি আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ স্বচ্ছতাৰ দিশটো নিয়ন্ত্ৰণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰা হৈছে নানান পদক্ষেপ

प्रविष्टि तिथि: 04 AUG 2025 6:16PM by PIB Guwahati

ডিজিটেল পেমেণ্ট লেনদেনৰ প্ৰসাৰৰ বাবে চৰকাৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত   বিষয়সমূহৰ  ভিতৰত আছে ৰূপে ডেবিট কাৰ্ড আৰু কম মূল্যৰ  ভীম (বিএইচআইএম)-ইউপিআই লেনদেন (পিটুএম)ৰ প্ৰচাৰৰ বাবে উদগনিমূলক আঁচনি, পিছপৰি থকা অঞ্চলত ডিজিটেল পেমেণ্ট আন্তঃগাঁথনি নিয়োগক সমৰ্থন কৰিবলৈ পেমেণ্ট আন্তঃগাঁথনি উন্নয়ন পুঁজি (পিআইডিএফ) আদি ।

 

ইয়াৰ উপৰি পেমেণ্ট সম্পৰ্কীয় জালিয়াতি ৰোধ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে , যেনে গ্ৰাহকৰ মোবাইল নম্বৰ আৰু ডিভাইচৰ মাজত ডিভাইচ বাইণ্ডিং, পিনৰ জৰিয়তে দুটা কাৰকৰ প্ৰমাণীকৰণ, দৈনিক লেনদেনৰ সীমা আৰু ব্যৱহাৰৰ ক্ষেত্ৰত বাধা। এনপিচিআইয়ে সকলো বেংককে এআই/এমএল ভিত্তিক আৰ্হি  ব্যৱহাৰ কৰি সতৰ্কবাণী  প্ৰদান  আৰু লেনদেন অস্বীকাৰ কৰিবলৈ এটা জালিয়াতি নিৰীক্ষণ সমাধানো প্ৰদান কৰা হৈছে । আৰ বি আই আৰু বেংকসমূহে চাইবাৰ অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত সংক্ষিপ্ত এছ এম এছ, ৰেডিঅ’ৰ জড়িয়তে প্ৰচাৰ অভিযান আদিৰ জৰিয়তে সজাগতা অভিযান চলাই আহিছে।

বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে সমবায় সমিতি আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ নিয়ন্ত্ৰণ তথা স্বচ্ছতা বৃদ্ধিৰ বাবে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত বিষয়সমূহৰ  ভিতৰত আছে:

 

আৰ বি আইয়ে সকলো ক্ষুদ্ৰ বিত্তীয় সংস্থাক ঋণৰ মূল্য নিৰ্ধাৰণৰ বাবে ব’ৰ্ডৰ অনুমোদিত নীতি গ্ৰহণ কৰিবলৈ কৈছে। ইয়াত এটা স্বচ্ছ সূদৰ হাৰৰ আৰ্হি যিয়ে  পূঁজিৰ খৰচ , ৰিস্ক প্ৰিমিয়াম  আৰু মাৰ্জিন সামৰি লোৱা পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছে।

 

ক্ষুদ্ৰ বিত্তীয় ঋণৰ সংজ্ঞা সৰল কৰি এনবিএফচি-এমএফআইয়ে দিয়া ঋণ সম্পৰ্কীয় বিভিন্ন পৰিমাণগত বাধা আঁতৰোৱা হৈছে, য’ত এটা বিশেষ চক্ৰত ঋণৰ পৰিমাণৰ সীমা আৰু এটা বিশেষ সীমাৰ ওপৰৰ ঋণৰ বাবে নূন্যতম কাৰ্যকাল অন্তৰ্ভুক্ত কৰা হৈছে।

 

চিকিৎসা, শিক্ষা আৰু আয় বৃদ্ধি কৰাৰ উদ্দেশ্যে ঋণৰ প্ৰয়োজনীয়তা কথা  বিবেচনা কৰি আয়  বৃদ্ধিৰ বাবে নূন্যতম ৫০% ঋণ প্ৰদানৰ পূৰ্বৰ প্ৰয়োজনীয়তাৰ কথা প্ৰত্যাহাৰ কৰা  হৈছে।

এই তথ্য বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পংকজ চৌধাৰীয়ে আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত প্ৰকাশ কৰে।

 NB/AD/DM


(रिलीज़ आईडी: 2152389) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Khasi , English , Urdu , हिन्दी , Tamil